তিতাবৰ, 4 মে': সমগ্ৰ ৰাজ্যতেই এতিয়া ক'ভিডে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পাছতো সচেতন হোৱা নাই একাংশ লোক। দেশত দৈনিক ক'ভিডত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে হাজাৰ হাজাৰ লোক ৷ ইয়াৰ পাছতো যেন ক'ভিডক লৈ একাংশ অচেতন লোকে ল'ৰা ধেমালি কৰাৰ বাতৰি পোহৰলৈ আহিছে।
মঙলবাৰে তিতাবৰৰ বেকাজান সাপ্তাহিক বজাৰতো পৰিলক্ষিত হৈছে তেনে এক দৃশ্য। কৰ’ণা প্ৰতিৰোধৰ বাবে চৰকাৰ তথা প্ৰশাসনে জাৰি কৰা ক'ভিডৰ নীতি নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই ব্যাপক জন সমাৱেশেৰে অনুস্থিত হৈছে সাপ্তাহিক বজাৰখন।
তাৰোপৰি বজাৰ খনত উপস্থিত হোৱা লোক সকলে সামাজিক দূৰত্ব বজাই নৰখাৰ উপৰিও মাস্কৰ পৰিধান নকৰাকৈ ভীৰ কৰা পৰিলক্ষিত হৈছে ৷ ইতিমধ্যে যোৰহাট জিলাখনত শতাধিক লোক কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক-বৰপেটাত ভাৰতীয় ষ্টেট বেংকৰ দুজন কৰ্মচাৰী কৰ’ণাত আক্ৰান্ত