ETV Bharat / city

গৌতম ৰয় দূৰ্নীতিগ্ৰস্ত নেতা, দূৰ্নীতিৰ পৰা হাত সাৰিবলৈয়ে বিজেপিত যোগদান কৰিছে গৌতম ৰয়ে ! - NRC

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে দিছপুৰস্থিত নিজ চৰকাৰী বাসভৱনত এখনি সংবাদমেল সম্বোধন কৰি কেবাটাও বিস্ফোৰক মন্তব্য আগবঢ়ায় । উক্ত সাংবাদমেলত মোডী চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ মন্তব্য আগবঢ়ায় ৷

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সংবাদমেলৰ আহ্বান
author img

By

Published : Aug 17, 2019, 10:09 PM IST

গুৱাহাটী, 17 আগষ্টঃ শনিবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে দিছপুৰস্থিত নিজ চৰকাৰী বাসভৱনত এখনি সংবাদমেলৰ আয়োজন কৰি কেবাটাও বিস্ফোৰক মন্তব্য আগবঢ়ায় । উক্ত সাংবাদমেলত মোডী চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ মন্তব্য আগবঢ়ায় ৷ তেওঁ কয় যে বিগত 2014 চনত 2 কোটি যুৱকক কৰ্মসংস্থাপন দিয়াৰ আশ্বাস প্ৰদান কৰিছিল । কিন্তু সেই আশ্বাস আজি ধোঁৱা চাঙত পৰিণত হ'ল । লগতে কথাৰ ফুলজাৰী মাৰি মানুহৰ মন ভুলোৱা প্ৰথমজন প্ৰধানমন্ত্ৰী বুলিও মন্তব্য কৰে । অৰ্থনৈতিক দিশৰ ফালৰ পৰাও দেশ আজি যথেষ্ট দুৰ্বল হৈ পৰিছে বুলি উল্লেখ কৰাৰ লগতে কংগ্ৰেছৰ দিনত অৰ্থব্যৱস্থাৰ দিশটো এতিয়াৰ দৰে দুৰ্বল নাছিল বুলিও কয় প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে । গগৈয়ে ধৰ্মীয় উত্তেজনাৰ প্ৰসংগত কয় যে মোডী চৰকাৰখনে ধৰ্মৰ ক্ষেত্ৰত ৰাজনীতি কৰি আহিছে । আজি দেশত ধৰ্মৰ নামত হত্যা, হিংসা, গণ প্ৰহাৰ আদি হৈ আহিছে । কিন্তু এইক্ষেত্ৰত মোডীয়ে নিচ্ছুপ হৈ বহি আছে । ভাৰতৰ বিভিন্ন ৰাজ্যত বানৰ সমস্যাই জুৰুলা কৰিছে। বানপীড়িত ৰাইজৰ ওচৰত খবৰ লবলৈ মোডীৰ আহৰি নাই বুলি মন্তব্য কৰে গগৈয়ে ।লগতে তেওঁ কাশ্মীৰ সন্দৰ্ভতো মন্তব্য আগবঢ়াই কয় যে যদিহে জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 বাতিল কৰা সিদ্ধান্ত পূৰ্বৰ পৰাই আছিল তেনেহলে তাৰ মানুহখিনিৰ পৰা এবাৰ হ'লেও সুধি লব লাগিছিল । এয়া গণতন্ত্ৰ নে একতন্ত্ৰ? 14 আগষ্টৰ দিনা নাগালেণ্ডত স্বাধীনতা দিৱস কেনেকৈ উদযাপন কৰিব পাৰিলে? এয়া মোডী চৰকাৰৰ দিনতহে সম্ভৱ । কংগ্ৰেছৰ দিনত কেতিয়াও এনে হোৱা নাছিল বুলি কয় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে । সংবাদ মাধ্যমৰ বিষয়েও মন্তব্য আগবঢ়ায় কয় যে মোডী চৰকাৰৰ দিনত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকসকলে আজিকালি বাতৰিকাকত, বৈদ্যুতিক গণ মাধ্যমত লিখিবলৈ ভয় কৰে । কাৰণ যেতিয়াই তেতিয়াই বিজেপি দলটোৱে বিৰোধ কৰা সকলৰ ওপৰত গোচৰ তৰে । গৌতম ৰয়ে বিজেপিত যোগদান কৰা সন্দৰ্ভত তেখেতে কয় যে গৌতম ৰয় এজন দুৰ্নীতিৰে লিপ্ত ব্যক্তি । দুৰ্নীতিৰ পৰা হাত সাৰিবলৈ ৰয়ে বিজেপিত যোগদান কৰিছে বুলি কয় । তেওঁ কয় যে যদিহে এপিএচিৰ সঠিক তদন্ত হৈছে তেনেহলে তেন্তে ৰাকেশ পালৰ ভাতৃক আজিলৈ কিয় গ্ৰেপ্তাৰ কৰা নাই বুলি প্ৰশ্ন কৰে । এন আৰ চি সন্দৰ্ভতো গগৈয়ে কয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে চূড়ান্ত এন আৰ চি হোৱাটো নিবিচাৰে যাৰবাবে আজিলৈ এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশ কৰিবৰ বাবে উচ্চতম ন্যায়ালয়ৰ পৰা সময় বিচাৰি আছে আৰু ন্যায়ালয়ে সময় নাকচ কৰি আছে । বিজেপি চৰকাৰখনে এন আৰ চিৰ মাধ্যমেৰে এটা সম্প্ৰদায়ক মূল লক্ষ্য কৰি লৈছে বুলি মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ।

Intro: গগৈৰ

Body:শনিবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে দিছপুৰস্থিত নিজ চৰকাৰী বাসভৱনত এখনি সংবাদমেলৰ আয়োজন কৰি কেবাটাও বিস্ফোৰক মন্তব্য আগবঢ়ায়। উক্ত সাংবাদমেলত মোডী চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ মন্তব্য আগবঢ়ায় কয় যে 15 আগষ্টত প্ৰধানমন্ত্ৰী মোডীয়ে নিজৰ ভাষণত জনসংখ্যা বৃদ্ধি নিয়ন্ত্ৰণ আৰু প্লাষ্টিক বৰ্জন কৰাকে ধৰি বহু বিষয়ৰ ওপৰত ভাষণ দিয়ে যদিও দেশৰ নিবনুৱা সংস্থাপন আৰু দেশৰ অৰ্থনীতিৰ বিষয়ে উল্লেখ নকৰি এটা কথা স্পষ্ট কৰি দিছে যে প্ৰধানমন্ত্ৰী মোডী কথাৰ ফুলজাৰী মৰা মোডী। বিগত 2014 চনত 2 কোটি যুৱকক কৰ্মসংস্থাপন দিয়াৰ আশ্বাস প্ৰদান কৰিছিল। কিন্তু সেই আশ্বাস আজি ধোৱা চাঙত পৰিণত হ'ল। লগতে কথাৰ ফুলজাৰী মাৰি মানুহৰ মন ভুলোৱা প্ৰথম প্ৰধানমন্ত্ৰী বুলিও মন্তব্য কৰে।

অৰ্থনৈতিক দিশৰ ফালৰ পৰাও যথেষ্ট দুৰ্বল হৈ পৰিছে। কংগ্ৰেছৰ দিনত অৰ্থব্যৱস্থাৰ দিশটো এতিয়াৰ দৰে দুৰ্বল নাছিল বুলিও কয় প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে।

মোডী চৰকাৰখনে ধৰ্মৰ ক্ষেত্ৰত ৰাজনীতি কৰি আহিছে। আজি দেশত ধৰ্মৰ নামত হত্যা, হিংসা, গণ প্ৰহাৰ আদি হৈ আহিছে। কিন্তু এইক্ষেত্ৰত মোডীয়ে নিচ্ছুপ হৈ বহি আছে।

জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো মোদী চৰকাৰ বিফল হৈছে। ৰাজীৱ গান্ধীৰ দিনত জনসংখ্যা নিয়ন্ত্ৰনত আছিল। আজি অসমৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যত বানৰ সমস্যাই জুৰুলা কৰিছে। বানপীড়িত ৰাইজৰ ওচৰত খবৰ লবলৈ মোডীৰ আহৰি নাই বুলি মন্তব্য কৰে গগৈয়ে।

লগতে তেওঁ কাশ্মীৰ সন্দৰ্ভতো মন্তব্য আগবঢ়াই কয় যে যদিহে জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 বাতিল কৰা সিদ্ধান্ত পূৰ্বৰ পৰাই আছিল তেনেহলে তাৰ মানুহখিনিৰ পৰা এবাৰ হলেও সুধি লব লাগিছিল। এয়া গণতন্ত্ৰ নে একতন্ত্ৰ?

14 আগষ্টৰ দিনা নাগালেণ্ডত স্বাধীনতা দিৱস কেনেকৈ উদযাপন কৰিব পাৰিলে? এয়া মোডী চৰকাৰৰ দিনতহে সম্ভৱ। কংগ্ৰেছৰ দিনত কেতিয়াও এনে হোৱা নাছিল বুলি কয়। নাগালেণ্ডৰ ক্ষেত্ৰত নেডাই এতিয়া চকু মুদা কুলিৰ ভাৱত আছে। বিগত তিনিবছৰে নাগালেণ্ড আৰু অসমৰ ভূমি বিবাদক লৈ কংগ্ৰেছৰ শাসনকালত তৰা গোচৰ কিয় উচ্চতম ন্যায়ালয়ত গোচৰ প্ৰক্ৰিয়া চলা নাই বুলিও বিজেপিক তীব্ৰ সমালোচনা কৰে গগৈয়ে।

ৰাজ্যত এতিয়া ছিণ্ডিকেটৰাজ চলি আছে। দৈনিক বৃদ্ধি পাবলৈ ধৰিছে অবৈধ ছিণ্ডিকেট। এয়া কেৱল মোডী চৰকাৰৰ দিনত হে হৈছে। অনাগত দিনত এই ছিণ্ডিকেট চলিয়েই থাকিব। দুৰ্নীতিমুক্ত চৰকাৰ গঠন কৰাৰ শ্লোগান গাই ফুৰা মোডী এতিয়া ক'ত গ'ল?

বিজেপি মুখত এটা, পেটত এটা। প্ৰধানমন্ত্ৰী মোডী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক মিছলীয়া আখ্যা প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈৰ। লগতে তেওঁ সংবাদ মাধ্যমৰ বিষয়েও মন্তব্য আগবঢ়ায় কয় যে মোডী চৰকাৰৰ দিনত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকসকলে আজিকালি বাতৰিকাকত, বৈদ্যুতিক গণ মাধ্যমত লিখিবলৈ ভয় কৰে। যেতিয়াই তেতিয়াই গোচৰ তৰে। কিন্তু কংগ্ৰেছৰ দিনত আজি কালিৰ দৰে সাংবাদিক সকলে ভয় কৰা নাছিল।

গৌতম ৰয়ে বিজেপিত যোগদান কৰা সন্দৰ্ভত তেখেতে কয় যে গৌতম ৰয় এজন দুৰ্নীতিৰে লিপ্ত ব্যক্তি। দুৰ্নীতিৰ পৰা হাত সাৰিবলৈ ৰয়ে বিজেপিত যোগদান কৰিছে বুলি কয়। লগতে গৌতম ৰয়ে ৰাকেশ পালক এপিএছচি নিযুক্তিৰ ক্ষেত্ৰত গগৈক হেচা প্ৰদান কৰিছিল। গৌতম ৰয়ে বঙালী সম্প্ৰদায়ৰ লোকক নিযুক্তি দিবলৈ হেচা দিছিল। বিজেপিয়ে কৈ আছে এপিএছচিৰ সঠিক তদন্ত কৰিছে। যদিহে সঠিক তদন্ত হৈছে তেনেহলে তেন্তে ৰাকেশ পালৰ ভাতৃক আজিলৈ কিয় গ্ৰেপ্তাৰ কৰা নাই বুলি প্ৰশ্ন কৰে।

এন আৰ চি সন্দৰ্ভতো গগৈয়ে কয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে চূড়ান্ত এন আৰ চি হোৱাটো নিবিচাৰে যাৰবাবে আজিলৈ এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশ কৰিবৰ বাবে উচ্চতম ন্যায়ালয়ৰ পৰা সময় বিচাৰি আছে আৰু ন্যায়ালয়ে সময় নাকচ কৰি আছে। এন আৰ চি খচৰা প্ৰকাশৰ পাছত অমিত শ্বাহে অসমত 40 লাখ বিদেশী থকাৰ কথা কৈছিল। কিন্তু যিসকলৰ নাম খচৰাত প্ৰকাশ হোৱা নাছিল সেইসকল লোক প্ৰকৃত ভাৰতীয় আৰু বিভিন্ন ৰাজ্যৰ আছিল। তেওঁলোকৰ নথি পত্ৰৰ সঠিক ভেৰিফিকেচন নাছিল বাবেহে খচৰা প্ৰকাশ পোৱা নাছিল। লগতে কয় যে এজন আঠ বছৰীয়া শিশুৰ এন আৰ চিত নাম প্ৰকাশ নোপোৱাটো এক চিন্তনীয় বিষয়। ইয়াৰ পৰা এইটোয়ে প্ৰমাণ হৈছে যে বিজেপি চৰকাৰখনে এটা সম্প্ৰদায়ক মূল লক্ষ্য কৰি লৈছে।

Conclusion:Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.