ETV Bharat / city

Loans for self help groups: যোৰহাটত আত্মসহায়ক গোটলৈ বেংক ঋণ - Loans For Self Help Groups

যোৰহাটত শুকুৰবাৰে আত্মসহায়ক গোটসমূহৰ মাজত বিতৰণ কৰা হয় বেংক ঋণ (Bank loans provided among women self-help groups) । এই অনুষ্ঠানত খণ্ড উন্নয়ন বিষয়া কৃতিকা শৰ্মাকে ধৰি বিভিন্ন বেংকৰ বিষয়া সকলো উপস্থিত থাকে ৷

loan-mala-woman-salfal-group
যোৰহাটত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান
author img

By

Published : Feb 18, 2022, 8:30 PM IST

যোৰহাট, 18 ফেব্ৰুৱাৰী : মহিলা সৱলীকৰণৰ ক্ষেত্ৰত অসম চৰকাৰে বিভিন্ন সময়ত গ্ৰহণ কৰিছে বিভিন্ন আঁচনিৰ । বিশেষকৈ মহিলা আত্মসহায়ক গোট সমূহৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰি আহিছে । শেহতীয়াকৈ শুকুৰবাৰে যোৰহাটত মহিলা আত্মসহায়ক গোটসমূহৰ মাজত বিতৰণ কৰা হয় বেংক ঋণ (Loans for self help groups) ।

শুকুৰবাৰে অসম চৰকাৰৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত যোৰহাট বাঘচোং উন্নয়ন খণ্ডৰ পঞ্চায়ত কাৰ্যালয়ত 27খন গাঁও পঞ্চায়তৰ সৰ্বমুঠ 120 টা মহিলা আত্মসহায়ক গোটক 1 কোটি 56 লাখ টকাৰ ঋণ প্ৰদান কৰা হয় (Bank loans provided among women self-help groups)। এই অনুষ্ঠানত খণ্ড উন্নয়ন বিষয়া কৃতিকা শৰ্মাকে ধৰি বিভিন্ন বেংকৰ বিষয়া সকলো উপস্থিত থাকে ৷

যোৰহাটত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান

উল্লেখ্য যে, ৰাজ্যৰ দুখীয়া-দৰিদ্ৰ সকলক সুচলভাৱে আত্ম-সংস্থাপনৰ সুবিধা প্ৰদান কৰি সেই দৰিদ্ৰসকলৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ লগতে সক্ষম কৰি তোলাই অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ মূল লক্ষ্য ৷ লগতে মহিলা সকলক আত্ম-সংস্থাপিত কৰাৰ সমান্তৰালকৈ উদ্যমী বা শিল্পোদ্যোগী কৰি গঢ়ি তোলাতো এই অভিযানৰ মূল উদ্দেশ্য ৷

লগতে পঢ়ক : নতুন বছৰৰ দুটা মাহ সম্পূৰ্ণ নহওতেই চৰকাৰখনে ল'লে ২২৫৩ কোটি টকাৰ ঋণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.