ETV Bharat / city

পৰিৱেশ অনুকূল উন্নয়নৰ পোষকতা কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালৰ - চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ ৰমাকান্ত শৰ্মা

দেওবাৰে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পাণ্ডুত ব্ৰহ্মপুত্ৰৰ পাৰত বৈজ্ঞানিকভাৱে গাৰ্চিনিয়া আছামিকা নামেৰে জনাজাত কুজি থেকেৰাৰ এটা পুলি ৰোপণ কৰে (Union Minister Sarbananda Sonowal plants Thekera sapling) ।

Union Minister Sarbananda Sonowal plants Thekera sapling in Pandu on Environment Day
ৰাষ্ট্ৰীয় জলপথসমূহৰ পুনৰুজ্জীৱিতকৰণ বাবে পদক্ষেপ গ্ৰহণ: সৰ্বানন্দ সোণোৱাল
author img

By

Published : Jun 5, 2022, 9:39 PM IST

Updated : Jun 5, 2022, 9:54 PM IST

গুৱাহাটী,৫ জুন: বিশ্ব পৰিৱেশ দিৱস (World Environment Day) উপলক্ষে দেওবাৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পাণ্ডুত ব্ৰহ্মপুত্ৰৰ পাৰত বৈজ্ঞানিকভাৱে গাৰ্চিনিয়া আছামিকা নামেৰে জনাজাত কুজি থেকেৰাৰ এটা পুলি ৰোপণ কৰে (Union Minister Sarbananda Sonowal plants Thekera sapling) ।

কেন্দ্ৰীয় মন্ত্ৰীজনৰ লগতে আন চিকিৎসক, অভিযন্তা আৰু চৰকাৰী বিষয়াসহ মুঠ 100 গৰাকী ব্যক্তিয়ে ঔষধি গুণযুক্ত 100 টা গছপুলি ৰোপণ কৰে (100 medicinal saplings planted at Pandu)। অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, "এই বছৰ বিশ্বৰ মানৱ সমাজে 'কেৱল এখনেই পৃথিৱী' বিষয়-বস্তুক লৈ বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰিছে ।

এই বিশেষ উপলক্ষত আমি আমাৰ প্ৰকৃতিৰ বিশালতা, উদাৰতা আৰু মহানতাক অনুধাৱন কৰিব লাগিব আৰু আমাৰ পৰিৱেশ তথা জৈৱ-বৈচিত্ৰতাৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে পদক্ষেপ ল'ব লাগিব ।"

তেওঁ লগতে কয়, "আমাৰ আপোন অসমখন বিভিন্ন প্ৰাকৃতিক সম্পদ, অপৰূপ সৌন্দৰ্য আৰু চহকী জৈৱ-বৈচিত্ৰতাৰে আশীৰ্বাদপুষ্ট । আমি প্ৰগতিও কৰিব লাগিব, কিন্তু সমান্তৰালভাৱে প্ৰকৃতিৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবেও দায়বদ্ধ হ'ব লাগিব । এক অৰ্থত পৰিৱেশ অনুকূল উন্নয়নৰ হকে আমি সকলোৱে ঐক্যবদ্ধ হ'ব লাগিব" (Sarbananda Sonowal espouses for Environmental conservation) বুলি তেওঁ কয় ।

ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ পাণ্ডুস্থিত আঞ্চলিক কার্যালয়ত আয়োজিত এই অনুষ্ঠানত সোণোৱালে লগতে কয়, "আমি যাত্ৰী আৰু মাল পৰিবহণ দুয়োৰে বাবেই আমাৰ ৰাষ্ট্ৰীয় জলপথসমূহৰ পুনৰুজ্জীৱিতকৰণ বাবে পদক্ষেপ গ্ৰহণ কৰিছোঁ ।" অধিক ঔষধি উদ্ভিদৰ ৰোপণত গুৰুত্ব আৰোপ কৰি তেওঁ কয়, "অসমত বিভিন্ন প্ৰকাৰৰ ঔষধি গুণসম্পন্ন উদ্ভিদ আছে, যি আমাৰ জীৱনৰ মান সমৃদ্ধ কৰিব পাৰে।"

তেওঁ লগতে কয়, "প্ৰকৃতিৰ এই মহান উপহাৰক উদযাপন কৰিব লাগিব আৰু এনে ঔষধি গছপুলিৰ অধিক ৰোপণত উদগনি দিব লাগিব যিয়ে আমাৰ চৌপাশ সেউজীয়া কৰি ৰখাই নহয় বৰঞ্চ বহু ৰোগৰ পৰা আৰোগ্য হোৱাত আমাক সহায় কৰে ।" অনুষ্ঠানত ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ উত্তৰ-পূব প্ৰান্তৰ সঞ্চালক এ ছেলভাকুমাৰ, গুৱাহাটীৰ কেন্দ্ৰীয় আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠানৰ সহকাৰী সঞ্চালক ড৹ দীনেশ বৰুৱা উপস্থিত থাকে ৷

লগতে চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ ৰমাকান্ত শৰ্মা, অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ (Lakshya Konwar, Vice President, Sports Authority of Assam), অসম গাঁওৰক্ষী বাহিনীৰ উপদেষ্টা ৰঞ্জিত মজুমদাৰ (Ranjit Majumdar, Advisor, Assam Village Defence Party) প্ৰমুখ্যে জলপথ প্ৰাধিকৰণ আৰু আয়ুষ মন্ত্ৰালয়ৰ আন বহুকেইগৰাকী বিষয়া আৰু ভালেসংখ্যক গণ্যমান্য ব্যক্তি এই অনুষ্ঠানত উপস্থিত থাকে ।

আনহাতে আজি দিনৰ ভাগত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে নতুন দিল্লীত আয়োজিত ছেভ ছইল (Save Soil) বিষয়ক এক অনুষ্ঠানত অংশগ্ৰহণ কৰে । য'ত মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM Modi attends 'save Soli' programme organised by Isha Foundation) । লগতে উপস্থিত থাকে ঈশা ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক সদগুৰু ৷

লগতে পঢ়ক : Save Dehing Patkai : কেনে আছে দ্য আমাজন অফ ইষ্ট ?

Last Updated : Jun 5, 2022, 9:54 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.