নিউজ ডেস্ক, 23 মাৰ্চ : ভাৰতত যক্ষ্মা মুক্ত স্থিতিৰ দিশত উপ-ৰাষ্ট্ৰীয় প্ৰমাণপত্ৰৰ শেহতীয়া মূল্যাংকনত(Sub-National Certification towards TB Free Status) "ব্ৰঞ্জ" পদৰ বাবে নিৰ্বাচিত হৈছে অসমৰ কামৰূপ মহানগৰ আৰু দৰং জিলা(TB Free Status in India) । "বিশ্ব যক্ষ্মা দিৱস" উপলক্ষে, 24 মাৰ্চত ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তক প্ৰদান কৰিব এই বঁটা ।
ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূল অভিযান, অসমৰ যুটীয়া সঞ্চালক তথা ৰাজ্যিক যক্ষ্মা বিষয়া ড৹ অভিজিৎ বসুৱে সদৰি কৰে এই তথ্য । ড৹ অভিজিৎ বসুৱে সদৰি কৰা অনুসৰি এই দুখন জিলাই 2015 চনৰ তুলনাত 2021 চনত যক্ষ্মা ৰোগৰ হাৰ ২০% হ্ৰাস কৰিবলৈ সক্ষম হৈছে । ভাৰত চৰকাৰে নতুন দিল্লীত আয়োজন কৰা বিশ্ব যক্ষ্মা দিৱসৰ অনুষ্ঠানত স্বাস্থ্য বিভাগৰ উচ্চ পৰ্যায়ৰ বিষয়াসকলৰ সৈতে ড৹ বসুও উপস্থিত থাকিব ।
ইয়াৰ লগতে সংগতি ৰাখি ৰাজ্যিক যক্ষ্মা বিভাগে ইয়াৰ অংশীদাৰ সংগঠনসমূহৰ সহযোগত 24 মাৰ্চত হেঙেৰাবাৰীস্থিত অসম চৰকাৰৰ স্বাস্থ্যসেৱা সঞ্চালকালয়ৰ পৰা এক মটৰ চাইকেল ৰেলী আয়োজন কৰিব ।
সমদলৰ পাছত জিলাখনৰ নিৰ্বাচিত প্ৰতিনিধিসকলে কামৰূপ জিলা যুটীয়া স্বাস্থ্যসেৱাৰ সঞ্চালকালয়ৰ কাৰ্যালয়ত জিলা উপায়ুক্তৰ সৈতে এক বৈঠকত অংশগ্ৰহণ কৰিব । বৈঠকৰ পিছত তেওঁলোকে বাক্সা জিলাৰ মুছলপুৰত টিবি চেম্পিয়নৰ (আৰোগ্য হোৱা যক্ষ্মা ৰোগী) সৈতে এক বন্ধুত্বপূৰ্ণ ফুটবল খেলতো অংশগ্ৰহণ কৰিব । গুৱাহাটী মহানগৰৰ আৰক্ষী আয়ুক্ত হৰমিত সিঙে(Commissioner of Guwahati City Police Harmeet Singh) এই ৰেলীৰ ফ্লেগ অফ কৰিব ৷
2021 চনত 38,102 গৰাকী যক্ষ্মা ৰোগী ধৰা পৰিছিল আৰু চিকিৎসাৰ সফলতাৰ হাৰ আছিল 83 শতাংশ ৷ যোৱা বৰ্ষত মুঠ 27,528 গৰাকী যক্ষ্মা ৰোগীক মাহে 500 টকাকৈ পুষ্টি সাধনৰ বাবে আগবঢ়োৱা হৈছিল ৷ ৰাজ্যখনত 2025 চনৰ ভিতৰত যক্ষ্মা নিৰ্মূল কৰিবলৈ, এই বছৰ বিশ্ব যক্ষ্মা দিৱসৰ কাৰ্যক্ৰমণিকাত নিৰ্বাচিত প্ৰতিনিধি, ধৰ্মীয় নেতাসকলৰ লগতে নিৰ্দিষ্ট ব্যক্তিবিশেষৰ পৰা সমৰ্থন প্ৰাপ্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে ৷
লগতে পঢ়ক : Majuli Bridge: মাজুলীবাসীৰ আৱেগক ব্যৱহাৰ কৰি জয়ী হৈছিল সৰ্বানন্দ সোণোৱাল