ETV Bharat / city

হৰি নামৰ ধ্বনিত মুখৰিত শ্ৰী শ্ৰী আউনীআটী সত্ৰ

author img

By

Published : Aug 20, 2020, 5:23 PM IST

সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হয় গুৰুজনাৰ তিৰোভাৱ তিথি ৷ সকলো নামঘৰতেই পুৱাৰে পৰা বৰগীত, নাম কীৰ্তন, দিহানাম, বহানাম গাই-গাই মুখৰিত কৰে আকাশ-বতাহ ৷

death anniversary of srimanta sankardev celebration in assams Aouniati Satra Teok
হৰি নামৰ ধ্বনিত মুখৰিত শ্ৰী শ্ৰী আউনীআটী সত্ৰ

টীয়ক, 20 আগষ্টঃ আজি মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ পবিত্ৰ তিৰোভাৱ তিথি । হৰি নামৰ ধ্বনিত মুখৰিত হৈ পৰিছে সমগ্ৰ ৰাজ্য ৷ সকলো ভকত-বৈষ্ণৱে নামঘৰ সমূহত উলম- মালহেৰে পালন কৰিছে গুৰুজনাৰ তিৰোভাৱ তিথি ৷

একেদৰে, যোৰহাট জিলাৰ টীয়কৰ কলিয়াপানীস্থিত ঐতিহাসিক শ্ৰী শ্ৰী আউনীআটী সত্ৰত অসমীয়া সমাজৰ ত্ৰাণকৰ্তা মহাপুৰুষ শংকৰদেৱৰ তিৰোভাৱ তিথিভাগ অনুষ্টুপীয়াকৈ পালন কৰা হয় । দেশত কৰ'ণা মহামাৰীয়ে সৃষ্টি কৰা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেৱল পৰম্পৰা ৰক্ষা কৰি গুৰুজনাৰ তিৰোভাৱ তিথি উদযাপন কৰা হৈছে ৷ বিগত বৰ্ষৰ দৰে আজি অনুষ্ঠিত হোৱা তিৰোভাৱ তিথিভাগত ভকত-বৈষ্ণৱৰ সমাগম কিছু হ্ৰাস পোৱা পৰিলক্ষিত হৈছে ।

লগতে পবিত্ৰ এই ভাদমাহৰ প্ৰতিটো দিনত কেৱল সংস্কৃত ভাগৱত ব্যাখ্যা, নাম-প্ৰসংগ, দিহানাম অনুষ্ঠিত হ'ব ৷ আজিৰ এই বিশেষ দিনটোত সন্ধিয়াভাগলৈ ভাগৱত পঢ়াৰ এক অনুষ্ঠান আয়োজনৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিছে ভাদমহীয়া পাল নাম পৰিচালনা সমিতিৰ মুখ্য সম্পাদক গৰাকীয়ে।

লগতে পঢ়ক- গুৰুজনাৰ হৰি নামৰ ধ্বনিত মুখৰিত পবিত্ৰ বটদ্ৰৱা থান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.