ETV Bharat / city

পুনৰ হাগ্ৰামা মহিলাৰীৰ হাতলৈ যাব পাৰে বড়ো ভূমিৰ শাসনৰ বাঘজৰী !

যিকোনো মূহুৰ্ততে সলনি হৈ যাব পাৰে বড়ো ভূমিৰ ৰাজনৈতিক প্ৰেক্ষাপট । বি টি আৰত বৰ্তমানে পৰিষদ চলাই থকা ইউ পি পি এলৰ ঠাইত হয়তো দেখা যাব পাৰে বি পি এফক । বড়ো ভূমিৰ দুয়োটা প্ৰভাৱশালী ৰাজনৈতিক দলকেই লগত ৰাখি অতি কৌশলপূৰ্ণভাৱে আগুৱাই যোৱাৰ এক অদ্ভূত সমীকৰণ প্ৰস্তুত কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই ।

btr politics
হাগ্ৰামা মহিলাৰী
author img

By

Published : Aug 25, 2021, 6:02 PM IST

গুৱাহাটী, ২৫ আগষ্ট : অসম্ভৱ যেন লাগিলেও সত্য যে, যিকোনো মূহুৰ্ততে সলনি হৈ যাব পাৰে বড়ো ভূমিৰ ৰাজনৈতিক প্ৰেক্ষাপট । বি টি আৰত বৰ্তমানে পৰিষদ চলাই থকা ইউ পি পি এলৰ ঠাইত হয়তো দেখা যাব পাৰে বি পি এফক । ইতিমধ্যে দিছপুৰত ইয়াৰ গুণা-গঠা আৰম্ভ হৈছে । মুখ্যমন্ত্ৰী আৰু বিজেপি দলৰ ক্ৰমাৎ ওচৰ চাপি আহিছে হাগ্ৰামা মহিলাৰী ।

পুনৰ বড়ো ভূমিৰ মচনদত বহিব পাৰে হাগ্ৰামা মহিলাৰী !

অৱশ্যে তাৰ অৰ্থ এইটো নহয় যে, হাগ্ৰামা বা বি পি এফ দল ওচৰ চাপি অহাৰ লগে লগে বিজেপিৰ কাষৰ পৰা আঁতৰি যাব বৰ্তমানৰ মিত্ৰ দল ইউ পি পি এল । বড়ো ভূমিৰ দুয়োটা প্ৰভাৱশালী ৰাজনৈতিক দলকেই লগত ৰাখি অতি কৌশলপূৰ্ণভাৱে আগুৱাই যোৱাৰ এক অদ্ভূত সমীকৰণ প্ৰস্তুত কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই ।

লগতে পঢ়ক : মৃত্যুৰে যুঁজি অৱশেষত হাৰ মানিলে নন্দিতাই

মনকৰিবলগীয়া যে, বি টি আৰত একক সংখ্যাগৰিষ্ঠ দল হোৱা স্বত্বেও পৰিষদ গঠনৰ বাবে ৰাজ্যপালে বি পি এফক আমন্ত্ৰণ জনোৱা নাছিল । ফলত বি পি এফ দল উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল আৰু উচ্চ ন্যায়ালয়ে ইতিমধ্যে নিৰ্দেশ দিছে গোপন বেলটৰে বি টি আৰ পৰিষদত সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ বাবে । গতিকে বল এতিয়া ৰাজ্য চৰকাৰৰ ক'ৰ্টত । ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি ক্ৰমাৎ মুখ্যমন্ত্ৰীৰ ওচৰ চাপিছে হাগ্ৰামা মহিলাৰী ।

লগতে পঢ়ক : বাৰিষাৰ ভৰা নৈ খোজকাঢ়ি পাৰ হ’বলগীয়া এটা বিশেষ অঞ্চল...

ই টিভি ভাৰতৰ হাতত পৰা তথ্য অনুসৰি ইতিমধ্যে মহিলাৰীয়ে মুখ্যমন্ত্ৰীক দিছে এক বিশেষ প্ৰস্তাৱ ৷ ৰাজ্য চৰকাৰৰ ফালৰ পৰা যদিহে ৰাজ্যপালক আগন্তুক উপ-নিৰ্বাচনৰ পূৰ্বেই বি টি আৰত গোপন বেলটৰ দ্বাৰা শক্তি পৰীক্ষা কৰাৰ পৰামৰ্শ দিয়া হয়, আৰু ভবা মতেই যদি সকলো হয় তেন্তে বড়োভূমিৰ দুটা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনত এটাতো বি পি এফে প্ৰাৰ্থী আগনবঢ়ায় । ইতিমধ্যে বি পি এফৰ বিধায়ক দুৰ্গা দাস বড়োৱে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে এই কথা ।

লগতে পঢ়ক : চৰাইদেউৰ লাংকুৰী দৌলত দুষ্কৃতিকাৰীয়ে চলালে খনন

বি টি আৰ পৰিষদত গোপন বেলটেৰে‌ শক্তি পৰীক্ষা হ'লে নিশ্চিতভাৱে বি পি এফ জয়ী হ’ব আৰু পৰিষদ বি পি এফে গঠন কৰিব বুলি তেওঁ দাবী কৰে । ইয়াৰ ফলত ৰাজ্য চৰকাৰ বা বিজেপি দলৰ কোনো ক্ষতি নহ’ব বুলিও তেওঁ মন্তব্য কৰে । ইপিনে প্ৰাপ্ত খবৰ মতে গোপন বেলটেৰে বি টি আৰ পৰিষদত শক্তি পৰীক্ষা হোৱাৰ পূৰ্বেই বৰ্তমানৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োক হয়তো কেবিনেট মন্ত্ৰীৰ পদত অধিষ্ঠিত কৰা হ’ব পাৰে । মুঠতে এতিয়া যিকোনো মূহুৰ্ততে যে বড়োভূমিৰ ৰাজনৈতিক প্ৰেক্ষাপট সলনি হ’ব পাৰে তাৰ সম্পূৰ্ণ ইংগিত পোৱা গৈছে ।

লগতে পঢ়ক : Microfinance Loan: ঋণ ৰেহায়ৰ ক্ষেত্ৰত এখোজ আগুৱালে চৰকাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.