টীয়ক, 13 আগষ্টঃ যোৰহাট জিলাৰ টীয়কৰ জাঁজীমুখত পশু চিকিৎসা শিবিৰ অনুষ্ঠিত হয় ৷ ৰাষ্ট্ৰীয় কৃষি বিপণন পৰিষদ আৰু কাকজান পশু চিকিৎসালয়ৰ সহযোগত এই পশু চিকিৎসা শিবিৰৰ আয়োজন কৰে । টীয়ক সমষ্টিৰ বানবিধস্ত অঞ্চল জাঁজীমুখৰ প্লেটফৰ্ম, জপং গাঁও, বেজৰচিগা, ভকত গাঁও, কুমাৰ গাঁও অঞ্চলত ৰাষ্ট্ৰীয় কৃষি বিপণন পৰিষদ আৰু কাকজান পশু চিকিৎসালয়ৰ সহযোগত এক পশু চিকিৎসা শিবিৰৰ আয়োজন কৰা হয় ।
জাঁজীমুখ প্লেটফৰ্মত অনুষ্ঠিত হোৱা বানবিধস্ত অঞ্চলসমূহৰ প্ৰায় এক হাজাৰ পশু ধনৰ টীকাকৰণকে ধৰি বিভিন্ন ঔষধ পাতি প্ৰদান কৰা হয় । কলিয়াপানী বিজেপি মণ্ডলৰ উপ-সভাপতি অভিজিত বৰুৱাই উদ্দেশ্য বাখ্যা কৰা চিকিৎসা শিবিৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৰাষ্ট্ৰীয় কৃষি বিপনণ পৰিষদৰ অধ্যক্ষ পালিত কুমাৰ বৰাই । চিকিৎসা শিবিৰত বিজেপিৰ জিলা সভাপতি কামাখ্যা মোহন দাস, সম্পাদক ঈশ্বৰ প্ৰসন্ন বৰদলৈ, টীয়ক ৰাজহ চক্ৰ বিষয়া আকাশী দুৱৰা গগৈ, পশু চিকিৎসক ডাঃ প্ৰবীণ কুমাৰ নেওঁগ, কলিয়াপানী ব্লক সভাপতি দীপক শইকীয়া প্ৰমুখ্যে দলীয় কৰ্মকর্তাসকল উপস্থিত থাকে ।
লগতে পঢ়ক- মৰিগাঁৱৰ কৃষকৰ উদ্ভাৱন ইন্ধনবিহীন ভূঁই ৰোৱা যন্ত্ৰ