ETV Bharat / city

হাতে-হাতে ঝাডু লৈ স্বচ্ছ অভিযানত নামিল অসম আৰক্ষী - প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্বচ্ছ ভাৰত অভিযান

মহাত্মা গান্ধীৰ জন্মদিন উপলক্ষ্যে সমগ্ৰ দেশৰ লগতে অসম আৰক্ষীয়েও হাতত লৈছে স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচী ৷ প্ৰতিটো সময়তে হাতত লাঠি - বন্ধুক লৈ ফুৰা আৰক্ষী বিভাগৰ এই কৰ্মচাৰীসকলে পৰিস্কাৰ-পৰিচ্ছন্নতাৰ বাবে হাতে হাতে তুলি ল'লে ঝাড়ু, কোৰ, বেলছা আদি ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আৰম্ভ কৰা স্বচ্ছ ভাৰত অভিযানৰ অংশ হিচাপে অসম আৰক্ষীয়ে এই কাৰ্যসূচী ৰূপায়ণ কৰে ৷

স্বচ্ছ অভিযানত নামিল অসম আৰক্ষী
author img

By

Published : Sep 29, 2019, 2:31 PM IST

নিউজ ডেস্ক, 29 ছেপ্টেম্বৰ : মহাত্মা গান্ধীৰ জন্মদিন উপলক্ষ্যে সমগ্ৰ দেশৰ লগতে অসম আৰক্ষীয়েও হাতত লৈছে স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচী ৷ প্ৰতিটো সময়তে হাতত লাঠি - বন্ধুক লৈ ফুৰা আৰক্ষী বিভাগৰ এই কৰ্মচাৰীসকলে পৰিস্কাৰ-পৰিচ্ছন্নতাৰ বাবে হাতে হাতে তুলি ল'লে ঝাড়ু, কোৰ, বেলছা আদি ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আৰম্ভ কৰা স্বচ্ছ ভাৰত অভিযানৰ অংশ হিচাপে অসম আৰক্ষীয়ে এই কাৰ্যসূচী ৰূপায়ণ কৰে ৷

ৰঙাপৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বুধিন পেগুৰ নেতৃত্বত বহুকেইজন উপ-পৰিদৰ্শকে একগোট হৈ চাফাই অভিযানত অংশগ্ৰহণ কৰে ৷ থানাখনৰ কাষতে থকা হিন্দু গাঁও আৰু থানাৰ সন্মুখৰ পথচোৱা চাফ-চিকুণ কৰি সুন্দৰ কৰি তোলে আৰক্ষী বিভাগৰ লোকসকলে ৷

স্বচ্ছ অভিযান
সজাগতা ৰেলী

পশ্চিম সংমণ্ডল আৰক্ষীৰ উদ্যোগত মহানগৰীৰ জালুকবাৰীতো অনুষ্ঠিত কৰা হয় 'স্বচ্ছতা হী সেৱা' শীৰ্ষক কাৰ্যসূচী ৷ এই কাৰ্যসূচীৰ অংশ হিচাপে ভূপেন হাজৰিকা সমাধিক্ষেত্ৰৰ সন্মুখ ভাগত চাফাই অভিযান চলোৱা হয় ৷ পশ্চিম গুৱাহাটী সংমণ্ডলৰ আৰক্ষী অধীক্ষক খনীন্দ্ৰ কুমাৰ চৌধুৰীৰ নেতৃত্বত অনুষ্ঠিত এই কাৰ্যসূচীত গছপুলি ৰোপনৰ বাবেও সকলোকে আহ্বান জনোৱা হয় ৷ আৰক্ষীৰ এই কাৰ্যসূচীত সহযোগিতা আগবঢ়াই জালুকবাৰী কেন্দ্ৰীয় নাগৰিক সমিতিয়ে ৷ উল্লেখযোগ্য যে, এই স্বচ্ছ অভিযানত এচিপি জয়ন্ত বৰুৱা, জালুকবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জীত কুমাৰ ৰায়, জালুকবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত কাকতিকে ধৰি কেইবাগৰাকীও উচ্চপদস্থ আৰক্ষী বিষয়া আৰু অঞ্চলটোৰ ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।

অসম আৰক্ষীৰ স্বচ্ছ ভাৰত অভিযান

হাতে হাতে ঝাড়ু লৈ আৰু গ্লোভছ পৰিধান কৰি চাফাই অভিযানত নামি পৰে হোজাই জিলা লংকা আৰক্ষী বিভাগো | বিভিন্ন দল-সংগঠনৰ সহযোগিতাত লংকা আৰক্ষীয়ে নিজৰ চৌহদৰ লগতে ৰাজপথতো স্বচ্ছ অভিযান কাৰ্যকৰী ৰূপায়ন কৰে | পথত জমা হৈ থকা আৱৰ্জনা আঁতৰাই পৰিস্কাৰ কৰি তোলাৰ লগতে সকলোকে প্লাষ্টিক বৰ্জন কৰিবলৈ আহ্বান জনাই আৰু এক সজাগতা ৰেলীৰ আয়োজন কৰে লংকা আৰক্ষীৰ বিষয়া, কৰ্মচাৰী তথা বিভিন্ন দল সংগঠনৰ লোকসকলে ৷

Intro:ৰঙাপৰাত স্বচ্ছ অভিযানত নামিল স্থানীয় আৰক্ষীঃ ৰাইজৰ ভূয়সী প্ৰংশসাBody:ৰঙাপৰাঃ ৰাজ্যত একাংশ আৰক্ষীয়ে খাকী পোছাক যোৰত কলংকৰ দাগ লগাই ৰাইজৰ সমালোচনাৰ পাত্ৰ হৈ অহাৰ সময়তে আজি ৰঙাপৰাৰ আৰক্ষীয়ে গ্ৰহণ কৰে এক প্ৰশংসনীয় পদক্ষেপ। লাঠি-বন্দুক থানাত জমা থৈ পুৱাই আৰক্ষীসকলে হাতে হাতে ঝাড়ু, কোৰ, বেলছা লৈ স্বচ্ছ ভাৰত অভিযানত নামি পৰে। ৰঙাপৰা আৰক্ষী থানাৰ প্ৰভাৰী বুধিন পেগুৰ নেতৃত্বত উপ-পৰিদৰ্শকসকল ক্ৰমে দিলীপ কুমাৰ বৰা, বুধিন বৰা, সত্য কাকতিকে ধৰি অভিজিৎ বৰা, অতুল আলি, সন্তোষ ছেত্ৰী, বিচিত্র বৰা, ৰাজেশ কুজুৰ, নীলাম্বৰ ভূঞা, আব্দুল আকন্দ ৰজক, মধুস্মিতা দাস, আৰতি বসুমতাৰী, ইলা দৈমাৰী, মিলিয়নি মিঞ্চ চাফাই অভিযান চলাই। আৰক্ষী বাহিনীৰ লোকসকলে থানাখনৰ কাষেৰে যোৱা হিন্দু গাঁৱলৈ যোৱা আৰু থানাৰ সন্মুখৰ পথচোৱা চাফ-চিকুণ কৰি সুন্দৰ কৰি তোলে। আৰক্ষীসকল কেৱল আইন-শৃংখলা ৰক্ষা কৰাতে ব্যস্ত নাথাকি পৰিৱেশ চাফ-চিকুণ কৰি ৰাখিব লাগে সেই কথাকে প্ৰতিপন্ন কৰিছে।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.