ETV Bharat / city

Suicide attempt in Saraighat bridge: আকৌ শৰাইঘাট দলঙৰ পৰা জঁপিয়ালে যুৱকে

author img

By

Published : Jul 10, 2022, 4:35 PM IST

গুৱাহাটীত উদ্বেগজনকভাৱে বৃদ্ধি হৈছে আত্মহত্যাৰ ঘটনা (Worrying increase in suicides in Guwahati)৷ পুনৰ শৰাইঘাটত শিহৰণকাৰী ঘটন৷ শৰাইঘাট দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা এজন যুৱকৰ (Suicide attempt in Saraighat bridge)৷

Youth  attempt suicide in Saraighat bridge
শৰাইঘাট দলঙৰ পৰা জঁপিয়াই যুৱকৰ আত্মহত্যাৰ চেষ্টা

গুৱাহাটী, 10 জুলাই : মহানগৰীত শিহৰণকাৰী ঘটনা ৷ শৰাইঘাট দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা কৰে এজন যুৱকে (Suicide attempt in Saraighat bridge) ৷ জানিব পৰা মতে, দেওবাৰে পুৱা প্ৰায় 10 বজাত এজন যুৱকে শৰাইঘাট পুৰণি দলঙৰ পৰা ব্ৰহ্মপুত্ৰলৈ জঁপিয়াই আত্মহত্যাৰ চেষ্টা কৰে যুৱকে (Youth attempt suicide in Saraighat bridge) ৷ যুৱকজনক এতিয়ালৈ চিনাক্ত কৰিব পৰা নাই যদিও তেওঁ বৰপেটাৰ বুলি জানিব পৰা গৈছে ৷

যুৱকজনে বহু সময় ধৰি দলংখনৰ ৰেলিংঙত ধৰি উলমি আছিল । তেনে অৱস্থাত যুৱকজনক প্ৰত্যক্ষ কৰি একাংশ লোকে তেওঁক বুজনি দি আত্মহত্যাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ কৰিছিল ৷ যদিও যুৱকজনে কাৰো কথালৈ মন নিদি ব্ৰহ্মপুত্ৰত জাঁপ দিয়ে । লগে লগে লোকসকলে হুৱাদুৱা কৰি তৎক্ষণাৎ আৰক্ষীক খবৰ দিয়ে ৷

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনক পানীত সাঁতুৰি থকা অৱস্থা প্ৰত্যক্ষ কৰে ৷ সেই সময়তে নদী আৰক্ষীয়ে নাৱেৰে গৈ যুৱক জনক উদ্ধাৰৰ বাবে লাইফ বয় দলিয়াই দিছিল যদিও যুৱকজনে নধৰিলে ।

ইয়াৰ পিছতে যুৱকজন ব্ৰহ্মপুত্ৰত ডুব যায় । তেতিয়াৰ পৰা যুৱকজন সন্ধানহীন হৈ আছে (Suicide victim suicide)। সম্প্ৰতি যুৱক জনৰ সন্ধানত নদী আৰক্ষী, SDRF এ অভিযান চলাই আছে ৷ উল্লেখ্য যে, যুৱকজনৰ চাইকেলখন শৰাইঘাট দলঙত উদ্ধাৰ কৰা হৈছে ।

মন কৰিবলগীয়া যে, শনিবাৰে মহানগৰীৰ অপৰাধ অনুসন্ধান শাখাই মহানগৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তৰ সহযোগত এক সংবাদমেল আয়োজন কৰি গুৱাহাটীত উদ্বেগজনকভাৱে আত্মহত্যাৰ ঘটনা বৃদ্ধি পোৱাৰ কথা প্ৰকাশ কৰে(Worrying increase in suicides in Guwahati) । এই তথ্য অনুসৰি মহানগৰীত 2013 চনত 222 টা, 2014 চনত 220 টা, 2015 চনত 241 টা, 2016 চনত 227টা, 2017 চনত 289টা, 2018 চনত 287 টা, 2019 চনত 254 টা, 2020 চনত 277 টা, 2021 চনত 414 টা আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে । ইয়াৰ পৰিৱৰ্তে চলিত বৰ্ষত বৰ্তমানলৈ 414 টাতকৈ অধিক আত্মহত্যাৰ ঘটনা সংঘটিত গৈছে ।

লগতে পঢ়ক : Suicides in the city: মহানগৰীত বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.