ETV Bharat / city

নাৰেংগী উচ্চ বিদ্যালয়ত বন বিভাগৰ গছ পুলি ৰোপণ কাৰ্যসূচী - মুখ্য বন সংৰক্ষক সন্দ্বীপ কুমাৰ

বুধবাৰে নাৰেংগী উচ্চ বিদ্যালয়ত বন বিভাগে গছ পুলি ৰোপণৰ লগতে এখন সজাগতা সভা অনুষ্ঠিত কৰে (Tree plantation programme at Narengi ) । অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নামনি অসমৰ মুখ্য বন সংৰক্ষক সন্দ্বীপ কুমাৰ( IFS) ৷

Tree plantation programme at Narengi High School in Guwahati
নাৰেংগী উচ্চ বিদ্যালয়ত বনবিভাগৰ গছ পুলি ৰোপণ কাৰ্যসূচী
author img

By

Published : May 11, 2022, 10:44 PM IST

গুৱাহাটী, 11 মে’ : গুৱাহাটীৰ নাৰেংগী উচ্চ বিদ্যালয়ত (Narengi High School) বন বিভাগৰ প্ৰশংসনীয় প্ৰদক্ষেপ । ‘গছ থাকিলেহে মানুহ থাকিব' এই শ্লোগানেৰে নাৰেংগী হাইস্কুল প্ৰাংগনত বুধবাৰে বন বিভাগে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ বাবে গছ পুলি ৰোপণৰ লগতে এখন সজাগতা সভা অনুষ্ঠিত কৰে (Tree plantation programme at Narengi ) ।

পূব কামৰূপ বন সংমণ্ডল আৰু গুৱাহাটী আঞ্চলিক বন কাৰ্যালয়ৰ সৌজন্যত নাৰেংগী খণ্ড বন কাৰ্য্যালয়ৰ উদ্যোগত এই অনুষ্ঠানটো অনুষ্ঠিত কৰা হয় । অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নামনি অসমৰ মুখ্য বন সংৰক্ষক সন্দ্বীপ কুমাৰ( IFS)ৰ লগতে পূব কামৰূপ বন সংমণ্ডল বিষয়া ৰোহিনী বল্লভ শইকীয়া উপস্থিত থাকে ৷

নাৰেংগী উচ্চ বিদ্যালয়ত বনবিভাগৰ গছ পুলি ৰোপণ কাৰ্যসূচী

লগতে প্ৰাঞ্জল বৰুৱা, প্ৰহ্লাদ গায়ন,নাৰেংগী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী প্ৰতিমা দাস কাৰ্জী,নাৰেংগী খণ্ড বন বিষয়া অসীম দাস আদিকে ধৰি ভালে কেইগৰাকী বিশিষ্ট ব্যক্তি এই অনুষ্ঠানত উপস্থিত থাকে ।

মুখ্য বন সংৰক্ষক গৰাকীয়ে অনুষ্ঠানত উপস্থিত থাকি গছ ৰোপন আৰু প্ৰতিপালন কৰি কেনেদৰে প্ৰকৃতি সুৰক্ষা কৰিব পাৰি তাৰ ওপৰত মন্তব্য আগবঢ়ায় । উল্লেখ্য যে, বিগত এমাহত 45 খন বিদ্যালয় আৰু মহাবিদ্যালয়ত 2500 গছ পুলি ৰোপন কৰিছে গুৱাহাটী আনঞ্চলিক বন বিষয়াৰ কাৰ্যলয় তথা বন বিভাগৰ লোকে ।

লগতে পঢ়ক : Death Penalty by ULFA: তিনিচুকীয়াৰ আন এজন যুৱককো আলফা স্বাধীনৰ মৃত্যদণ্ড !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.