ETV Bharat / city

পত্নী-পুত্ৰ-কন্যা-ভাতৃৰ বাবে টিকট বিচাৰি হাহাকাৰ ৰাজনৈতিক শীৰ্ষ নেতাৰ

author img

By

Published : Sep 20, 2020, 3:27 PM IST

ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনত নিজৰ পত্নী, পুত্ৰ, ভাতৃ, কন্যা আদিক নিজা নিজা দলৰ পৰা প্ৰাৰ্থিত্ব দিবলৈ তৎপৰ হৈ পৰিছে কেইবাটাও ৰাজনৈতিক দলৰ শীৰ্ষ নেতা সকল । ইটিভি ভাৰতে ইতিমধ্যে সংগ্ৰহ কৰিছে সেই সকলো তথ্য । কোন কোন ৰাজনৈতিক নেতা আছে এই তালিকাত চাওক এই প্ৰতিবেদনত ৷

Top leader political party seeking tickets for wife son daughter brother
পত্নী-পুত্ৰ-কন্যা-ভাতৃৰ বাবে টিকট বিচাৰি হাহাকাৰ ৰাজনৈতিক শীৰ্ষ নেতাৰ

গুৱাহাটী, 20 ছেপ্টেম্বৰ : প্ৰতিটো ৰাজনৈতিক দলতেই কম বেছি পৰিমাণে আছে পৰিয়ালকেন্দ্ৰীক ৰাজনীতি । এই ক্ষেত্ৰত ইটো দলে সিটো দলক কটাক্ষ বা টিপ্পনী কৰিলেও সেয়া শালে শিঙিক হঁহাৰ দৰে কথা । কিয়নো ক্ষমতাপ্ৰাপ্তিৰ বাবে আজিৰ ৰাজনীতিত সকলো সম্ভৱ । মুখেৰে আখৈ ফুটা দি নীতি আদৰ্শৰ কথা ফুটিলেও কাৰ্যক্ষেত্ৰত কিন্তু ইয়াৰ সম্পূৰ্ণ বিপৰীত বা ওলোটা ।

কেইবছৰ মান পূৰ্বৰলৈকে পৰিয়ালকেন্দ্ৰীক ৰাজনীতি কেৱল কংগ্ৰেছ দলতহে চলি আহিছে বুলি ব্যাপক চৰ্চা চলিছিল । কিন্তু এতিয়া সেই ‘‘পৰম্পৰা’’ বিয়পিছে আন দললৈকো । ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনত নিজৰ পত্নী, পুত্ৰ, ভাতৃ, কন্যা আদিক নিজা নিজা দলৰ পৰা প্ৰাৰ্থিত্ব দিবলৈ এতিয়া কেইবাটাও ৰাজনৈতিক দলৰ শীৰ্ষ নেতা তৎপৰ হৈ পৰিছে ।

কংগ্ৰেছ, বিজেপি আৰু অগপৰ প্ৰায় আধা ডজনতকৈও অধিক নেতাই আগন্তক নিৰ্বাচনত তেওঁলোকৰ আত্মীয়ক দলীয় প্ৰাৰ্থিত্ব দিয়াবলৈ উঠি পৰি লাগিছে । ইটিভি ভাৰতে ইতিমধ্যে সংগ্ৰহ কৰিছে সেই তথ্য । এই তালিকাত আছে বহু শীৰ্ষ নেতাও ৷ এই সকল নেতাৰ তালিকাখনো হৈছে দীঘলীয়া ।

Top leader political party seeking tickets for wife son daughter brother
ৰিপুন বৰা

প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা বৰ্তমানৰ সাংসদ ৰিপুণ বৰাই তেওঁৰ গৃহ সমষ্টি গহপুৰত পত্নী তথা প্ৰাক্তন বিধায়িকা মনিকা বৰাক প্ৰাৰ্থিত্ব দিয়াবলৈ অপ্ৰাণ চেষ্টা চলাইছে । একেদৰে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী তথা জ্যেষ্ঠ নেতা অকণ বৰাৰ পুত্ৰ মানস বৰাইও দিছপুৰ সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থিত্ব লাভৰ বাবে চেষ্টাৰ ক্ৰুটি কৰা নাই ।

অকণ বৰা
অকণ বৰা

কেৱল কংগ্ৰেছেই নহয়, এই ক্ষেত্ৰত পিছ পৰি থকা নাই বিজেপিও । জ্যেষ্ঠ বিজেপি নেতা, প্ৰাক্তন সাংসদ ৰাজেন গোহাঁইয়ে নগাঁও বা বঢ়মপুৰ সমষ্টিৰ পৰা দলীয় প্ৰাৰ্থিত্ব দিয়াবলৈ চেষ্টা কৰিছে পত্নী ৰীতা গোহাঁইক ।

ৰাজেন গোহাঁই
ৰাজেন গোহাঁই

তেনেদৰে লোকসভালৈ সাংসদ হিচাপে নিৰ্বাচিত হৈ যোৱা পল্লৱলোচন দাসে ৰাঙাপাৰা সমষ্টিত তেওঁৰ পত্নী বিজেপিৰ প্ৰাৰ্থী হোৱাটো বিচাৰিছে । ইয়াৰ বাবে য’ত যি চেষ্টা চলাব লাগে সেই চেষ্টা বিৰামহীনভাবে চলাই গৈছে সাংসদ গৰাকীয়ে ৷

পল্লৱলোচন দাস
পল্লৱলোচন দাস

ইপিনে পিচ পৰি ৰোৱা নাই বিজেপি সাংসদ তপন গগৈও । গগৈয়েও তেওঁৰ পত্নীৰ বাবে গৃহ সমষ্টি সোণাৰিৰ পৰা দলীয় প্ৰাৰ্থিত্ব বিচৰাৰ বাবে তৎপৰতা ইতিমধ্যে আৰম্ভ কৰিছে ।

তপন গগৈ
তপন গগৈ

একেদৰে জ্যেষ্ঠ বিজেপি নেত্ৰী, প্ৰাক্তন সাংসদ বিজয়া চক্ৰৱৰ্তীয়েও তেওঁৰ বিধায়িকা কন্যা সুমন হৰিপ্ৰিয়াই পুনৰ হাজো সমষ্টিৰ পৰা যাতে প্ৰাৰ্থিত্ব লাভ কৰে তাৰ বাবে আপ্ৰাণ চেষ্টা চলাইছে ।

বিজয়া চক্ৰৱৰ্তী
বিজয়া চক্ৰৱৰ্তী

আনহাতে, অগপৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই তেওঁৰ ভাতৃ মণিমাধৱ মহন্তক বঢ়মপুৰ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব দি বৰ্তমানৰ বিধায়ক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ ৰাজনৈতিক কেৰিয়াৰ একপ্ৰকাৰ শেষ কৰাৰ পৰিকল্পনা কৰিছে ।

কেশৱ মহন্ত
কেশৱ মহন্ত

লগতে চাওক-গোলাঘাট আৰক্ষীৰ জালত বাইক চোৰৰ এটা চক্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.