টীয়ক, ২৪ এপ্ৰিল: টীয়কৰ কলিয়াপানীৰ ৰঞ্জন গগৈ নামৰ এজন ব্যক্তিৰ ঘৰত প্ৰায় এমাহ পূৰ্বে ডকাইতিৰ সৈতে জড়িত ছটাকৈ ডকাইতক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । এই ঘটনাত কাঢ়ি নিয়া মোবাইল ফোনতো ক্ৰয় কৰা ডিব্ৰুগড়ৰ এজন যুৱককো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । এই ডকাইতকেইটা ক্ৰমে টীয়কৰ বামুনপুখুৰীৰ উজ্জ্বল শইকীয়া, অবিনাশ ফুকন, কলিয়াপানী চাপৰিৰ পাপু দাস, গৌতম দাস, মনজিৎ দাস আৰু শিৱসাগৰ বকতাৰ উৎপল চেতিয়া বুলি চিনাক্ত কৰা হৈছে । ডকাইতি কৰি নিয়া মোবাইলটো ক্ৰয় কৰা ডিব্ৰুগড়ৰ জীৱন ফুকনকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।
উল্লেখ্য যে, এই ডকাইতি ঘটনাৰে জড়িত আৰু পলাতক অৱস্থাত থকা গোপাল দাসৰ আলফাত যোগদান কৰা এটা ভিডিঅ'ই এতিয়া খলকনিৰ সৃষ্টি কৰিছে । কিন্তু এই পৰ্যন্ত ইয়াৰ সত্যতা প্ৰমাণ হোৱা নাই । লক্ষণীয় যে, এই ডকাইতি কাণ্ডৰ অন্যতম উজ্জ্বল আলফাৰে জড়িত থকাৰ অভিযোগত জেললৈ গৈছিল আৰু জেলতে বকতাৰ উৎপলক লগ পাইছিল বুলি জানিব পৰা গৈছে ।