দহ বজাৰ শীৰ্ষ বাতৰি সমুহ - জোনাইত ব্ৰাউন চুগাৰ
দহ বজাৰ শীৰ্ষ বাতৰি সমুহ ৷
দহ বজাৰ শীৰ্ষ বাতৰি সমুহ
গণহত্যাঃ পিতৃ ভগ্নীৰ সন্মুখতে মৰিয়াই মৰিয়াই হত্যা যুৱকক
পিতৃ ভগ্নীৰ সন্মুখতে এদল উদণ্ড লোকে মৰিয়াই মৰিয়াই হত্যা কৰিলে দেৱাশীষ গগৈ নামৰ এজন যুৱকক। এই ঘটনাই এতিয়া তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে সমগ্ৰ মৰিয়নী অঞ্চলত ৷ মৰিয়নী সমষ্টিৰ অন্তৰ্গত গাভৰু বাগিচাৰ কলঘৰৰ সমীপতে সংঘটিত হয় এই অমানৱীয়, শিঁহৰণকাৰী ঘটনা ৷
ডিঙিত লিচুৰ গুটি লাগি মৃত্যু আঢ়ৈ বছৰীয়া শিশুৰ
গোলাঘাটৰ বালিজানত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা । লিচু খাওঁতে ডিঙিত গুটি লাগি প্ৰাণ হেৰুৱাইছে এটি আঢ়ৈবছৰীয়া শিশুয়ে । মৃত শিশুটিৰ নাম ৰিতুপৰ্ন বৰা ।
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম বন্ধৰ দাবীৰে ছাত্ৰ সংগঠনৰ প্ৰতিবাদ
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম অতিশীঘ্ৰে বন্ধ কৰাৰ দাবীত ধেমাজি জিলা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ ৷ শনিবাৰে সামাজিক দূৰত্ব বজাই ৰাখি জলবিদ্যুৎ প্ৰকল্পৰ কাম বন্ধ কৰাৰ দাবীৰে ধেমাজি জিলাৰ বিভিন্ন মহকুমাৰ আঞ্চলিক সমিতিয়ে প্ৰত্যেক সমিটিৰ পাঁচজনকৈ সদস্যই জোনাই বজাৰ, ৰুকচিন আৰু ৰুকচিন নদীৰ লগতে ধেমাজি জিলাৰ বিভিন্ন ঠাইত প্ৰতিবাদ সাব্যস্ত কৰে ৷
খহনীয়াত আক্ৰান্তক পুণৰসংস্থাপনৰ বাবে কেন্দ্ৰক প্ৰস্তাৱ দিব ৰাজ্য চৰকাৰেঃ সৰ্বানন্দ সোণোৱাল
খহনীয়াত ভেটি মাটি হেৰুওৱা ৰাজ্যৰ লাখ লাখ লোকক পুণৰসংস্থাপনৰ বাবে শীঘ্ৰে ৰাজ্য চৰকাৰে কেন্দ্ৰৰ ওচৰত এক প্ৰস্তাৱ দাখিল কৰিব । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘোষণা কৰিছে এই কথা । শণিবাৰে সন্ধিয়া মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা এক বিবৃতিত এই ঘোষণাৰ লগতে আৰু কোৱা হয় যে গৰাখহনীয়াত আক্ৰান্তসকলৰ সাহাৰ্য আৰু পুণৰসংস্থাপনৰ বাবে ইতিমধ্যে পঞ্চদশ বিত্ত আয়োগৰ ওচৰত ৰাজ্য চৰকাৰে এক প্ৰস্তাৱ দাখিল কৰিছিল ।
জোনাইত ব্ৰাউন চুগাৰ সহ দুজন যুৱকক আটক
ধেমাজি জিলাৰ জোনাই মহকুমাত জোনাই আৰক্ষী আৰু আৱকাৰী বিভাগে বিশেষ সূত্ৰৰ পম খেদি শনিবাৰে এক যুটীয়া অভিযান চলায় ৷ এই অভিযানত লাইমেকুৰীত প্ৰায় ১০ গ্ৰাম ব্ৰাউন চুগাৰ উদ্ধাৰ কৰাৰ লগতে ফিজু দলে (২৫) আৰু টেনিছ চাৰহ (২৬) নামৰ দুজন যুৱকক নিচাযুক্ত দ্ৰব্য সেৱন কৰি থকা অৱস্থাত আটক কৰিবলৈ সক্ষম হয় ৷
বিতৰ্কৰ পাছৰে পৰা সন্ধানহীন "টাইকা" বাৰৰ স্বত্বাধিকাৰী
গুৱাহাটীৰ জি এচ ৰোডস্থিত "টাইকা" নামৰ বাৰখন বিতৰ্কৰ মাজত সোমাই পৰাৰ পাছৰে পৰা সন্ধানহীন হৈ আছে বাৰখনৰ স্বত্বাধিকাৰী মিপুন কংকন পেগু ৷ শুকুৰবাৰৰ নিশাৰে পৰা ৰহস্যজনকভাৱে সন্ধানহীন হৈ আছে টাইকা বাৰৰ স্বত্বাধিকাৰী তথা প্ৰাক্তন মন্ত্ৰী ৰাজীৱলোচন পেগুৰ পুত্ৰ মিপুন কংকন পেগু ৷
MMCHৰ পৰা ১১ গৰাকী কৰ'ণা সুস্থ লোকক অব্যাহতি
শনিবাৰে মহানগৰীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালৰ পৰা ৰিলিজ দিয়া হয় সুস্থ হোৱা 11জন কৰ'ণা ৰোগী ৷ ইয়াৰে মৰিগাঁৱৰ 1জন, কামৰূপ গ্ৰাম্য 5জন, কামৰূপ মহানগৰৰ 2জন, নগাঁৱৰ 2জন আৰু কাৰ্বি আংলঙৰ এজন লোক সুস্থ হৈ উঠিছে ।
কোভিড পৰীক্ষাৰ ফলাফল অহাৰ পূৰ্বেই কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা পলায়ন এজনৰ
নগাঁৱত চাঞ্চল্যকৰ ঘটনা । দুমহলীয়া কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা পলায়ন এজন ব্যক্তিৰ । কোভিড-19ৰ ফলাফল অহাৰ পূৰ্বেই পলায়ন কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা । মুম্বাইৰ পৰা আহিছিল পলায়ন কৰা ব্যক্তিজন ৷ শনিবাৰে সন্ধিয়া হঠাৎ কোৱাৰেণ্টাইন কেন্দ্রটোৰ দ্বিতীয় মহলাৰ পৰাই পলায়ন কৰে অভিনন্দন দাস নামৰ ব্যক্তিজনে ।
ডিব্ৰুগড়ত পুনৰ 12 গৰাকীৰ দেহত COVID-19
শণিবাৰৰ নিশা ডিব্ৰুগড়ত নতুনকৈ 12 গৰাকীকৈ লোকৰ দেহত নতুনকৈ COVID-19 ধৰা পৰাৰ পাছতে জিলাখনত অধিক আতাংকময় পৰিৱেশৰ সৃষ্টি হৈছে । ৰাজ্যৰ বিভিন্ন জিলাত কৰ'ণা ৰোগী ধৰা পৰাৰ পাছতো ডিব্ৰুগড়ত কিছুদিন পূৰ্ৱলৈকে এগৰাকীও কৰ'ণা ৰোগী ধৰা নপৰাৰ ফলত যথেষ্ট পৰিমাণে আস্বস্ত হৈ পৰিছিল ডিব্ৰুগড়বাসী ৷
হাইলাকান্দিত একেদিনাই 20 গৰাকী আক্ৰান্ত কৰ'ণা ভাইৰাছত
হাইলাকান্দি জিলাত শনিবাৰে নতুনকৈ 20 গৰাকী কৰ'ণা ভাইৰাছত আক্ৰান্ত হ'ল ৷ ইয়াৰ ভিতৰত আছে 17 গৰাকী পুৰুষ আৰু 3 গৰাকী মহিলা । ইয়াৰ ফলত জিলাখনত মুঠ আক্ৰান্তৰ সংখ্যা 39 গৰাকীলৈ বৃদ্ধি হয় ।