ETV Bharat / city

শিলাদিত্যক ৰাজ্যসভালৈ পঠিওৱাৰ টোপ : ইটিভি 'এক্সক্লুচিভ' - ইটিভি ভাৰতৰ এক এক্সক্লুচিভ প্ৰতিবেদন

নিৰ্দলীয়ভাৱে হোজাই বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াব খোজা শিলাদিত্য দেৱে হঠাৎ কিয় নমনীয় ভূমিকা গ্ৰহণ কৰিলে ৷ হিমন্ত বিশ্ব শৰ্মাই কি মন্ত্ৰণাৰে মন সলনি কৰিলে শিলাদিত্যৰ ৷ চাওক ইটিভি ভাৰতৰ এক এক্সক্লুচিভ প্ৰতিবেদন ৷

শিলাদিত্য দেৱ
শিলাদিত্য দেৱ
author img

By

Published : Mar 17, 2021, 8:19 PM IST

গুৱাহাটী,17 মাৰ্চ: বিজেপিৰ বহুবল্কী, বহু বিতৰ্কিত বিধায়ক বুলিলে যিজনৰ নাম চকুৰ আগত ভাহি উঠে সেইজনেই হৈছে শিলাদিত্য দেৱ । সময়ে সময়ে দলীয় নেতৃত্বৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ তুলি পিছ মুহূৰ্ততে নতজানু হোৱা শিলাদিত্য দেৱক এইবাৰ দলে পুনৰ প্ৰাৰ্থিত্ব প্ৰদান নকৰিলে । তেওঁৰ পৰিৱৰ্তে হোজাই বিধানসভা সমষ্টিত বিজেপিয়ে প্ৰাৰ্থিত্ব দিলে ৰামকৃষ্ণ ঘোষক । স্বাভাৱিকতে প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈয়ে শিলাদিত্য দেৱে দলীয় নেতৃত্বৰ বিৰুদ্ধে কেতবোৰ অভিযোগ তোলাৰ লগতে বিজেপি ত্যাগ কৰাৰো হুংকাৰ দিছিল ।

কিন্তু তেওঁৰ সেই হুংকাৰ নিমিষতে পাম যোৱা বেলুন সদৃশ হ'ল, যেতিয়া মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া আৰু মন্ত্ৰী পীযুষ হাজৰিকাই হোজাইৰ বাসভৱনত উপস্থিত হৈ 'বিদ্ৰোহী' শিলাদিত্যক বুজনি দিলে । সেইদিনাৰে পৰা একপ্ৰকাৰ শিলাদিত্য দেৱৰ মুখখন যেন কোনোবাই চিলাইহে পেলালে । 'বিদ্ৰোহী' শিলাদিত্য মৌন হ'ল । কিন্তু কিয় ?

বিশ্বজিৎ দৈমাৰী
বিশ্বজিৎ দৈমাৰী

ইটিভি ভাৰতৰ হাতত আহি পৰিছে শিলাদিত্য দেৱ মৌন হোৱাৰ আঁৰৰ ৰহস্য । ৰাজ্যিক বিজেপিৰে এক কৰ্তৃত্বশীল সুত্ৰই জানিবলৈ দিছে এই খবৰ । সেই অনুসৰি শিলাদিত্য দেৱক ৰাজ্যসভাৰ সাংসদ হিচাপে বিজয়ী কৰি পঠিওৱা হ'ব বুলি ইতিমধ্যে দলৰ ৰাষ্ট্ৰীয় নেতৃত্বই ৰাজ্যিক নেতৃত্বৰ জৰিয়তে প্ৰতিশ্ৰুতি দিছে । বিটিআৰৰ নিৰ্বাচনৰ সময়ত ৰাজ্যসভাৰ সাংসদ পদ ত্যাগ কৰি বিপিএফক বিদায় জনাই বিজেপিত যোগ দিছিল বিশ্বজিৎ দৈমাৰীয়ে । মাত্ৰ দুমাহৰ পিছতে তেওঁ এৰি থৈ অহা সেই একেখন ৰাজ্যসভাৰ আসনলৈ পুনৰ বিনা প্ৰতিদ্বন্দিতাৰে বিজেপিৰ প্ৰাৰ্থী হিচাপে বিজয়ী হৈ গৈছিল বিশ্বজিৎ দৈমাৰী । পুনৰবাৰ ৰাজ্যসভাত গৈ বহিবলৈ পালে কি নাপালে বিশ্বজিৎ দৈমাৰীক এইবাৰ বিজেপিয়ে পানেৰী বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব দিলে ।

শিলাদিত্যক ৰাজ্যসভালৈ পঠিওৱাৰ টোপ : ইটিভি 'এক্সক্লুচিভ'

বিজেপি নিশ্চিত যে পানেৰীৰ পৰা বিশ্বজিৎ দৈমাৰী নিশ্চিতভাবে জয়ী হৈ আহিব আৰু পুনৰবাৰ অসমত বিজেপিয়ে গঠন কৰিব বুলি ভবা চৰকাৰখনত তেওঁক কেবিনেট মন্ত্ৰীৰ পদেৰে সংস্থাপিত কৰা হব । স্বাভাৱিকতে বিশ্বজিৎ দৈমাৰী বিধানসভালৈ নিৰ্বাচিত হৈ আহিলে ৰাজ্যসভাত খালি হোৱা তেওঁৰ আসনখনত বহুওৱা হব শিলাদিত্য দেৱক । ইতিমধ্যে এই প্ৰতিশ্ৰুতি বিজেপি নেতৃত্বই শিলাদিত্য দেৱক দিছে আৰু সেইবাবেই বিধানসভাৰ টিকট নোপোৱা শিলাদিত্য দেৱ এতিয়া মৌন ।

লগতে পঢ়ক : জিতু গোস্বামীৰ হৈ বঢ়মপুৰত প্ৰচাৰ হিমন্ত বিশ্ব শৰ্মাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.