ETV Bharat / city

গুৱাহাটীত চুইগী কৰ্মচাৰীৰ প্ৰতিবাদ

অনলাইন খাদ্য যোগানকাৰী এপ্লিকেশ্বন চুইগীৰ কৰ্মচাৰীয়ে সাব্যস্ত কৰে প্ৰতিবাদ । লকডাউনৰ সুবিধা লৈ বহুজাতিক প্ৰতিষ্ঠান চুইগীয়ে কৰ্মচাৰী সকলৰ প্ৰাপ্য বিভিন্ন সুবিধা লগতে ভাট্টা সমূহ কৰ্তন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি কৰ্মচাৰী সকলে সাব্যস্ত কৰে প্ৰতিবাদ ।

author img

By

Published : Jan 28, 2021, 7:00 PM IST

swiggy-workers-protest
গুৱাহাটীত চুইগী কৰ্মচাৰীৰ প্ৰতিবাদ

গুৱাহাটী, 28 জানুৱাৰী : গুৱাহাটী মহানগৰীত অনলাইন খাদ্য যোগানকাৰী এপ্লিকেশ্বন চুইগীৰ কৰ্মচাৰীয়ে বৃহস্পতিবাৰে সাব্যস্ত কৰে প্ৰতিবাদ । উলুবাৰী লাচিত নগৰৰ কেএফচি সন্মুখত বিভিন্ন দাবীৰে কৰ্মচাৰী সকলে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷ লকডাউনৰ সুবিধা লৈ বহুজাতিক প্ৰতিষ্ঠান চুইগীয়ে কৰ্মচাৰী সকলৰ প্ৰাপ্য বিভিন্ন সুবিধা লগতে ভাট্টা সমূহ কৰ্তন কৰাৰ গুৰুতৰ অভিযোগ তুলি কৰ্মচাৰী সকলে সাব্যস্ত কৰে প্ৰতিবাদ ।

swiggy-workers-protest
গুৱাহাটীত চুইগী কৰ্মচাৰীৰ প্ৰতিবাদ
প্ৰতিবাদকাৰী চুইগী কৰ্মচাৰী সকলে নিজৰ দাবী সমূহ উত্থাপন কৰি কয় যে, প্ৰতিটো অৰ্ডাৰ সেৱা মূল্য নূন্যতম ৩০টকা হোৱা লগতে গ্ৰাহকক যোগান ধৰা অৰ্ডাৰ বাবদ ৫টকা দিব লাগিব । শূন্য পৰা ৫কিঃমিঃ লৈকে ৭টকা, ৫-৮ কিঃমিঃ ৯ টকা আৰু ৮ কিঃমিঃ ওপৰৰ অৰ্ডাৰ সমূহত ১২টকাকৈ দিব লাগিব । চুইগী অৰ্ডাৰ সমূহ একমাত্ৰ চুইগী প্ৰতিষ্ঠানত পঞ্জীয়ন হৈ থকা কৰ্মচাৰীয়ে পাব লাগিব । অন্য প্ৰতিষ্ঠান যেনে ৰেপি'ড, চাৰ্ডফক্স আদি লগত জড়িত কৰ্মচাৰীয়ে আগবঢ়াব নোৱাৰিব ।আনহাতে যিসকল নিবনুৱাই গ্ৰাহকক চাইকেলৰ সহায়ত সেৱা আগবঢ়াই আহিছে সেই সকলৰ কথা উল্লেখ কৰি প্ৰতিবাদকাৰী সকলে কয় যে, চাইকেলেৰে সেৱা আগবঢ়াই অহা যুৱক সকলে ৰেষ্টুৰেন্টত অপেক্ষা কৰিব লগা হ'লে সময়ৰ মূল্য দিব লাগিব । ইয়াৰ উপৰিও বৰষুণৰ বতৰত কৰ্মচাৰী সকলক প্ৰতিটো অৰ্ডাৰ বিপৰীতে ২০ টকাকৈ অতিৰিক্ত ভাৱে দিব লাগিব ৷

লগতে পঢ়ক: তৃতীয় পৰ্যায়ত তিনিখন যুদ্ধ বিমান ৰাফেলৰ ভাৰতত অৱতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.