টীয়ক, 26 মে' : বুধবাৰে সদৌ অসম ছাত্ৰ সন্থাই টীয়কত চাৰিলেন যুক্ত পথৰ নিৰ্মাণকাৰী সংস্থাৰ ওপৰত এক গোচৰ ৰুজু কৰে । ২০১৪ চনতেই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ চাৰিলেণ যুক্ত পথলৈ সম্পসাৰণ কৰিবৰ বাবে কাম আৰম্ভ কৰা নিৰ্মানকাৰী সংস্থাই কামত ত্ৰুটিপূৰ্ণভাৱে কৰা কামৰ বাবেই গোচৰ ৰুজু কৰে ছাত্ৰ সন্থাই ৷
ত্ৰুটিপূৰ্ণভাৱে কাম সম্পন্ন কৰা বুলি বিভিন্ন সময়ত অভিযোগ উত্থাপিত হোৱাৰ লগতে বিশেষকৈ টীয়ক নগৰ অঞ্চলত নিৰ্মাণ কৰা নলাসমূহ সম্পূৰ্ণ ত্ৰুটিপূৰ্ণ ৷ যাৰ বাবে বাৰিষাৰ প্ৰথমজাক বৰষুণে টীয়ক নগৰৰ কৃত্ৰিম বানে বুৰাই পেলাইছে ৷
এই সমগ্ৰ বিষয় সমূহৰ ওপৰত বিভিন্ন দল সংগঠনে বহু বাৰ নিৰ্মাণকাৰী সংস্থা আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিৰুদ্ধে বহুবাৰ প্ৰতিবাদ কৰাৰ লগতে বিভিন্ন সংবাদ মাধ্যমত সবিস্তাৰে বাতৰি প্ৰকাশ হৈছিল ৷ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মুখ্যমন্ত্ৰীত্বৰ কালচোৱাত টীয়কলৈ আহি নিৰ্মাণকাৰী সংস্থা তথা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক ত্ৰুটিপূৰ্ণ কামবোৰ শুদ্ধ ৰূপত খৰটকীয়াকৈ কৰি যাবলৈ নিৰ্দেশ দিয়াৰ পাছতো বিভাগটোৰ গা নলৰাত বুধবাৰে টীয়কত সদৌ অসম ছাত্ৰ সন্থাই চাৰিলেণ যুক্ত পথৰ নিৰ্মাণকাৰী সংস্থাৰ ওপৰত এক গোচৰ ৰুজু কৰে ।
লগতে অতি সোণকালে উক্ত পথছোৱাৰ পুনঃনিৰ্মাণ বাবে দাবী জনায় । উল্লেখযোগ্য যে, ছাত্ৰ সন্থাই সকলো দাবী সম্বলিত এই এজাহাৰ দেশৰ প্ৰধানমন্ত্ৰী, পথ পৰিবহণ মন্ত্ৰী, ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে জিলা প্ৰশাসনলৈও প্ৰেৰণৰ ব্যৱস্থা কৰি নৱ নিযুক্ত মুখ্যমন্ত্ৰীগৰাকীৰ হস্তক্ষেপৰ বাবে আহ্বান জনায় ।
লগতে পঢ়ক : ওড়িশাত ঘূৰ্ণীবতাহ য়াছৰ ব্যাপক প্ৰভাৱ