ETV Bharat / city

মূল্য বৃদ্ধিৰ বিৰুদ্ধে যোৰহাটতত তীব্ৰ প্ৰতিবাদ

পেট্ৰ'ল- ডিজেল আৰু অত্যাৱশ্যকীয় সামগ্ৰীত এতিয়া হোৰাহোৰে বৃদ্ধি পাইছে মূল্য ৷ উক্ত ঘটনাৰ কেন্দ্ৰ কৰি এতিয়া চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিছে বিভিন্ন দল সংগঠন ৷

ASSU Protest Against Govt At Jorhat
মূল্য বৃদ্ধিৰ বিৰুদ্ধে যোৰহাটতত চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ
author img

By

Published : Jul 2, 2020, 4:18 PM IST

যোৰহাট, 2 জুলাইঃ শিৱসাগৰত দ'লমুখ চাৰিআলিত জিলা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰী সকলে পেট্ৰ'ল ডিজেল আৰু অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধি কৰাৰ বাবে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰী সকলে ৷

মূল্য বৃদ্ধিৰ বিৰুদ্ধে যোৰহাটতত চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

বৃহস্পতিবাৰে শিৱসাগৰ জিলাৰ দ'লমুখ চাৰিআলিত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আৰু শিৱসাগৰ জিলা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আছু কৰ্মী সকলে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ পেট্ৰ'ল- ডিজেল আৰু অত্যাৱশ্যকীয় সামগ্ৰীকে ধৰি নিৰ্মাণ জাতীয় সকলো সামগ্ৰীতে এতিয়া আকাশলংঘী মূল্যবৃ্দ্ধি হৈছে ৷

উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰীসভাই বুধবাৰে অনুষ্ঠিত হোৱা এখন সভাত উদ্যোগ স্থাপনৰ লক্ষ্য কৰি খিলঞ্জীয়া মানুহৰ পৰা কৃষি ভূমি কাঢ়ি ভূমি নীতি ২০২০ প্ৰণয়ন কৰাৰ এক সিদ্ধান্ত গ্ৰহণ কৰে ৷ খিলঞ্জীয়া লোক সকলৰ চৰকাৰে ভূমি হস্তক্ষেপ কৰা ঘটনাৰ বিৰুদ্ধে এক তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । অতি শীঘ্ৰে চৰকাৰক মূল্যবৃদ্ধি ৰোধ কৰিবলৈ দাবী জনোৱাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, পেট্ৰলিয়াম মন্ত্ৰী ধৰমেন্দৰ প্ৰধান , মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ প্ৰতিকৃতি দাহ কৰে ৷ লগতে খিলঞ্জীয়াৰ ভূমি বনিয়াক হস্তান্তৰ কৰাৰ কেবিনেটে সিদ্ধান্তৰ এটা প্ৰতিলিপি দাহ কৰে ৷ যদি চৰকাৰে অনাগত দিনত এইঘটনাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেনেহলে গণতান্ত্ৰিক পদ্ধতিৰে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিছে প্ৰতিবাদকাৰী সকলে ৷

লগতে পঢ়ক- ভিন্ন দাবীৰে যোৰহাটত কা-বিৰোধী ঐক্যৰ মঞ্চ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.