ETV Bharat / city

বানত বুৰিছে 18 খন জিলা : বিপদসীমাৰ ওপৰেৰে বৈছে মানাহ - কপিলীৰ বান্ধৰ পানীয়ে শংকিত কৰি তুলিছে লখিমপুৰবাসীক

ৰাজ্যত অব্যাহত আছে বানৰ সংহাৰ ৷ বুধবাৰে পুনৰ বানত এজন লোকৰ মৃত্যু হয় ৷ নলবাৰীত বুঢ়াদিয়া নৈৰ বাঢ়নী পানীয়ে ছিঙি নিয়ে বিহামপুৰ-মধুপুৰৰ মূলপথ । আনহাতে বৃহস্পতিবাৰে পুৱা খুলি দিয়া হয় কপিলী নদীৰ বান্ধ ৷ কপিলীৰ বান্ধৰ পানীয়ে অশনি সংকেত কঢ়িয়াই আনিছে হোজাই আৰু নগাঁও জিলালৈ ৷

The second phase of flood hits Assam
কপিলী নদীৰ বান্ধৰ পানীয়ে শংকিত কৰি তুলিছে লখিমপুৰবাসীক
author img

By

Published : Jun 16, 2022, 1:59 PM IST

Updated : Jun 16, 2022, 2:18 PM IST

নিউজ ডেস্ক, 16 জুন : বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত পুনৰ জলমগ্ন হৈছে কেইবাখনো জিলা ৷ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ(Assam Disaster Management Authority)ৰ কৰ্তৃপক্ষই প্ৰেৰণ কৰা প্ৰতিবেদন অনুসৰি, ৰাজ্যৰ প্ৰায় 18 খন জিলাৰ 37 টা ৰাজহ চক্ৰৰ 317 খন গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে ৷ বিপদসীমাৰ ওপৰেদি বৈছে মানাহ নদীৰ জলস্তৰ ।

প্ৰতিবেদনত প্ৰকাশ কৰা অনুসৰি বৰ্তমানলৈ বানত প্ৰায় ৭৪,১১৬ জন লোক ক্ষতিগ্ৰস্ত হৈছে । বজালী জিলাত বুধবাৰে বানত এজন লোকৰ মৃত্যু হয় ৷ জানিব পৰা মতে, কামৰূপ মেট্ৰ', ডিমা হাচাও, গোৱালপাৰা আৰু আন কিছুমান ঠাইত ধাৰাসাৰ বৰষুণৰ ফলত ভূমিস্খলন হয় । গোৱালপাৰা জিলাৰ আজাদ নগৰত বৃহস্পতিবাৰে ভূমিস্খলনত দুজন লোকে প্ৰাণ হেৰুৱায় ৷ একেদৰে গুৱাহাটী মহানগৰত ভূমিস্খলনত দুজন লোক আহত হয় ।

The second phase of flood hits Assam
কপিলী নদীৰ বান্ধৰ পানীয়ে শংকিত কৰি তুলিছে লখিমপুৰবাসীক

বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি অহা ১৭ জুনলৈকে অসম, মেঘালয় আৰু অৰুণাচলত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে । ধাৰাসাৰ বৰষুণ আৰু কৃত্ৰিম বানৰ বাবে কামৰূপ মেট্ৰ' জিলা প্ৰশাসনে বৃহস্পতিবাৰে চৰকাৰী আৰু বেচৰকাৰী খণ্ডৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ বন্ধ ৰখাৰ নিৰ্দেশনা জাৰি কৰিছে । অৱশ্যে ইতিমধ্যে নিৰ্ধাৰিত হৈ থকা পৰীক্ষাসমূহ চলি থাকিব ৷ ইয়াৰ সমান্তৰালভাৱে এছডিআৰএফ আৰু এনডিআৰএফ বাহিনীয়ে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান ৷

নলবাৰী জিলাৰ ধৰ্মপুৰ সমষ্টিৰ অন্তৰ্গত বৰাখাটত বুঢ়াদিয়া নৈৰ বাঢ়নী পানীয়ে ছিঙি নিয়ে বিহামপুৰ-মধুপুৰৰ মূলপথ । যাৰ ফলত অঞ্চলটোত যাতায়ত ব্যাহত হৈ পৰাৰ লগতে সংযোগ বিচ্ছিন্ন হৈ পৰে । বাঢ়নী পানীৰ তাণ্ডৱত দুয়োটা অঞ্চলৰ ৰাইজৰ মাজত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । আনহাতে, বৃহস্পতিবাৰে পুৱা কপিলী নদীৰ বান্ধ খুলি দিয়া ফলত কপিলীৰ বান্ধৰ পানীয়ে অশনি সংকেত কঢ়িয়াই আনিছে হোজাই আৰু নগাঁও জিলালৈ ৷

লগতে পঢ়ক : বৰুণ দেৱতাৰ কোপদৃষ্টিত অসহায় ৰাজ্য়ৰ জনতা

Last Updated : Jun 16, 2022, 2:18 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.