তেজপুৰ: চীনৰ আগ্ৰাসনৰ ৬২ বছৰ অতিক্ৰম কৰাৰ পাছত ভাৰতৰ ভূখণ্ডত চীনৰ আন এক আগ্ৰাসনৰ সম্ভাৱনা থাকিব নেকি ! এই প্ৰশ্ন এতিয়া উত্তৰ-পূবৰ ৰাজ্যসমূহৰ ৰাজনৈতিক আৰু সামাজিকভাৱে সচেতন নাগৰিকসকলৰ মাজত উত্থাপন হৈছে ৷ অৱশ্যে সেই শংকা প্ৰতিৰক্ষা বিভাগে দূৰ কৰিছে । বৰ্তমান দুয়োখন দেশে পূব প্ৰান্তত যৌথ পেট্ৰ’লিঙৰ ব্যৱস্থা হাতত লোৱা বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে তেজপুৰত মন্তব্য কৰে ।
ভাৰত চীন যুদ্ধৰ ৬২ বছৰ সম্পূৰ্ণ । দেশৰ নাগৰিকে এতিয়াও পাহৰিব পৰা নাই সেই ভয়ানক ইতিহাসৰ কথা । প্ৰায় ৮০ বছৰীয়া বৃদ্ধায়ো সোঁৱৰাই দিয়ে সেই ভয়ানক ইতিহাসৰ পাত । তেজপুৰৰ এগৰাকী বৃদ্ধা ববী শইকীয়াই ইটিভি ভাৰতক সেই দিনৰ বৃত্তান্ত দাঙি ধৰিছে এনে ধৰণে-
সেই সময়ত এগৰাকী পাট গাভৰু আৰু আজি এগৰাকী সচেতন বৃদ্ধা শইকীয়াৰ কথা শুনি আপুনি আচৰিত হ’ব । কি এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছিল ১৯৬২ চনৰ সেই সময়ছোৱাত । সেই সময়ত তেওঁ এগৰাকী কিশোৰী, কিন্তু আজিও পাহৰা নাই সেই ভয়াৱহ অতীতৰ কথা ।
তেওঁৰ ঘৰ তেতিয়াৰ শোণিতপুৰ জিলাৰ বিশ্বনাথত আৰু ৬২ ৰ যুদ্ধৰ পাছতে বোৱাৰী হৈ আহে বৰ্তমানৰ ইটখোলালৈ । এক দুৰ্যোগ আৰু ভয়াৱহ অতীত পাৰ কৰি আহিছে তেওঁ ৷
চীনা যুদ্ধৰ ইতিহাস সুঁৱৰি শইকীয়াই কয়, ‘‘মোৰ বয়স তেতিয়া ১৫ বছৰ, ভালদৰে পঢ়া শুনা কৰি আছিলোঁ ৷ কিন্তু হঠাৎ চীনৰ আক্ৰমণ নে পৰৱৰ্তী সময়ত সেয়া আন্দোলন হ’ল ধৰিবই নোৱাৰিলোঁ ।’’ বৰ্তমান তেওঁ বহু কথা পাহৰিছে যদিও মনত পৰে সেই দিনবোৰলৈ ৷ ঠিক অক্টোবৰ আৰু নৱেম্বৰ মাহতেই চীনা সৈন্যৰ আক্ৰমণ চলিছিল বৰ্তমানৰ অৰুণাচল প্ৰদেশ আৰু তেতিয়াৰ নেফাত ৷
নেফা দখল কৰাৰ পাছতে বৰ্তমানৰ অসমৰ শোণিতপুৰ জিলাৰ ইটখোলা, সদৰ তেজপুৰ, বিশ্বনাথ চাৰিআলি আদি অঞ্চলবোৰ জনশূন্য হৈ পৰিছিল ৷ সেই অঞ্চলৰ লোকসকলে তেজপুৰ চহৰৰ পৰা জাহাজ ঘাটৰে আহি নগাঁও জিলাত আশ্ৰয় গ্ৰহণ কৰিছিল ।
তেওঁ কয়, ‘‘আমি অসমীয়া বৰ্ণমালাৰ ‘দ’ আকৃতিৰ গাঁত খান্দি তাত সোমাই আছিলোঁ ৷ দিনে নিশাই আহাৰ তাতে গ্ৰহণ কৰিছিলোঁ ৷ ঘৰৰ কাঁহৰ বাচন-বৰ্তন মূল্যবান সামগ্ৰী কুঁৱাত পেলাই দিছিলোঁ, যাতে চীনা সৈন্যই একো সামগ্ৰী নিব নোৱাৰে । লগতে গাঁৱৰ সকলো লোক স্থানীয় বিদ্যালয়ত একত্ৰিত হৈ গাঁত সমূহত আশ্ৰয় লৈছিলোঁ । আমাৰ জ্যেষ্ঠসকলে সকলোকে একত্ৰিত কৰি নিৰাপদভাৱে খান্দি থোৱা গাঁতৰ ভিতৰত সোমাই থাকিবলৈ দিছিল ।’’
৮০ বছৰ গৰকা ববী শইকীয়াই কয় যে ‘‘কিছুমান লোকে পানী নথকা কুঁৱাত সোমাই আছিল । বহুতে ইয়াকে লৈ অন্যান্য ঘটনাৰ সুবিধাও গ্ৰহণ কৰিছিল । ভয় লাগিছিল, কিজানি চীনাই আহি গাঁতৰ পৰা উলিয়াই মাৰি পেলায় !’’
১৯৬২ চনত সেই সময়ত কামেং সীমান্তত এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷ তেজপুৰ চহৰৰ বিভিন্ন প্ৰান্তত সেই সময়ত যুৱ সমাজে স্থানীয় লোকক একত্ৰিত কৰি সজাগতা সৃষ্টি কৰিছিল ৷ তেজপুৰ চহৰখন ৰক্ষা কৰিবলৈ Youth Emergency Organization নামৰ সংগঠনৰ জৰিয়তে মানুহক সহায় কৰিছিল ।
এই যুৱ জৰুৰীকালীন সংগঠনৰ নামত এটা উদ্ধাৰ গোট গঠন কৰে প্ৰয়াত হীৰেন চৌধুৰীৰ নেতৃত্বত ৷ যিয়ে কমেও ২০-২৫ জন যুৱকৰ সংগঠনৰ নেতৃত্ব দিয়ে । পৰৱৰ্তী সময়ত ২১ নৱেম্বৰৰ পৰা ক্ৰমান্বয়ে এক স্থিৰ পৰিৱেশ ঘূৰি আহে ।
সীমান্তৰ পৰিৱেশ প্ৰত্যক্ষ কৰাৰ পাছত বৰ্তমান এটা কথা স্পষ্ট যে বিগত সময়চোৱাত সীমান্তৰ বাট পথ যথেষ্ট পৰিমাণে উন্নত হৈছে । অৰুণাচল প্ৰদেশৰ কামেং সীমান্তত জৰুৰী সামগ্ৰী আৰু যোগাযোগ ব্যৱস্থাৰ অধিক উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে । কিন্তু সেই সময়ৰ আক্ৰমণৰ সাক্ষী হৈ ৰোৱা লোকৰ মনৰ পৰা সেই ভয়াৱহতা আজিও যেন আঁতৰ হোৱা নাই ৷
উল্লেখ্য যে ১৯৬২ চনৰ পাছত ভাৰতৰ জনসাধাৰণ এটা কথাত সচেতন যে আজিৰ তুলনাত তেতিয়াৰ দেশৰ প্ৰতিৰক্ষা অধিক শক্তিশালী নাছিল, এতিয়া কেন্দ্ৰীয় বাজেটত কৃষি খণ্ডৰ পিছতে প্ৰতিৰক্ষাৰ বাবে বিপুল পৰিমাণৰ ধন আৱণ্টন দিয়া হৈছে । তেনেদৰে প্ৰতিৰক্ষা মন্ত্ৰালয়েও শেহতীয়াকৈ আৰ্টেলিৰী বায়ুসেনাৰ লগতে নৌসেনা খণ্ডত আমাৰ প্ৰতিৰক্ষাক অতীতত চীনৰ আগ্ৰাসন আৰু ভাৰত-পাক যুদ্ধৰ সময়তকৈ বহুত বেছি শক্তিশালী কৰি তুলিছে ।
এতিয়াও ৰাজনৈতিক আৰু সামাজিকভাৱে সচেতন লোকৰ এটা অংশই অনুমান কৰে যে ভাৰতীয় প্ৰতিৰক্ষাত বিশেষকৈ অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চল কোনো সম্ভাৱ্য চীনা আগ্ৰাসনৰ সন্মুখীন হ'ব নোৱাৰিব । এই অনুমান নিশ্চিত হ'ব যদি কোনো ধৰণৰ বৈদেশিক আগ্ৰাসনে প্ৰতিৰক্ষা খণ্ডত শক্তি বৃদ্ধি কৰিবলৈ চেষ্টা কৰে ।
তেনেদৰে ভাৰতীয় প্ৰতিৰক্ষা বিভাগেও সংবাদ মাধ্যমৰ জৰিয়তে সদৰী কৰিছে যে এনে ধৰণৰ ক্ষেত্ৰত ভাৰত আজি পিছ পৰি থকা নাই । যদিও দুয়োখন দেশৰ প্ৰতিৰক্ষা খণ্ড আটাইতকৈ শক্তিশালী যদিও প্ৰতিটো আশংকা সাধাৰণ মানুহৰ মাজত বিদ্যমান, যিটো ভাৰতীয় সাধাৰণ মানুহৰ মনৰ পৰা আঁতৰাই পেলোৱাটো অতি প্ৰয়োজনীয় ।
India China War : ভাৰত-চীন যুদ্ধৰ ৬১ বছৰ অতিক্ৰম কৰাৰ পাচত পুনৰ চীনৰ আগ্ৰাসনৰ সম্ভাৱনা আছেনে ?