গুৱাহাটী, 26 ফেব্ৰুৱাৰী : পৰিবহণ বিভাগে শেষবাৰৰ বাবে যানবাহনৰ গৰাকীক বকেয়া কৰ আদায় দিয়াৰ চুড়ান্ত তাৰিখ ঘোষণা কৰিছে ৷ উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰৰ পথ পৰিবহন মন্ত্ৰণালয়ে দেশৰ আন ৰাজ্যৰ লগতে অসমতো ক'ভিডৰ সংক্ৰমণ ৰোধৰ বাবে 2020 চনৰ 24 মাৰ্চত দেশজুৰি আৰম্ভ হোৱা লকডাউনৰ বাবে যান বাহনৰ গৰাকী সকলক কিছু ৰেহাই দিছিল । তাৰ ভিতৰত 2020 চনৰ ফেব্ৰুৱাৰী মাহত যিসকল বাহনৰ গৰাকীয়ে পৰিবহণ বিভাগক যাৱতীয় কৰ কাটল আদায় দিবলৈ বাকী আছিল তেওঁলোকক সেই বকেয়া কৰ আদায় দিয়াৰ সময়সীমা বৃদ্ধি কৰিছিল ।
আনকি বিগত প্ৰায় দুই বছৰৰ ভিতৰত সেই সময়সীমা প্ৰায় 10 বাৰ বৃদ্ধি কৰাৰ পাছত অসম চৰকাৰৰ পৰিবহণ বিভাগে শেষবাৰৰ বাবে বকেয়া কৰ আদায় দিয়াৰ চূড়ান্ত তাৰিখ সম্প্ৰতি 28 ফেব্ৰুৱাৰী বুলি ঘোষণা কৰিছে । এই সন্দৰ্ভত অসম চৰকাৰৰ সহকাৰী পৰিবহণ আয়ুক্ত আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া ( পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ ) গৌতম দাসে জানিবলৈ দিয়া মতে, ইতিমধ্যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সকলো জিলা পৰিবহণ বিষয়াক ৰাজহ আদায়ৰ দিশত অধিক মনোনিবেশ কৰিবলৈ নিৰ্দেশ দিছে ।
ইয়াৰ অংশ হিচাপে ফেব্ৰুৱাৰী মাহৰ প্ৰথম দিনটোৰ পৰা কৰ আদায় নিদিয়া বাহনৰ বিৰুদ্ধে "অপাৰেচন ছাৰখাৰ" নামৰ বিশেষ অভিযান আৰম্ভ কৰা হৈছিল । এই অভিযানত বিগত সময়চোৱাত গুৱাহাটী মহানগৰীৰত 10 কৌটি টকাৰো অধিক বকেয়া ধন আদায় কৰা হৈছে(Transport Dept collects tax of Rs 10 crore in February) ।
লগতে পঢ়ক : ইউক্ৰেইনৰ পৰা ওভতা লোকসকলৰ ভ্ৰমণৰ ব্যয় বহন কৰিব বিহাৰ চৰকাৰে
28 ফেব্ৰুৱাৰীৰ ভিতৰত কামৰূপ মহানগৰ জিলাৰ যিসকল যান বাহনৰ গৰাকীয়ে বিভাগক বকেয়া কৰ আদায় নিদিয়াসকলৰ বিৰুদ্ধে পহিলা মাৰ্চৰ পাছত এক বিশেষ অভিযান আৰম্ভ কৰা হ’ব বুলি উল্লেখ কৰে পৰিবহণ বিষয়াগৰাকীয়ে । অভিযানত বকেয়া কৰ আদায় নিদিয়া বাহনৰ গৰাকীৰ পৰা তেওঁলোকৰ পৰা জৰিমনা আদায় কৰা হ’ব । আনকি লকডাউনৰ নাম লৈ বছৰ বছৰ ধৰি অৰ্থাৎ 2020 চনৰ ফেব্ৰুৱাৰী মাহৰ পূৰ্বে বকেয়া কৰ আদায় দিবলৈ বাকী থকা বাহনৰ গৰাকী সকলৰ পৰা অতিৰিক্ত জৰিমনা আদায় কৰা হ’ব বুলি সাংবাদিকৰ আগত জানিব দিয়ে বিষয়াগৰাকীয়ে ।
লগতে গৰাকীসকলে কাৰ্যালয়ত আহি নিৰ্দিষ্ট কাউন্টাৰত এ টি এম বা ডেভিড কাৰ্ড যোগে কৰ আদায় দিব পাৰিব । ইয়াৰ লগতে অনলাইন ব্যৱস্থা অৰ্থাৎ এন ই এফ টি , আৰ চি জি বা ই চি এছ পদ্ধতিৰো সুবিধা গ্ৰহণ কৰিব পাৰিব । ইফালে বিগত সময়চোৱাত বিভাগৰ যান বাহন পৰিদৰ্শক, প্ৰৱৰ্তক পৰিদৰ্শককে ধৰি সমুহ কৰ্মচাৰীৰ সামূহিক প্ৰচেষ্টা, অনাদায়ী বাহনৰ গৰাকী আৰু ৰাজহ ফাঁকি দি বাহনৰ বা পৰিবহণ খণ্ডৰ ব্যৱসায় কৰা কোম্পানীৰ বিৰুদ্ধে ক'ভিডৰ ভয়াবহতাৰ মাজতো চলোৱা বিশেষ অভিযানত বিভাগে বহু সফলতা লাভ কৰিছে বুলি উল্লেখ কৰে বিষয়াগৰাকীয়ে ।
আনকি মুখ্যমন্ত্ৰী আৰু পৰিবহণ মন্ত্ৰীৰ নিৰ্দেশ ক্ৰমে কামৰূপ মহানগৰ জিলাৰ তিনিও গৰাকী জিলা পৰিবহণ বিষয়াৰ নেতৃত্বত যান বাহন পৰিদৰ্শক ( এম ভি আই ) আৰু প্ৰৱৰ্তক পৰিদৰ্শক ( ই আই ) সকলে জিলা খনৰ বিভিন্ন ৰাজপথ, পৰিবহণৰ লগতে জড়িত প্ৰতিষ্ঠান সমূহত বকেয়া কৰ বা পৰিবহণ বিভাগক কৰ আদায় দিবলৈ বাকী থকা যান বাহনৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান - সজাগতা মূলক কাৰ্যসূচী চলাই আহিছে ।
লগতে পঢ়ক : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ