যোৰহাট, 29 ছেপ্টেম্বৰ: যোৰহাট মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা নিৰ্বাচনত(Jorhat College Student Union Election 2022) বৃহস্পতিবাৰে আছু সমৰ্থিত প্ৰাৰ্থীয়ে বিজয়ধ্বজা উৰুৱাবলৈ সক্ষম হয় । জিলাখন অধিকাংশ মহাবিদ্যালয়তেই ছাত্ৰ একতা সভা নিৰ্বাচনত এইবাৰ আছু সমৰ্থিত প্ৰাৰ্থীয়ে জয়লাভ কৰা পিছত এইবাৰ ঐতিহ্যমণ্ডিত যোৰহাট মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাখন আছু দখললৈ যায় । তাৎপৰ্যপূৰ্ণ যে, উক্ত পদসমূহত বিনা প্ৰতিদ্বন্দ্বিতাৰে সদৌ অসম ছাত্ৰ সন্থাৰ সমৰ্থিত প্ৰাৰ্থীসকলে জয়লাভ কৰিবলৈ সক্ষম হয় ।
যোৰহাট মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত সভাপতি পদত ৰূপজ্যোতি শইকীয়া, সাধাৰণ সম্পাদকৰ পদত বিশ্বজিৎ দত্ত নিৰ্বাচিত হয় ৷ মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ আন আন পদবীসমূহত নিৰ্বাচিত হয় কৰে ক্ৰমে সহঃ সাধাৰণ সম্পাদিকা হিমাদ্ৰী বৰুৱা, ক্ৰীড়া সম্পাদক দেৱকিশোৰ দত্ত, ছাত্ৰ জিৰণি কোঠাৰ সম্পাদক অনুৰাগ নেওগ, ছাত্ৰী জিৰণি কোঠাৰ সম্পাদিকা সংগীতা বৈশ্য, তৰ্ক সম্পাদক আকাশ কলিতা, আলোচনী সম্পাদিকা মনশ্ৰী কৌশিক, সমাজ সেৱা সম্পাদকত শুভ্ৰজিত দত্ত ৷
আনহাতে বিজয়ী প্ৰাৰ্থীসকলক আজি আছু নেতৃত্বয়ো সম্বৰ্ধনা জনায় । যোৰহাট মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা নিৰ্বাচনত আছু সমৰ্থিত প্ৰাৰ্থীসকল বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিবলৈ অন্য কোনো প্ৰতিদ্বন্দী প্ৰাৰ্থী নোলাল । সেয়ে সকলো পদতে আছু সমৰ্থিত প্ৰাথীসকলে বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ কৰিবলৈ সক্ষম হয় ৷ আছু সমৰ্থিত প্ৰাৰ্থীসকলে জয়লাভৰ পাছত মহাবিদ্যালয় চৌহদত আৰু আছু কাৰ্যালয়ত ফটকা ফুটাই আনন্দ উল্লাস কৰাৰ পৰিলক্ষিত হয় ।
লগতে পঢ়ক: সীমান্ত কুমাৰ দাসক হোজাইৰ উপায়ুক্তৰ দায়িত্ব