ETV Bharat / city

যোৰহাটৰ ৰাজপথত কিয় সাংবাদিকৰ ৰূপ ল’লে ৰাণা গোস্বামী আৰু বিকাশ উপাধ্যায়ে - অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

ৰাজ্যত অত্যাধিক হাৰত বৃদ্ধি পাব ধৰিছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ৷ GSTৰ ফলত জুৰুলা হৈছে সৰ্বসাধাৰণ ৰাইজ ৷ এনে পৰিস্থিতিত জনতাৰ অৱস্থাৰ বুজ ল’বলৈ ৰাজপথলৈ ওলাই আহিল প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী আৰু দলৰ উজনি অসমৰ তত্বাৱধায়ক বিকাশ উপাধ্যায় ৷ সাংবাদিকৰ ৰূপত জনতাৰ পৰা মতামত গ্ৰহণ কৰিলে নেতাদ্বয়ে(Congress Protest against Price hike) ৷

Congress Protest against Price hike in Jorhat
যোৰহাটৰ ৰাজপথত কিয় সাংবাদিকৰ ৰূপ ল’লে ৰাণা গোস্বামী আৰু বিকাশ উপাধ্যায়ে
author img

By

Published : Aug 25, 2022, 8:06 PM IST

যোৰহাট, 25 আগষ্ট: যোৰহাটৰ ৰাজপথত এদল সাংবাদিক । নগৰৰ পদপথ আৰু বজাৰত দেখা গৈছে সাংবাদিকৰ প্ৰশ্ন আৰু সৰ্বসাধাৰণ ৰাইজৰ উত্তৰ । ইয়াকে দেখি ৰাইজৰ মাজত ব্যাপক উৎকন্ঠা । প্ৰকৃততে সাংবাদিকৰ ৰূপ লৈ ই এক ব্যতিক্ৰমী প্ৰতিবাদহে । মূল্যবৃদ্ধিৰ ৰামটাঙোন শীৰ্ষক এক কাৰ্যসূচী লৈ কংগ্ৰেছৰ এক ব্যতিক্ৰমী প্ৰতিবাদ(Congress Protest against Price hike) ।

উজনি অসমৰ তত্বাৱধায়ক বিকাশ উপাধ্যায়

যোৰহাট জিলা প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত ৰূপায়ন কৰা হৈছে এই প্ৰতিবাদ(Congress Protest in Jorhat) ৷ সাংবাদিকৰ ৰূপত দেখা গ’ল হাতত টিভি চেনেলৰ বুম লৈ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী(Congress working president Rana Goswami), উজনি অসমৰ তত্বাৱধায়ক বিকাশ উপাধ্যায়কে(AICC Incharge of Upper Assam Bikash Upadhyay) ধৰি বহুকেইজন কংগ্ৰেছৰ শীৰ্ষ নেতা-কৰ্মীক ।

ৰাণা গোস্বামী আৰু বিকাশ উপাধ্যায়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি, GSTৰ ফলত সৰ্বসাধাৰণ ৰাইজ কিদৰে জুৰুলা হৈছে ইয়াৰে প্ৰতিক্ৰিয়া গ্ৰহণ কৰিলে বিভিন্নজনৰ পৰা । প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, উজনি অসমৰ তত্বাৱধায়ক বিকাশ উপাধ্যায়ে সদৰী কৰি কয় য়ে কংগ্ৰেছে সদায় ৰাইজৰ কথা ভাবে আৰু বিজেপি চৰকাৰে সদায় উদ্যোগপতি-পুঁজিপতিৰ কথা ভাবে ৷

নেতাদ্বয়ে লগতে বিজেপি চৰকাৰক শীঘ্ৰে বিদায় জনোৱাৰ বাবে আহ্বান জনায় ৷ তেওঁলোকে লগতে বিজেপি চৰকাৰক কঠোৰ ভাষাৰে তুলাধূনা দি কয় যে অৰুণোদয় আঁচনিৰ কেইটামান টকাৰ কথা ভাবিলে এদিন তেওঁলোকৰ পুত্ৰ সন্তানে খাবলৈ নাপাব, পুত্ৰ-সন্তান, সংসাৰ, পৰিয়াল শেষ হৈ যাব ৷

লগতে পঢ়ক : ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.