গুৱাহাটী, ৩ মাৰ্চ: দেওবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাবত অনুষ্ঠিত হয় সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সংবাদমেল ।এই সংবাদমেলত টেট শিক্ষক সমাজৰ সভাপতি পদ্মলোচন দলে আৰু সাধাৰণ সম্পাদক মিৰাজুল ৰছিদে বিভিন্ন জিলাত 2012 চনৰ পৰা বৰ্তমানলৈকে সৰ্বশিক্ষাৰ অধীনত ঠিকাভিত্তিক কৰ্মৰত টেট উত্তীৰ্ণ শিক্ষক সকলৰ দুখ-দুৰ্দশাৰ কথা সদৰী কৰে ।
ইপিনে টেট শিক্ষক সমাজৰ সভাপতি পদ্মলোচন দলেৰ অভিযোগ- বৰ্তমান টেট উত্তীৰ্ণ 3000 হাজাৰ শিক্ষকৰ স্থায়ী চাকৰিৰ নিযুক্তিকৰণৰ লগতে বিদ্যালয় সমূহৰ সমস্যা দূৰীকৰণৰ উদ্দেশ্যে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । 7 মাৰ্চত প্ৰতিখন জিলাৰ পৰা মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিবলগীয়া স্মাৰক পত্ৰক গুৰুত্ব সহকাৰে লৈ সমস্যাটোৰ স্থায়ী সমাধানৰ দাবী জনায় পদ্মলোচন দলেই । চৰকাৰে দিয়া এবছৰীয়া চুক্তি পত্ৰত চহী নকৰে কোনো এজন টেট শিক্ষকে ।