ETV Bharat / city

পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি - TOP 10 AT 9 AM

পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি

TOP 10 AT 9 AM
পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : Sep 22, 2020, 9:01 AM IST

Updated : Sep 22, 2020, 11:44 AM IST

বিশ্ব গঁড় দিৱস ২০২০

প্ৰতি বছৰে ২২ ছেপ্টেম্বৰ তাৰিখটো বিশ্বৰ পাঁচোটা গঁড় প্ৰজাতিক সাঙুৰি গঁড় দিৱস হিচাপে উদযাপন কৰা হয় ৷ গঁড় সংৰক্ষণৰ ক্ষেত্ৰত দেখা দিয়া প্ৰত্যাহ্বানবোৰৰ বিষয়েও এই দিৱসত আলোকপাত কৰা হয় ৷

থানেৰ ভিৱাণ্ডীত মৃতকৰ সংখ্যা 18 লৈ বৃদ্ধি

মহাৰাষ্ট্ৰৰ থানে জিলাৰ ভিৱাণ্ডীত বিল্ডিং খহি পৰি মৃতকৰ সংখ্যা 18 লৈ বৃদ্ধি পাইছে ৷ উদ্ধাৰকাৰী দলে জানিবলৈ দিয়া অনুসৰি, বৰ্তমানলৈকে 20 লোকক উদ্ধাৰ কৰা হৈছে ৷

২৪ ছেপ্তেম্বৰত ভক্তৰ বাবে মুকলি হ’ব শক্তিপীঠ কামাখ্যা

২৪ ছেপ্তেম্বৰত ভক্তৰ বাবে মুকলি হ’ব শক্তিপীঠ কামাখ্যা ৷ কিন্তু মন্দিৰ খোলাৰ ক্ষেত্ৰত কিছু নীতি-নিয়ম বান্ধি দিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে ৷ এই নিয়মসমূহ মানিহে ভক্তৰ বাবে খোলা হ’ব কামাখ্যা ধাম ৷

বৰমাত ভয়ংকৰ অগ্নিকাণ্ড ; জুইত জাহ গ’ল দৈনিক বজাৰ

সোমবাৰে সন্ধিয়া বৰমাত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড ৷ এই অগ্নিকাণ্ডটোত বৰমাৰ দৈনিক বজাৰৰ যথেষ্ট ক্ষতি হোৱাৰ লগতে জুইত জাহ যায় কেইবাখনো দোকান ৷

তীব্ৰ বেগী বাহনে মহতিয়ালে পথচাৰীক

তীব্ৰ বেগী বাহনৰ খুন্দাত গুৰুতৰ ভাৱে আহত এজন পথচাৰী ৷ এখন টাটা এচি বাহনে পথচাৰী জনক মহতিয়াই নিয়ে ৷ নগাঁৱৰ কচুৱা মাধৱপাৰাত এই দুৰ্ঘটনা সংঘটিত হয় ৷ ঘটনা সংঘটিত কৰিয়ে বাহন খনৰ পলায়ন ৷

অসমত 4.4 প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি

নিশাৰ ভাগত 4.4 প্ৰাবল্যৰ এক শক্তিশালী ভূমিকম্পই জোকাৰি যায় সমগ্ৰ অসম ৷ অসম আৰু ভূটানত অনুভূত হোৱা এই ভূমিকম্পৰ উৎস সৰ্থেবাৰী আৰু হাজোত বুলি জানিব পৰা গৈছে ৷

কোভিড-19ত মৃত্যু হোৱা লোকৰ বাবে অতিৰিক্ত বডী বেগৰ নিবিদা

কোভিড-19ত মৃত্যু হোৱা এজন ৰোগীৰ সৎকাৰৰ বাবে অসমৰ প্ৰত্যেক জিলাৰ উপায়ুক্তৰ জৰিয়তে 5 হাজাৰ টকা খৰছ কৰাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কৰ্তৃপক্ষই ৷ অসমত সকলোকেইখন জিলা সামৰি এই বডী বেগ বিচাৰিছে স্বাস্থ্য বিভাগে ।

স্বাস্থ্য বিভাগৰ আজৱ কাণ্ড, আৱৰ্জনাৰ মাজতে খুলিলে মহাবিদ্যালয়

মৰিগাঁৱত স্বাস্থ্য বিভাগৰ আজৱ কাণ্ড ৷ ক'ভিড-19ৰ ভয়াৱহতাৰ মাজতেই কোৱাৰেন্টাইন কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰা ঘনকান্ত বৰুৱা মহাবিদ্যালয় মুকলি কৰিবলৈ অনুমতি দিয়ে যদিও চাফা নকৰাকৈয়ে এৰি যায় ক'ভিড ৰোগীৰ আৱৰ্জনা ৷

আইপিএল 2020 : 10 ৰানত জয়ী ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰ

ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত সোমবাৰে মুখামুখি হয় ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰ ৷ ভাৰতীয় সময় অনুসৰি 7.30 বজাত অনুষ্ঠিত হোৱা মেচখনত 10 ৰানত জয়ী হয় বিৰাট কোহলী নেতৃত্বাধীন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰ ৷

গোলাঘাটৰ বগীধলা চাহ বাগিচাত কিশোৰৰ ৰহস্যজনক মৃত্যু

বগীধলা বাগিচাৰ পৰিচালন সঞ্চালক সমীৰ ৰয় আৰু সুধীৰ ৰয়ৰ বাংলোত বনকৰা হিচাপে আছিল কিশোৰজন ৷ কিন্তু সোমবাৰে পুৱা ৰহস্যজনকভাৱে পুখুৰীৰ পৰা উদ্ধাৰ কৰা হয় কিশোৰজনৰ মৃতদেহ ৷

Last Updated : Sep 22, 2020, 11:44 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.