ETV Bharat / city

20 শতাংশ পূজা বোনাচ লাগিবই : চাহ মজদুৰ সংঘৰ হুংকাৰ

author img

By

Published : Aug 22, 2019, 6:37 PM IST

চাহ শ্ৰমিকৰ 20 শতাংশ পূজাৰ বোনাচ বাতিলৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে অসম চাহ মজদুৰ সংঘই ৷

20 শতাংশ পূজা বোনাচ লাগিবই : চাহ মজদুৰ সংঘৰ হুংকাৰ

গুৱাহাটী, 22 আগষ্ট: সংকটত চাহ উদ্যোগ ৷ পূজাৰ বোনাচৰ পৰা বঞ্চিত হ'ব পাৰে চাহ শ্ৰমিক ৷ বিশেষকৈ আন্তৰ্জাতিক বজাৰত অসমৰ চাহৰ মূল্য দ্ৰুত গতিত অৱনমিত হোৱাৰ বাবে এইবাৰৰ পূজাত চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ দিব নোৱাৰিব বুলি চাহ কোম্পানী সমূহে ঘোষণা কৰিছে ৷ এই ঘোষণাৰ পাচতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে অসম চাহ মজদুৰ সংঘই ৷ সংঘৰ হৈ উপ সভাপতি তথা প্ৰাক্তন বিধায়ক ৰাজু চাহুৱে এনে সিদ্ধান্তক কোনো কাৰণতে মানি লোৱা নহব বুলি দৃঢ়তাৰে ঘোষণা কৰে ৷ লগতে চাহ মালিকগোষ্ঠী তথা কোম্পানীয়ে যি কোনো মূল্যৰ বিনিময়ত চাহ শ্ৰমিকক 20 শতাংশ বোনাচ আদায় দিব লাগিব বুলি হুংকাৰ প্ৰদান কৰে ৷

উল্লেখ্য যে অসমত থকা বৃহৎ চাহ কোম্পানী তথা মালিক কতৃপক্ষই এইবাৰ পূজাত ২০ ৰ পৰিৱৰ্তে এইবাৰ ৮.৩৩ শতাংশ হাৰতহে বোনাচ আদায় দিব বুলি কৰা ঘোষণাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ যাৰ পাচতে জাঙুৰ খাই উঠিছিল অসম চাহ মজদুৰ সংঘকে ধৰি অন্যান চাহ শ্ৰমিক সংগঠন সমূহ ৷

Intro:গুৱাহাটী, ২২ আগষ্ট: আন্তৰ্জাতিক বজাৰত অসমৰ চাহৰ মূল্য দ্ৰুত গতিত অবনমিত হোৱাৰ বাবে এইবাৰ কোনো এখন বাগিচাই
শ্ৰমিকক পূজাৰ বোনাচ ২০ শতাংশ দিব নোৱাৰিব বুলি চাহ কোম্পানী সমূহৰ বিভিন্ন সংগঠনে ঘোষণা কৰাৰ লগে লগে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ২০ ৰ পৰিবৰ্তে এইবাৰ ৮.৩৩ শতাংশ হাৰতহে কোম্পানীসমূহে বোনাচ আদায় দিব বুলি ঘোষণা কৰিছে।Body:চাহ মালিকগোষ্ঠীৰ বিভিন্ন সংগঠন আৰু কোম্পানী সমূহৰ এনে সিদ্ধান্তক কোনো কাৰণতে মানি লোৱা নহব বুলি দৃঢ়তাৰে ঘোষণা কৰিছে অসম চাহ মজদুৰ সংঘৰ উপ সভাপতি তথা প্ৰাক্তন বিধায়ক ৰাজু চাহুৱে।Conclusion:কেৱল বৃহৎ কোম্পানী সমূহেই নহয়, অসম চাহ নিগমৰ বাগিচা সমূহেও ২০ শতাংশ হাৰত শ্ৰমিকক পূজাৰ বোনাচ আদায় দিবই লাগিব বুলি তেও মন্তব্য কৰে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.