ETV Bharat / city

পুৱা 9 বজাৰ দহটা শীৰ্ষ বাতৰি

পুৱা 9 বজাৰ দহটা শীৰ্ষ বাতৰি

TOP 10 AT 9 AM
পুৱা 9 বজাৰ দহটা শীৰ্ষ বাতৰি
author img

By

Published : Aug 18, 2020, 9:08 AM IST

  1. অৱশেষত নিৰ্বাপনৰ দিশে বাঘজানৰ জুই

বাঘজানত স্থাপিত হ'ল বিশেষ BOP ৷ বিশেষভাৱে তৈয়াৰী BOPটো সফলতাৰে সংস্থাপন কৰা হয় ৷ 83 দিনৰ অন্তত বাঘজান তৈলক্ষেত্ৰৰ BGR-5ত BOP স্থাপনত সফল অইল কৰ্তৃপক্ষ ৷

2. COVID-১৯ : ৰাজ্যত সক্ৰিয় ৰোগীৰ সংখ্যা 22,733 গৰাকী

ৰাজ্যত অব্যাহত আছে কৰ’ণা ভাইৰাছৰ ভয়ংকৰ সংক্ৰমণ ৷ ৰাজ্যত সোমবাৰে পুনৰ 2,792 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিডৰ উপস্থিতি ৷ বৰ্তমানে সংক্ৰিয় ৰোগীৰ সংখ্যা 22,733 গৰাকীলৈ বৃদ্ধি ৷

3. পদ্মবিভূষণ সংগীত শিল্পী পণ্ডিত যশৰাজৰ দেহাৱসান

ভাৰতীয় সাংস্কৃতিক জগতলৈ দুঃখবৰ ৷ 90 বছৰ বয়সত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু প্ৰসিদ্ধ সংগীত শিল্পী পণ্ডিত যশৰাজৰ ৷

4. চল চাই কঠিয়া পাৰিলে অভিনেতা যতীন বৰাই

ৰীল লাইফৰ পৰা ৰিয়েল লাইফটো দুৰ্দান্ত অভিনয় কৰিলে যতীন বৰাই ৷ দল ত্যাগৰ 7 মাহ নৌহওঁতেই পুনৰ এৰি যোৱা ঘৰলৈ বাট বুলিলে অভিনেতাগৰাকীয়ে ৷ 'কা' আন্দোলনৰ সময়ত লতাশিল খেলপথাৰৰ প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ অসমৰ ৰাইজৰ লগত থকাৰ প্ৰতিশ্ৰুতি দিয়া যতীন বৰাই বিজেপি দলত যোগদান কৰে ৷

5. ৰাজ্যিক শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ সংবাদমেল

সংবাদমেলত আঠখন আঁচনিৰ অধীনত ২০২০-২১ বিত্তীয় বৰ্ষৰ বাবে সৰ্বমুঠ ৬৩ কোটি টকা আৱন্টন দিয়াৰ কথা ঘোষণা মন্ত্ৰী সঞ্জয় কিষাণৰ ৷ লগতে প্ৰাক-প্ৰাথমিক জলপানী ৩০০০ টকাকৈ ২২৪৬ গৰাকী ছাত্ৰ-ছাত্ৰীক দিয়াৰ কথা জানিবলৈ দিয়ে শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে ৷

6. ৰাজপথৰ পৰা দুৰ্বৃত্তই লুটি নিলে 35 লাখ টকা

উত্তৰ গুৱাহাটীৰ কলবাৰীত চাঞ্চল্যকৰ ডকাইটি কাণ্ড ৷ গ্ৰীণভেলী ৰাইচ মিলৰ সমীপত জি এন আৰ চি হাস্পতালৰ পৰা অভয়পুৰস্থিত বেংকলৈ নি থকা অৱস্থাতে এজন হাস্পতাল কৰ্তৃপক্ষৰ হাতৰ পৰা দুৰ্বৃত্তই লুটি নিয়ে 35 লাখ টকা ৷ ঘটনা সন্দৰ্ভত কামৰূপ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷

7. ধুবুৰীত ভয়ংকৰ অগ্নিকাণ্ড

ধুবুৰীৰ এখন বজাৰত নিশা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । পাঁচখনকৈ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত ৷

8. ‘কা’ আৰু ‘EIA’ ৰ বিৰুদ্ধে বিশ্বনাথত ব্যাপক প্ৰতিবাদ

‘‘নাগৰিকত্ব সংশোধনী আইন’’ আৰু ‘‘পৰিবেশ প্ৰভাৱ নিৰূপণ অধিসূচনা 2020’’ ৰ সন্দৰ্ভত বিশ্বনাথত প্ৰতিবাদ অসম জাতীয়বাদী যুৱ ছাত্র পৰিষদৰ ৷

9. অসম আৰক্ষীক প্ৰশ্ন জুবিন গাৰ্গ ফেন ক্লাৱৰ

সদৌ অসম জুবিন গাৰ্গ ফেন ক্লাৱে জুবিন গাৰ্গক অপদস্থ কৰা দুস্কৃতিকাৰীক আটক কৰিব নোৱাৰাৰ বাবে অসম আৰক্ষীক গৰিহণা দিয়াৰ লগতে অসম আৰক্ষীলৈ প্ৰক্ষেপ কৰিছে কেইবাটাও প্ৰশ্ন ৷

10. কৰ'ণাত আক্ৰান্ত হৈ হায়দৰাবাদত মৃত্যু অসমৰ যুৱকৰ

হায়দৰাবাদত ক'ভিড আক্ৰান্ত হৈ মৃত্যু অসমৰ যুৱকৰ ৷ শনিবাৰে চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় সোণেশ্বৰৰ ৷ সোনেশ্বৰৰ মৃত্যুৰ বাতৰি লাভ কৰি কান্দোনত ভাগি পৰিছে পত্নী-পুত্ৰ ,মাতৃ তথা চুবুৰীয়া ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.