গুৱাহাটী, ১৬ জানুৱাৰী : ৰাজ্যত ক’ভিড আক্ৰান্তৰ হাৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত শনিবাৰৰে পৰা টীকাকৰণৰ প্ৰমাণপত্ৰ নথকা লোকক ৰাজহুৱা স্থানত প্ৰৱেশৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে ৰাজ্য চৰকাৰে (New rules for entering Assam state zoo) ।
চৰকাৰৰ নীতি-নিৰ্দেশনা মানি মহানগৰীৰ অসম ৰাজ্যিক চিৰিয়াখানাৰ প্ৰৱেশদ্বাৰত টীকাকৰণৰ প্ৰমাণপত্ৰ দেখুৱালেহে ভিতৰত প্ৰৱেশৰ অনুমতি দিয়া হৈছে (Assam state Zoo is open only for fully vaccinated people) ।
অসম ৰাজ্যিক চিৰিয়াখানাৰ এক সূত্ৰই প্ৰকাশ কৰা মতে, সপ্তাহৰ আনবাৰতকৈ দেওবাৰৰ দিনটোত চিৰিয়াখানাত দৰ্শনাৰ্থীৰ ভিৰ অধিক হয় । আজিও চিৰিয়াখানা পৰিদৰ্শন কৰিবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লোকৰ সমাগম হয় । দেওবাৰৰ দিনটোত চিৰিয়াখানালৈ মুঠ ২,৯৪৩ গৰাকী দৰ্শনাৰ্থী আহে যদিও যোৱাটো দেওবাৰৰ তুলনাত ৪০% দৰ্শনাৰ্থী কমিছে । কিয়নো যোৱা দেওবাৰে চিৰিয়াখানাত ৫,১৪৩ গৰাকী দৰ্শনাৰ্থী আহিছিল ।
আজি বহু দৰ্শনাৰ্থী চিৰিয়াখানাত প্ৰৱেশ নকৰাকৈয়ে উভতি যাবলগীয়া হয় । কিয়নো শনিবাৰৰে পৰা চৰকাৰে বান্ধি দিয়া নীতি-নিৰ্দেশনা মানি টীকাকৰণৰ প্ৰমাণপত্ৰ থকা দৰ্শনাৰ্থীকহে চিৰিয়াখানাৰ ভিতৰত প্ৰৱেশ কৰাৰ অনুমতি দিয়া হৈছে ।
শিশুসকলৰ বাদে ১৫ বছৰ বয়সৰ ওপৰৰ এটা ভেকচিন লোৱা লোকসকলক ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই । ফলত বহু দৰ্শনাৰ্থীয়ে দুপালি ভেকচিন নোলোৱাৰ বাবে প্ৰমাণ পত্ৰ দেখুৱাব নোৱাৰি উভতি গৈছে । কিয়নো চিৰিয়াখানা কৰ্তৃপক্ষই দৰ্শনাৰ্থীসকল টিকট ক্ৰয় কৰি প্ৰৱেশ দুৱাৰলৈ যোৱাৰ আগতেই ঘোষণা কৰিছে যে, দুপালি ভেকচিন লোৱাৰ প্ৰমাণ পত্ৰৰ দেখুৱাইহে ভিতৰত প্ৰৱেশ কৰিব পাৰিব ।
তদুপৰি মাস্ক পৰিধান কৰি চিৰিয়াখানাৰ ভিতৰলৈ প্ৰৱেশ কৰিছে যদিও বাহিৰলৈ ওলাই অহাৰ সময়ত একাংশ অসচেতন লোকে মাস্ক পৰিধান নকৰাও পৰিলক্ষিত হৈছে ।
উল্লেখ্য যে, মহানগৰীৰ একাংশ ৰাজহুৱা স্থানত দুপালি ভেকচিন লোৱাৰ প্ৰমাণপত্ৰ দেখুৱাটো বাধ্যতামূলক হৈছে যদিও আনপিনে মহানগৰীৰ অধিকাংশ ৰাজহুৱা স্থানতে ভেকচিন লোৱাৰ প্ৰমাণপত্ৰ নোচোৱাৰ লগতে মাস্ক পৰিধান নকৰাকৈ ৰাজহুৱা স্থানত প্ৰৱেশ কৰিবলৈ দিয়া বুলিও অভিযোগ উত্থাপন হৈছে ।
লগতে পঢ়ক: ক’ভিড আহিলেও সময়তেই অনুষ্ঠিত হ’ব মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা