গুৱাহাটী, ২২ মে' : শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যক্ৰমণিকাৰে আৰম্ভ হৈছে নৱনিৰ্বাচিত পঞ্চদশ অসম বিধানসভাৰ প্ৰথমখন অধিবেশন । অধিবেশনৰ প্ৰথম দিনটোতে বিধায়ক হিচাপে শপত লয় ৰাজ্যৰ ১২৫ টা বিধানসভা সমষ্টিৰ পৰা জয়ী হৈ অহা বিধায়ক সকলে । কিন্তু জনতাৰ ভোট লৈ জনপ্ৰতিনিধি হোৱা এজন বিধায়ক উপস্থিত নাথাকে এই অধিবেশনত ৷
শপত ল'বলৈ পবিত্র বিধানসভাত উপস্থিত নহয় বিধায়ক চিৰাজুদ্দিন আজমল । শপত গ্ৰহণৰ দিনাখনেই বিধানসভাত উপস্থিত নাথাকিল যমুনামুখ সমষ্টিৰ বিধায়ক গৰাকী । যাক লৈ ৰাজনৈতিক মহলৰ লগতে সমষ্টিবাসী ৰাইজৰ মাজত এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । দলৰ অধিকাংশ নেতা-কৰ্মীয়ে নাজানে বৰ্তমান এই বিধায়ক জন ক’ত আছে আৰু তেখেতে কেতিয়া বিধানসভাত শপত গ্ৰহণ কৰিব । লক্ষণীয় বিষয় যে, ভোট গ্ৰহণৰ পিছৰে পৰা সমষ্টিবাসীয়ে বিচাৰি পোৱা নাই বিধায়কজনক ।
ইপিনে, ভোট গ্ৰহণৰ ফলাফল ঘোষণা হোৱাৰ পিছতে ছ’চিয়েল মিডিয়াযোগে সমষ্টিবাসীক উদ্দেশ্যি এটা ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰিয়ে নিজৰ দায়িত্ব সামৰে চিৰাজুদ্দিন আজমলে । ক’ভিড পৰিস্থিতি শাম কটাৰ পিছত সমষ্টিবাসীৰ ওচৰলৈ আহিব বুলিও ভিডিঅ’ বাৰ্তাটোত আশ্বাস দিয়ে বিধায়ক গৰাকীয়ে । এই সংকটৰ সময়ত সমষ্টিবাসী ৰাইজৰ ওচৰত থকাৰ বিপৰীতে বিধায়ক গৰাকীয়ে নিৰাপদ স্থানত আশ্ৰয় লৈ আছে বুলি একাংশই মন্তব্য কৰে ।
প্ৰাপ্ত খবৰ অনুসৰি, কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটে অসমত চৰকাৰ গঠন কৰিব নোৱাৰাৰ পিছতে ডুবাই অভিমুখে ৰাওনা হৈছিল যমুনামুখৰ এই বিধায়কজনে। ডুবাইত আজমল পৰিয়ালৰ বিশাল ব্যৱসায়িক সাম্ৰাজ্য আছে । সমষ্টিবাসীৰ অভিযোগ অনুসৰি, বিলাসী জীৱন কটোৱা বিধায়ক গৰাকীয়ে পূৰ্বেও সমষ্টিবাসী ৰাইজৰ ওচৰত নাছিল,ব্যৱসায়ক লৈয়ে প্ৰায়ে ব্যস্ত হৈ থাকে আজমল পৰিয়ালটো । সমষ্টিবাসীৰ সংকট তথা দুখ-বেদনাক লৈ বিধায়ক গৰাকীৰ কোনো অনুভূতি নাই বুলিও মন্তব্য কৰে একাংশই ।
উল্লেখ্য যে, ক’ভিডৰ এই সংকটৰ সময়ত সমষ্টিবাসীৰ ওচৰত থকাৰ বিপৰীতে বিধায়ক গৰাকী আছে সুদূৰ ডুবাইত। যমুনামুখক প্ৰতিনিধিত্ব কৰা সাংসদ বদৰুদ্দিন আজমলৰ পুত্ৰ তথা চিৰাজুদ্দিন আজমলৰ ভতিজা আব্দুৰ ৰহিম আজমলৰ বিৰুদ্ধেও সমষ্টিবাসীৰ ক্ষোভ আৰু অসন্তুষ্টি আছে । আব্দুৰ ৰহিম আজমলে সমষ্টিবাসীৰ পৰা আঁতৰি অধিকাংশ সময় ডুবাইত নিজৰ ব্যৱসায়ত ব্যস্ত থকাৰ অভিযোগ এতিয়া সমষ্টিবাসীৰ । যাৰ বাবে এইবাৰ তেওঁৰ পৰিৱৰ্তে চিৰাজুদ্দিন আজমলক যমুনামুখ সমষ্টিৰ টিকট দিয়ে এআইইউডিএফ দলে ।
অন্য এক খবৰৰ বাবে: চিৰা-মুৰী খাই পদপথত জীৱন নিৰ্বাহ কৰা এহাল বৃদ্ধ দম্পতি