কামৰূপ,হোজাই,19 অক্টোবৰ: শনিবাৰে বিয়লি কামাখ্যা-যোগীঘোপা ৰেলপথৰ ছয়গাঁৱৰ বালাপুখৰীত ৰেলৰ খুন্দাত এগৰাকী মহিলাৰ মৃত্যু হয় । জানিব পৰামতে,শনিবাৰে দুপৰীয়া অচিনাক্ত মহিলা গৰাকীয়ে ৰেলপথটোৰে পূৱ দিশে খোজকাঢ়ি গৈ আছিল। সেই সময়তে গুৱাহাটীৰ দিশৰ পৰা আহি থকা এখন মালবাহী ৰেলে মহিলাগৰাকীক খুন্দিয়ায় আৰু ফলত মহিলাগৰাকীৰ থিতাতে মৃত্যু হয় ৷
এই ঘটনাৰ খবৰ পাই ছয়গাঁও আৰক্ষী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটো থানালৈ লৈ যায়। বৰ্তমান মৃতদেহটো ছয়গাঁও আৰক্ষী থানাতে ৰখা হৈছে আৰু এই পৰ্যন্ত মহিলাগৰাকী চিনাক্তকৰণ হোৱা নাই। আনহাতে, অচিনাক্ত মহিলাগৰাকীয়ে আত্মহত্যা কৰাৰ উদ্দেশ্যে ৰেলৰ আগত পৰা বুলিও সন্দেহ কৰা হৈছে ৷
ইপিনে, হোজাই জিলাৰ লংকাৰ ২নং ৰেলগেটত ৰেল অহাৰ সময়ত এজন ব্যক্তিয়ে ৰেলগেটৰ তলৰে পাৰ হৈ গৈ চলন্ত ৰেলৰ সম্মুখত জাপ দি আত্মহত্যা কৰে ৷ নামনিমুৱা হামচাফাৰ ৰেলৰ আগত জাপ দি আত্মহত্যা কৰা ব্যক্তিজন লংকাৰ পিপলপুখুৰীৰ ভীম সিং বুলি জানিব পৰা গৈছে | ঘটনাস্থলীত লংকা ৰেল আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত কৰাৰ লগতে মৃতদেহটো লংকা ৰেল ষ্টেচনলৈ লৈ যায় ৷