টীয়ক, 14 জানুৱাৰী : উৰুকা উপলক্ষ্যে মঙলবাৰে ৰাজ্যৰ বিভিন্ন স্থানৰ বজাৰসমূহত মুকলি কৰা হৈছে দৈ, চিৰা, মুৰি, পিঠা, মাছ-মাংসকে ধৰি বিভিন্ন থলুৱা সামগ্ৰী ৷ যোৰহাটৰ টিয়ক অঞ্চলো ইয়াৰ ব্যতিক্ৰম নহয় ৷ টীয়কৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু জাঁজীমুখ বজাৰতো ভকত গাঁৱৰ দিগন্ত বৰা নামৰ এজন শিক্ষিত যুৱকে পাঁচশৰো অধিক দৈৰ টেকেলি আৰু প্ৰায় এক কুইন্টল ক্ৰীম প্ৰস্তুত কৰি সোমবাৰৰ পৰা বজাৰত মুকলি কৰিছে ৷
নাগৰিকত্ব সংশোধনী আইন বিৰোধৰ সমান্তৰালকৈ জাতীয় কৃষ্টি-সংস্কৃতি বৰ্তাই ৰখাৰ হেতুকে মুকলি কৰা হৈছে এই বজাৰ ৷ দিগন্ত বৰাই বহু কষ্টৰে দৈ, ক্ৰীম প্ৰস্তুত কৰি ৰাইজৰ হেঁপাহ পূৰণ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ৷ এনেদৰেই নিজ অঞ্চলটোৰ ঐতিহ্য ৰক্ষা তথা কৰ্ম সংস্কৃতি গঢ় দিয়াৰ লগতে পৰিয়ালৰ স্বাৱলম্বীতাৰ পথো সুগম কৰিছে এইজন উদীয়মান যুৱকজনে ৷
আৰু পঢ়ক : ৰঙা টুপীৰ আঁৰৰ কাহিনী