ETV Bharat / city

নীতিহাবৰ উদ্যোগত ১৭ গৰাকী সম্ভাৱনাপূৰ্ণ উদ্যোগীক ১.৫১ কোটি টকাৰ চেক বিতৰণ

অসম কৃষি বিশ্ববিদ্যালয়ৰ (Assam agricultural university) কৃষি প্ৰযুক্তি উষ্মায়ক কেন্দ্ৰ (নীতিহাব)ৰ উদ্যোগত ১৭ গৰাকী সম্ভাৱনাপূৰ্ণ উদ্যোগীক ১.৫১ কোটি টকাৰ চেক বিতৰণ । সবিশেষ জানো আহক ৷

author img

By

Published : Apr 24, 2022, 9:40 PM IST

financial aid to agricultural entreprenurs by aau
নীতিহাবৰ উদ্যোগত ১৭ গৰাকী সম্ভাৱনাপূৰ্ণ উদ্যোগীক ১.৫১ কোটি টকাৰ চেক বিতৰণ

যোৰহাট, ২৪ এপ্ৰিল : যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত অৱস্থিত নীট ই হাব তথা অটল ইনক্যুবেশ্যন চেন্টাৰে ২০২০-২১ বৰ্ষৰ কৃষি আৰু আনুষংগিক খণ্ডৰ ১৭ গৰাকী সম্ভাৱনাপূৰ্ণ উদ্যোগীক ১ কোটি ৫১ লাখ টকাৰ অৰ্থসাহাৰ্য প্ৰদান কৰিছে (financial aid to agricultural entreprenurs) । ভাৰত চৰকাৰৰ কৃষি সমবায় তথা কৃষক কল্যাণ মন্ত্ৰালয়ৰ তৰফৰ পৰা ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ দ্বাৰা কৃষি আৰু আনুসংগিক খণ্ডসমুহৰ পুনৰ উজ্জীৱিত উদ্দেশ্যে প্ৰৱৰ্তিত 'ৰাফটাৰ' ৰ অধীনত ২০ এপ্ৰিল তাৰিখে এই অৰ্থসাহাৰ্যৰ চেক প্ৰদান কৰা হয় ।

financial-aid-to-agricultural-entreprenurs-by-aau

উত্তৰ পূব ভাৰতৰ ৰাজ্যকেইখনৰ ভিতৰত নিৰ্বাচিত সম্ভাৱনাপূৰ্ণ উদ্যোগীসকলক ইশ্বান্যাৰ আচনিৰ অধীনত ৮ জনক প্ৰত্যেককে ৫ লাখ টকাৰ চেক আৰু স্বাৰেন্যা অধীনত ৯ জনক ২০ লাখ টকাকৈ এই ধনৰাশিৰ চেক বিতৰণ কৰা হয় । বিশ্ববিদ্যালয়ৰ নীটীহাবৰ কাৰ্যালয়ত অনুষ্ঠিত বিশেষ অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞানগুৰু ড° জয়ন্ত ডেকা আৰু সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড° প্ৰসন্ন কুমাৰ পাঠকে চেকসমুহ বিতৰণ কৰে ।

নীতিহাবৰ সঞ্চালক ড° ডানিছ তামুলীয়ে আদৰণি ভাষণ আগবঢ়োৱা অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে বক্তব্যত ড° ডেকাই উদ্যোগীসকলক নিয়োগকৰ্তা হিচাপে নিজকে প্ৰতিষ্ঠিত কৰি নিৱনুৱা সমস্যা সমাধানৰ দিশত পদক্ষেপ লবলৈ আহ্বান জনাই । নতুন উদ্যোগী সৃষ্টিৰ ক্ষেত্ৰতো তেখেতসকলৰ কৰণীয় থাকিব বুলি উল্লেখ কৰে ।

উল্লেখ্য যে নীতিহাবে ইশ্বান্যাৰ আৰু স্বাৰেন্যা আঁচনিৰ জৰিয়তে উত্তৰ পূৱৰ কৃষি আৰু আনুসংগিক ক্ষেত্ৰৰ সম্ভাৱনাপূৰ্ণ উদ্যোগীক সকলো ধৰণৰ সহায় সহযোগিতাৰে উদ্যোগৰ আন্তগাঠনি সবল কৰাত চেষ্টা চলাই আহিছে । ইতিমধ্যে এই কৰ্মসূচীয়ে কৃষি উদ্যোগীৰ নতুন ধাৰণা সৃষ্টি কৰাই নহয় উত্তৰ পূব ভাৰতৰ কৃষি উদ্যোগ,কৃষি উদ্যোগী আৰু কৃষি অৰ্থনীতিৰ দিশত নতুন সম্ভাৱনীয়তাৰ প্ৰতিশ্ৰুতি বহণ কৰিছে ।

লগতে পঢ়ক : কংগ্ৰেছৰ শূণ্য প্ৰদৰ্শন: অভিলেখ সৃষ্টি কৰি গেৰুৱা হ’ল গুৱাহাটী পৌৰ নিগম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.