ETV Bharat / city

জ্যোতি কথা : সুন্দৰৰ সাধক ৰূপকোঁৱৰলৈ মৃত্যু দিৱসত শ্ৰদ্ধাৰ্ঘ - Death anniversary of Jyoti Prasad Agawala

আজি শিল্পী দিৱস ৷ অসমীয়া সমাজ জীৱনত নতুন দিগন্তৰ সূচনা কৰা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ 71 তম মৃত্যু বাৰ্ষিকী (Death anniversary of Jyoti Prasad Agawala) ৷ মাত্ৰ 48 বছৰ বয়সত 1951 চনৰ 17 জানুৱাৰীত ইহলীলা সম্বৰণ কৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ৷

tribute to jyoti prasad agarwala on his death anniversary
জ্যোতি কথা : সুন্দৰৰ সাধক ৰূপকোঁৱৰলৈ মৃত্যু দিৱসত শ্ৰদ্ধাৰ্ঘ
author img

By

Published : Jan 17, 2022, 4:40 PM IST

নিউজ ডেস্ক, 17 জানুৱাৰী : আজি 17 জানুৱাৰী ৷ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ 71 তম মৃত্যু বাৰ্ষিকী (Death anniversary of Jyoti Prasad Agawala) ৷ ৰাজ্যজুৰি এইজনা মহান মণিষীৰ মৃত্যু দিনটো পালন কৰা হয় শিল্পী দিৱস হিচাপে (Silpi Divas observed in memory of Jyoti Prasad Agarwala) ৷ সুন্দৰৰ সাধনাৰে অসমীয়া সংস্কৃতি-সাহিত্য তথা সমাজ জীৱনত অনন্য মাত্ৰা প্ৰদান কৰিছিল জ্যোতি প্ৰসাদ আগৰৱালাই ৷

1903 চনৰ 17 জুনত ডিব্ৰুগড় জিলাৰ মদাৰখাত মৌজাৰ তামোলবাৰী চাহ বাগিচাত জন্ম হৈছিল জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৷ তেওঁৰ মাতৃ আছিল কিৰণময়ী আগৰৱালা আৰু পিতৃ পৰমানন্দ আগৰৱালা ৷ এক কথাত এখন অভিজাত ঘৰৰ সন্তান হিচাপে সোণৰ চামুচ মুখত লৈ জন্ম লাভ কৰে জ্যোতিপ্ৰসাদে ৷ এক বৰ্নিল জীৱনৰ গৰাকী আছিল তেওঁ । তেওঁৰ দৃষ্টি আৰু দৰ্শনত লুকাই আছিল জাতীয়তাবাদী চিন্তাৰ চেতনা । কিন্ত সেই চিন্তা চেতনা নিৰ্দিষ্ট ভৌগলিক পৰিসীমাৰ ভিতৰত আৱদ্ধ নাছিল ।

tribute-to-jyoti-prasad-agarwala-on-his-death-anniversary
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা

ৰাজস্থানৰ মাৰৱাৰ প্ৰদেশৰ পৰা অসমলৈ 1811 চনত অহা এটা পৰিয়ালত জন্মলাভ কৰা জ্যোতিপ্ৰসাদে জাতীয় বিদ্যালয়ৰ শিক্ষাৰে 1821 চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত দ্বিতীয় বিভাগত উত্তীৰ্ণ হয় ৷ ইয়াৰ পিছতে দুবছৰীয়া আই এ পাঠ্যক্ৰম গ্ৰহণ কৰিবলৈ ছাত্ৰ জ্যোতিপ্ৰসাদে কলিকতাৰ নেচনেল কলেজলৈ ঢাপলি মেলে ৷

পৰৱৰ্তী সময়ত এই পাঠ্যক্ৰম সমাপ্ত কৰি তেওঁ সুদূৰ এডিনবাৰ্গলৈ অৰ্থনীতি বিভাগত উচ্চ শিক্ষা গ্ৰহণৰ বাবে যাত্ৰা কৰে (Jyoti Prasad Agarwala in Edinburgh University) ৷ অৱশ্যে, 1930 চনত এই শিক্ষা আধাতে এৰি জাৰ্মানীৰ বাৰ্লিনত চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ গ্ৰহণ কৰি স্বদেশলৈ ঘূৰি আহে জ্যোতি প্ৰসাদ আগৰৱালা ৷ দেশ-বিদেশত শিক্ষা গ্ৰহণ কৰাৰ অন্তত নিজ ঘৰলৈ ঘূৰি আহি স্বাধীনতাৰ সপোন বুকুত লৈ স্বাধীনতা আন্দোলনত জপিয়াই পৰা জ্যোতিপ্ৰসাদ 1932 চনত 15 মাহৰ বাবে কাৰাবন্দী হৈ পৰে (Jyoti Prasad Agarwala in Freedom Movement) ৷ কাৰাবন্দী হৈ থকাৰ কালচোৱাত তেখেতৰ স্বাস্থ্যৰ ব্যাপক অৱনতি ঘটে যদিও তেখেতে সম্পূৰ্ণ কাৰাবাস খাটে ৷

পৰৱৰ্তী সময়ত 1933 চনত তেখেতে চিত্ৰবন ষ্টুডিঅ’ আৰম্ভ কৰি 'জয়মতী' বোলছবি নিৰ্মাণৰ জৰিয়তে চলচিত্ৰ জগতখনৰ সৈতে জড়িত হৈ পৰে ৷ 1935 চনত মুক্তি পোৱা জয়মতী অসমৰ প্ৰথমখন কথাছবি (First Assamese film Joymoti) ৷ ছবিখনে যদিও ৰূপকোঁৱৰক ব্যৱসায়িক সফলতা দিয়াত ব্যৰ্থ হয়, এই ছবিখনে এক নতুন যুগৰ সৃষ্টি কৰি অসম তথা সমগ্ৰ দেশতে চৰ্চা লাভ কৰে ৷ ১৯৩৯ চনত তেওঁ নিৰ্মাণ কৰে দ্বিতীয়খন ছবি ইন্দ্ৰমালতী ৷

1936 চনত দেৱযানী ভূঞাৰ সৈতে বিবাহপাশত আৱদ্ধ হয় জ্যোতিপ্ৰসাদ আগৰৱালা ৷ পৰৱৰ্তী সময়ত তেওঁ 1941 চনৰ পৰা দেশৰ স্বাধীনতা সংগ্ৰামত পুনৰ সক্ৰিয়ভাৱে জড়িত হৈ পৰে ৷ ১৯৪৮ চনত অনুষ্ঠিত হোৱা সদৌ অসম শিল্পী সংঘৰ সভাপতিৰূপে দিয়া ভাষণত বিশ্বৰ সামগ্ৰিক প্ৰেক্ষাপটক আগত ৰাখি মহাপুৰুষ শংকৰদেৱ সৃষ্ট অসমীয়া কৃষ্টিক তেওঁ দাঙি ধৰিছিল । তেওঁৰ মতে শিল্পী অসমৰ বা ভাৰতৰ নহয়, শিল্পী পৃথিৱীৰ ।

সপত্নীক ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা

জ্যোতিপ্ৰসাদ আগৰৱালা যে কেৱল মাত্ৰ ছবি নিৰ্মাণ আৰু স্বাধীনতা সংগ্ৰামতে ব্যস্ত আছিল তেনে নহয় ৷ অসমীয়া সাহিত্য-সংস্কৃতিৰ ভঁৰাল চহকী কৰি তেখেতে শোণিত কুঁৱৰী, ৰূপালীম, লভিতা, কাৰেঙৰ লিগিৰী, নিমাতী কইনা আদি নাটক ৰচনা কৰে ৷ ইয়াৰ লগতে তেওঁ বহুকেইটা কালজয়ী গীতৰো ৰচনা কৰে ৷ যিসমূহ গীতত আছিল অসমৰ কেঁচা মাটিৰ গোন্ধ তথা আলোক সন্ধানৰ আহ্বান ৷ পৰৱৰ্তী সময়ত এই গীতসমূহ জ্যোতি সংগীত ৰূপে সমাদৃত হয় ৷ জ্যোতিপ্ৰসাদৰ কলমৰ পৰা নিগৰিত ৰূপহী, বগীতৰা, সোণতৰা আদি বহুকেইটা গল্পয়ো অসমীয়া সাহিত্যৰ ভঁড়াল চহকী কৰে ৷

এটা বৰ্ণাঢ্য অথচ চুটি জীৱন যাত্ৰাৰে অসমীয়া সমাজ জীৱনত এক নতুন যুগৰ সূচনা কৰি মাত্ৰ 48 বছৰ বয়সত 1951 চনৰ 17 জানুৱাৰীত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ইহলীলা সম্বৰণ কৰে ৷ 17 জানুৱাৰীৰ তেখেতৰ মৃত্যু তিথিটোক সমগ্ৰ ৰাজ্যত শিল্পী দিৱসৰূপে পালন কৰা হয় ৷ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত ২০০৪ চনত ভাৰত চৰকাৰে প্ৰণয়ন কৰা ডাক টিকট । অসমীয়া সাহিত্য-সংস্কৃতিৰ ভঁৰাল চহকী কৰা সুন্দৰৰ সাধক ৰূপকোঁৱৰৰ মৃত্যু দিৱসত ইটিভি ভাৰতৰ তৰফৰ পৰা যাঁচিলো সশ্ৰদ্ধ প্ৰণিপাত ৷

লগতে চাওক: বজালীৰ লোক সংস্কৃতিৰ সাধক বসন্ত পাটগিৰিলৈ ২০২১-২২ বৰ্ষৰ শিল্পী পেঞ্চন

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.