ETV Bharat / city

পুৱা 11 বজাৰ দহটা শীৰ্ষ বাতৰি - TOP 10 AT 11 AM

পুৱা 11 বজাৰ দহটা শীৰ্ষ বাতৰি

TOP 10 AT 11 AM
পুৱা 11 বজাৰ দহটা শীৰ্ষ বাতৰি
author img

By

Published : Aug 26, 2020, 11:05 AM IST

৬ মাহৰ বাবে অসমক পুনৰ 'অশান্ত অঞ্চল' ঘোষণা

৬ মাহৰ বাবে অসমক পুনৰ 'অশান্ত অঞ্চল' ঘোষণা । AFSPA ৰ অধীনত অসমক 'অশান্ত অঞ্চল' ঘোষণা । অহা ২৮ আগষ্টৰ পৰা ৬ মাহৰ বাবে এই ঘোষণা কাৰ্যকৰী হ'ব ।

ৰায়গড় ঘটনা : মৃতকৰ সংখ্যা ১৪ গৰাকীলৈ বৃদ্ধি

মহাৰাষ্ট্ৰৰ ৰায়গড়ত ৫ মহলীয়া অট্টালিকা খহি মৃত্যু হোৱা লোকৰ সংখ্যা ১৪ জনলৈ বৃদ্ধি । ৩৬ঘণ্টাৰ পিছতো অব্যাহত আছে উদ্ধাৰ অভিযান । ১৯ ঘণ্টাৰ শ্বাসৰুদ্ধকৰ অভিযানৰ অন্তত জীৱন্তে উদ্ধাৰ ৪ বছৰীয়া শিশু ।

পত্নীক ডিঙি চেপি হত্যা, আৰক্ষী থানাত আত্মসমৰ্পন দোষীৰ

নিশা নিজ গৃহতে পত্নীক হত্যা কৰি কাকী আৰক্ষীৰ থানাত আত্মসৰ্মপন কৰে স্বামী মংগল দালুৰ ৷

তেজপুৰত আত্মপ্ৰকাশ "সংযুক্ত আঞ্চলিক দল অসম" নামে নতুন ৰাজনৈতিক দল

অসমৰ ৰাজনীতিত ভূমিষ্ঠ হ'ল এক নতুন ৰাজনৈতিক দল । তেজপুৰৰ চহৰৰ মাজমজিয়াৰ পৰা নিশা ঐতিহ্য মন্দিত বান থিয়েটাৰত মঙলবাৰে জন্ম হ'ল আন এক আঞ্চলিক ৰাজনৈতিক দল ৷

অৱশেষত পিঞ্জৰাবদ্ধ হ'ল মালিগাঁৱত আতংকৰ সৃষ্টি কৰা নাহৰফুটুকী

অৱশেষত নিশা মালিগাঁও আদিংগিৰি পাহাৰত পিঞ্জৰাবদ্ধ হ'ল প্ৰকাণ্ড নাহৰফুটুকী । বিগত কিছুদিন ধৰি নাহৰফুটুকীটোৱে চলাই আছিল আতংক । যোৱা শুকুৰবাৰে নাহৰফুটুকীটোৰ আক্ৰমণত নিহত হৈছিল শিৱম কুমাৰ নামৰ এটি ৬ বছৰীয়া শিশু ।

ফেচবুকত আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকাক ভাবুকি প্ৰদান

গুৱাহাটীৰ চন্দন মালাকাৰ নামৰ এজন ব্যক্তিয়ে কাণতলীয়া চৰ শুধোৱাৰ ভাবুকি প্ৰদান কৰা লগতে মদ খাই নিজৰ জীৱন ধ্বংস কৰিলে বুলি বিধায়ক প্ৰদীপ হাজৰিকাক কটাক্ষ কৰে ৷

তামুলপুৰত চিকিৎসালয় নিৰ্মাণৰ কামত ব্যাপক দুৰ্নীতিৰ অভিযোগ

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ সৰ্বসাধাৰণ জনতাৰ চিকিৎসাৰ বাবে আশা-ভৰসাৰ থলী তামুলপুৰৰ ৫০ খন বিছনাযুক্ত চিকিৎসালয় নিৰ্মাণৰ কামত ব্যাপক দুৰ্নীতিৰ অভিযোগ উথাপন হৈছে ৷

শিলচৰত কেইবাটাও মণিপুৰী সংগঠনৰ প্ৰতিবাদ

মণিপুৰী ভাষাক চৰকাৰী ভাষা হিচাপে মৰ্যাদা প্ৰদান কৰাৰ বাবে হাতে হাতে প্লে'কার্ড লৈ শ্ল’গান দি পৰিবেশ উত্তাল কৰি তোলে সংগঠন কেইটাই ৷

শিলচৰ চিকিৎসা মহাবিদ্যালয়ত মন্ত্ৰী পীযুষ হাজৰিকা

শিলচৰত উপস্থিত হয় অসম চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী মন্ত্ৰী পীযুষ হাজৰিকা ৷ গুৱাহাটীৰ পৰা চাৰিজন অভিজ্ঞ চিকিৎসকক লগত লৈ মহাবিদ্যালয়খনত উপস্থিত হয় মন্ত্ৰীগৰাকী ৷

গায়ক-অভিনেতাৰ বিজেপিত যোগদানঃ ছ'চিয়েল মিডিয়াত ব্যাপক সমালোচনা

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ প্ৰতিটো প্ৰধান ৰাজনৈতিক দলৰে এতিয়া প্ৰধান উদ্দেশ্য হৈ পৰিছে ভোটাৰৰ মাজত ৰাজনৈতিক চমক সৃষ্টি কৰা ৷ এইবাৰ প্ৰতিটো ৰাজনৈতিক দলৰে যেন মূল টাৰ্গেট হৈ পৰিছে শিল্পীসমাজ ৷ মঙলবাৰে ৰাজ্যিক বিজেপিত যোগ দিলে প্ৰায় ২৮ জনীয়া এটা শিল্পীৰ দলে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.