ETV Bharat / city

যোৰহাট পৌৰসভাত সংঘটিত 100 কোটি টকাৰ কেলেংকাৰী

দুৰ্নীতিৰ পোহাৰ মেলিছে যোৰহাট পৌৰসভাই ৷ 100 কোটি টকাৰ কেলেংকাৰী সংঘটিত হোৱাৰ তথ্য আইটিআইৰ জৰিয়তে পোহৰলৈ আনিছে ৰাইজৰ দলে ৷

author img

By

Published : Sep 1, 2021, 5:07 PM IST

যোৰহাট পৌৰসভাত সংঘটিত 100 কোটি টকাৰ কেলেংকাৰী
যোৰহাট পৌৰসভাত সংঘটিত 100 কোটি টকাৰ কেলেংকাৰী

যোৰহাট,1 ছেপ্তেম্বৰ: যোৰহাটত ৰাইজৰ দলৰ এখন বিস্ফোৰক সংবাদমেল ৷ সংবাদমেলখনৰ জৰিয়তে উদঙাই দিছে যোৰহাট পৌৰ সভাত সংঘটিত হৈ থকা বিয়াগোম কেলেংকাৰীৰ তথ্য ৷ ৰাইজৰ দলৰ যোৰহাট জিলা সমিতিৰ সভাপতি দিব্যজ্যোতি শৰ্মাই এখন সংবাদেমলৰ জৰিয়তে পৌৰ সভাখনৰ ভিতৰত কি সংঘটিত হৈ আহিছে তাক উদঙাই দিছে ৷

ৰাইজৰ দলৰ অভিযোগ, ঐতিহ্য মণ্ডিত পৌৰসভাখনত শনি লাগিছে ৷ ইটোৰ পাচত সিটো কেলেংকাৰীত সাংঙোৰ খাই পৰিছে পৌৰ সভাখন ৷ এইবাৰ 100 কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছে যোৰহাট পৌৰসভাৰ বিৰুদ্ধে ৷

উল্লেখযোগ্য যে, দীৰ্ঘ দিনৰ পৰা যোৰহাট পৌৰ সভাৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন হৈ অহাৰ সময়তে ৰাইজৰ দলৰ যোৰহাট জিলা সমিতিয়ে তথ্য জনাৰ অধিকাৰ(RTI)ৰ যোগে লাভ কৰা তথ্য অনুসৰি পৌৰসভাখনত সংঘটিত হৈছে 100 কোটি টকাৰ কেলেংকাৰী ৷ এই তথ্য লাভ কৰাৰ পিছতেই পাচতেই আয়োজন কৰা সংবাদমেলখনত ৰাইজৰ দলৰ যোৰহাট জিলাৰ সভাপতি দিব্যজ্যোতি শৰ্মাই কয়, বিগত পাঁচ বছৰে কোনো ধৰণৰ অডিট নোহোৱাৰ লগতে ক’ত কিমান টকাৰ ব্যয় কৰা হ’ল, এই লৈ আজি পৰ্যন্ত তথ্য নাই যোৰহাট জিলা পৌৰ সভাত ৷

লগতে পঢ়কঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অধিকাংশ অঞ্চলে বানৰ কবলত

একেদৰে যোৰহাট পৌৰসভা এলেকাৰ অৰ্ন্তগত বিভিন্ন প্ৰান্তত ছেনিটাইজ কৰা টেংকী ক্ৰয় কৰাৰ নামতো ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজৰ দলে ৷ আনহাতে পৌৰসভা খনৰ পুঁজিৰ উৎস, উন্নয়নমূলক কাম-কাজ, পুঁজিৰ খৰছ আদি বিভিন্ন বিষয় সম্পৰ্কীয় তথ্য নাই পৌৰসভা খনৰ হাতত ৷

মন কৰিবলগীয়া যে, ৰাইজৰ দলে বিচৰা তথ্যৰ বিপৰীতে পৌৰসভাৰ জনৈক বৰা নামৰ বিষয়াজনে দিয়া তথ্য মতে, ২০১৮-১৯ আৰু ২০১৯-২০ বৰ্ষত সাধাৰণ পুঁজিত মুঠ জমা(১৫,৪০,৯৪,৪২০) টকা ৷ আনহাতে উক্ত বৰ্ষত দুটাত চৰকাৰৰ পৰা পুঁজি লাভ কৰিছিল ৯,১৬,৯০,১৮৯ টকা। কিন্তু উক্ত ধনৰ ব্যয়ৰ কোনো তথ্য নাই পৌৰসভাৰ হাতত ।

ইপিনে দুৰ্নীতিৰ ভূস্বৰ্গলৈ পৰিণত হোৱা যোৰহাট পৌৰসভাৰ এই বিয়াগোম কেলেংকাৰীৰ সন্দৰ্ভত ৰাইজৰ দলে জিলা উপায়ুক্তক সঠিক তদন্ত কৰিবলৈ আহ্বান জনাইছে । অন্যথা ৰাজইজৰ দলে ইয়াৰ বিৰুদ্ধে ব্যাপক আন্দোলন গঢ়ি তোলৰ হুংকাৰ প্ৰদান কৰিছে ৷

যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ কথা কৈ আহিছে, সেই সময়তে যোৰহাট জিলাৰ পৌৰসভাত সংঘটিত হোৱা এই কোটি টকীয়া দুৰ্নীতিৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয় ৷

লগতে পঢ়কঃ কংগ্ৰেছ-এ আই ইউ ডি এফে বিচ্ছেদৰ সাময়িক নাটক কৰিছে : বিজেপি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.