ETV Bharat / city

উমানন্দত পৰ্যটকৰ ব্যাপক ভিৰ

author img

By

Published : Nov 12, 2019, 1:42 PM IST

দেশী-বিদেশী পৰ্যটকে ভিৰ কৰিছে পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপত ৷ প্ৰতিদিনে পৰিলক্ষিত হৈছে প্ৰায় 2000 ৰ পৰা 2500লৈকে পৰ্যটকৰ ভিৰ ৷

উমানন্দত পৰ্যটকৰ ব্যাপক ভিৰ

গুৱাহাটী,12 নৱেম্বৰ: পৰ্যটনৰ বতৰত দেশী-বিদেশী পৰ্যটকেৰে লোকাৰণ্য হৈ পৰিছে পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপ উমানন্দ ৷ দৈনিক উমানন্দ মন্দিৰ দৰ্শনৰ বাবে এতিয়া উমানন্দ ঘাটত ভিৰ কৰিছেহি 2000ৰ পৰা 2500 জন লৈকে দেশী-বিদেশী পৰ্যটক ৷ বহিঃৰাজ্যৰ পৰা অহা পৰ্যটকৰ এইদৰে আগমনে এতিয়া শোভা বৃদ্ধি কৰিছে উমানন্দৰ ৷ বিশেষ কৈ পুষ্কৰ মেলাৰ বাবে অহা ভক্ত সকল আহিছে উমানন্দ মন্দিৰ দৰ্শন কৰিবলৈ ৷ পূৰ্বেত উমানন্দ মন্দিৰৰ বিষয়ে নজনা পৰ্যটকসকলে মন্দিৰ দৰ্শনৰ পাছত উৎফুল্লিত হৈ পৰিছে ৷

উমানন্দত পৰ্যটকৰ ব্যাপক ভিৰ
ইফালে,পৰ্যটনৰ এই আগমণৰ প্ৰতি লক্ষ্য ৰাখি উমানন্দ মন্দিৰ কৰ্তৃপক্ষইও পৰিস্কাৰ পৰিচ্ছন্নতাৰে মোহনীয়ভাৱে সজাই তুলিছে মন্দিৰটো ৷ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মন্দিৰ দৰ্শন কৰি উভতি যোৱাৰ পথত বহুতো পৰ্যটকে ক'লে পুনৰ পৰিয়ালৰ সৈতে দৰ্শন কৰিবলৈ আহিব উমানন্দ ৷ উমানন্দলৈ যোৱা পৰিবহনৰ ক্ষেত্ৰটো বিশেষ ব্যৱস্থা কৰিছে অসম পৰ্যটনে ৷ আনহাতে মন্দিৰৰ অভিযন্তা ৰঞ্জিত কুমাৰ দত্তই সাংবাদিকৰ আগত জানিবলৈ দিয়ে যে পূৰ্বতকৈ এইবাৰ পৰ্যটকৰ সংখ্যা বাঢ়িছে ই অসম পৰ্যটনৰ বাবে এক শুভ লক্ষণ ৷

আৰু পঢ়ক: চেঞ্চুৰী মৰাৰ দিশে পিয়াঁজ

Intro: পৰ্যটকৰ ব্যাপক ভিৰ উমানন্দ মন্দিৰ দৰ্শনৰ বাবে । প্ৰতি দিনে প্ৰায় 2000 পৰা 2500 শ লৈ পৰ্য্যটকৰ ভিৰ পৰিলক্ষিত হৈছে উমানন্দত । বহিঃৰাজ্যৰ পৰা অহা পৰ্য্যটকৰ এই সমাগমে উমানন্দ শোভা বৃদ্ধি কৰিছে। বিশেষ কৈ পুষ্কাৰ মেলাৰ বাবে অহা ভক্ত সকলে উমানন্দ মন্দিৰ দৰ্শন কৰিবলৈ এতিয়া ভিৰ কৰিছে। পূৰ্বতে উমানন্দ মন্দিৰ বিষয়ে নজনা ব্যক্তি সকলে উমানন্দ মন্দিৰ দৰ্শন কৰি উৎফুল্লিত হৈ পৰিছে। মন্দিৰৰ পৰিষ্কাৰপৰিচন্নতা , পৰিবেশ আৰু সুচল যাতায়ত ব্যৱস্থাই আকৃষ্ট কৰিছে পৰ্যটকক।

Body:অসমৰ পৰ্যটন বিভাগলৈ যেন সুদিন উভতিছে। অসমলৈ আহিছে এতিয়া দেশী বিদেশী পৰ্যটক। এইবাৰৰ পুষ্কাৰ মেলালৈ অহা ভক্ত সকলে পৰিভ্ৰমণ কৰিছে অসমৰ বিভিন্ন স্থান। মহানগৰীৰ পৰ্যটন স্থলী সমূহতো এতিয়া দেশী বিদেশী পৰ্য্টক ভিৰ। মহানগৰীৰ উমানন্দ মন্দিৰৰ দৰ্শনৰ বাবে এতিয়া প্ৰতি দিনে বাঢ়িছে পৰ্যটকৰ সংখ্যা। উমানন্দ মন্দিৰৰ পৰিবেশ আৰু সুৰক্ষা ব্যৱস্থাত পৰ্যটকৰ ভিন্ন মতামত। কোনো কোনোৱে যদি মন্দিৰ দৰ্শন কৰি আনন্দিত কোনো কোনো অসন্তুষ্টও। কি কলে পৰ্যটকসকলে শুনক তেওঁলোকৰ মুখেৰে।
Bite:- পৰ্যটক।
পূৰ্বতে কোনো কোনোৱে এই মন্দিৰৰ বিষয়ে জ্ঞাত নাছিল। কিন্তু মন্দিৰ দর্শন কৰি মন্দিৰৰ পৰিবেশ আৰু মন্দিৰ সুৰক্ষা ব্যৱস্থা আৰু স্বচ্ছতাত বিমুগ্ধ। পুনৰ পৰিয়ালৰ সৈতে মন্দিৰ দৰ্শনৰ বাবে অহাৰ কথাও কলে পৰ্যটকসকলে।সুৰক্ষা ব্যৱস্থা সকলো আছে যদিও কোনোৱে জেষ্ঠ জনৰ বাবে বিশেষ সুবিধা নথকাৰ কথা উনুকিয়াই দিলে।
উমানন্দ মন্দিৰৰ অভিযন্ত্রা ৰঞ্জিত কুমাৰ দত্তই কয় যে এইবাৰৰ পৰ্য্যটকৰ সংখ্যা পূৰ্বতকৈ বাঢ়িছে। তেওঁ কয় যে পুষ্কাৰ মেলাৰ বাবে অহা ভক্ত সকলে এতিয়া ভিৰ কৰিছে উমানন্দ মন্দিৰ।
Bite:- অভিযন্ত্রা।

Conclusion:উমানন্দ মন্দিৰৰ দৰ্শনৰ বাবে পৰ্য্যটকৰ ভিৰ পৰিলক্ষিত হোৱাটো পৰ্য্যটন ক্ষেত্ৰৰ সঁচায়ে শুভ বাৰ্তা। এনেদৰে পৰ্য্যটকৰ সংখ্যা বাঢ়ি থাকিলে অসমৰ পৰ্যটন ক্ষেত্ৰই এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হব।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.