ETV Bharat / city

হুছেইন সাগৰক বিনায়ক সাগৰ কৰাৰ ইচ্ছা বিজেপিৰ

author img

By

Published : Sep 8, 2022, 4:20 PM IST

Updated : Sep 8, 2022, 4:35 PM IST

যিসময়ত গনেশভক্ত সকলে হুছেইন সাগৰত এনে এক অভাৱনীয় পৰিস্থিতিৰ মুখামুখি হৈছিল, সেই সময়ত আছাদউদ্দিন ওৱেইছিৰ এ আই এম আই এমৰ মুখ্য কাৰ্যালয়ত বিৰাজ কৰিছিল এক উৎসৱমুখৰ পৰিবেশে ৷ এই অভিযোগ বিজেপিৰ ৷

হুছেইন সাগৰক বিনায়ক সাগৰ কৰাৰ ইচ্ছা বিজেপিৰ
হুছেইন সাগৰক বিনায়ক সাগৰ কৰাৰ ইচ্ছা বিজেপিৰ

নিউজ ডেস্ক, 8 ছেপ্টেম্বৰ: হায়দৰাবাদ চহৰৰ অন্যতম পৰ্যটকথলীৰূপে বিখ্যাত "হুছেইন সাগৰ"ৰ নাম সলনি কৰি "বিনায়ক সাগৰ" ৰখাৰ দাবী তুলিছে তেলেংগানা প্ৰদেশ বিজেপিৰ সভাপতি বান্দী সঞ্জয় কুমাৰে(Telangana BJP Chief Bandi Sanjay Kumar) ৷ স্মৰ্তব্য যে বিগত প্ৰায় এটা সপ্তাহজুৰি সমগ্ৰ হায়দৰাবাদ চহৰকে ধৰি তেলেংগানাত গনেশ চতুৰ্থী উপলক্ষে এক উখল মাখল পৰিবেশে বিৰাজ কৰি আছে ৷

তেলেংগানা প্ৰদেশ বিজেপিৰ সভাপতি বান্দী সঞ্জয় কুমাৰ

কিন্তু গনেশ মুৰ্তি বিসৰ্জনৰ সময়ত বা উৎসৱমুখৰ এই দিনকেইটাত ৰাজ্যখনৰ শাসনাধীষ্ঠ দল তেলেংগানা ৰাষ্ট্ৰ সমিতিৰ চৰকাৰখনে ভক্তসকলৰ সা-সুবিধাৰ বাবে কোনো ব্যৱস্থাই গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে বিজেপি নেতাজনে (BJP lashed out TRS led Telangana government)৷ আনকি গনেশ মুৰ্ত্তি বিসৰ্জনৰ সময়ত হুছেইন সাগৰত(Hussain Sagar at Hyderabad) যি বিশৃংখল পৰিস্থিতিৰ উদ্ভৱ হৈছিল তাক নিয়ন্ত্ৰণ কৰাৰো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল তেলেংগানা চৰকাৰে ৷

যাৰ বাবে ভক্তসকলে দূৰ্ভোগ ভূগিবলগীয়া হৈছিল ৷ যিসময়ত গনেশভক্ত সকলে হুছেইন সাগৰত এনে এক অভাৱনীয় পৰিস্থিতিৰ মুখামুখি হৈছিল, সেই সময়ত আছাদউদ্দিন ওৱেইছিৰ (Asaduddin Owaisi) এ আই এম আই এমৰ মুখ্য কাৰ্যালয়ত বিৰাজ কৰিছিল এক উৎসৱমুখৰ পৰিবেশে ৷ এই অভিযোগ বিজেপিৰ ৷

বান্দী সঞ্জয় কুমাৰে এই বুলিও প্ৰশ্ন তোলে যে তেলেংগানাত হিন্দুসকলে গনেশ পূজাৰ আয়োজন কৰিলে মুৰ্ত্তিৰ উচ্চতা, পেণ্ডেলৰ উচ্চতা, চাউণ্ড চিষ্টেমৰ ব্যৱহাৰ সকলোৰে বাবে অনুমতি লোৱাটো বাধ্যতামূলক ৷ হিন্দুসকলে কি কৰ আদায় নিদিয়ে নেকি বুলি প্ৰশ্ন তোলে বিজেপি নেতাজনে ৷ সেয়েহে হায়দৰাবাদৰ বিখ্যাত হুছেইন সাগৰৰ নাম শীঘ্ৰে সলনি কৰি বিনায়ক সাগৰ ৰখাৰ দাবী তুলিছে বিজেপিয়ে(hussain sagar to change as vinayak sagar) ৷

লগতে পঢ়ক: গুৱাহাটীত ড৹ শৰ্মা-ৰিঅ'ৰ বৈঠক: শান্তি চুক্তি প্ৰসংগত কাইলৈ আলোচনা অমিত শ্বাহৰে

Last Updated : Sep 8, 2022, 4:35 PM IST

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.