ETV Bharat / city

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনী প্ৰচাৰত বিজেপিৰ ৰথী-মহাৰথী - মিত্রদল অগপৰ প্ৰাৰ্থী

আহৰি নোহোৱা হৈছে মন্ত্ৰী-বিধায়ক তথা নেতাসকলৰ । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু দলে আঠগৰাকী মন্ত্ৰীক বিশেষ দায়িত্ব দিছে (ministers given responsibility by CM Himanta) । পৌৰ নিগমৰ নিৰ্বাচনকলৈ দায়িত্ব ভগাই দিয়া হৈছে মন্ত্রীসকলক। ৱাৰ্ডে ৱাৰ্ডে প্ৰচাৰত ব্যস্ত মন্ত্রী। কোন মন্ত্রীক কি দায়িত্ব দিয়া হ'ল চাওক এই প্ৰতিবেদন।

state BJP's top leaders busy in Guwahati Municipal Corporation election campaign
গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনী প্ৰচাৰত বিজেপিৰ ৰথী-মহাৰথী
author img

By

Published : Apr 12, 2022, 10:09 PM IST

গুৱাহাটী, ১২ এপ্ৰিল : গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনলৈ মাজত মাত্র কেইটামান দিন বাকী । সকলো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীসকল এতিয়া ব্যস্ত নিৰ্বাচনী প্ৰচাৰত। শাসকীয় দল বিজেপিৰ ৰথী-মহাৰথী সকলো নামি পৰিছে নিৰ্বাচনী প্ৰচাৰত (GMC election campaign)। এটাৰ পাছত আনটোকৈ নিৰ্বাচনত অভূতপূৰ্ব সফলতা লাভ কৰা বিজেপিয়ে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনক সহজভাৱে লোৱা নাই।

state BJP's top leaders busy in Guwahati Municipal Corporation election campaign
গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনী প্ৰচাৰত বিজেপিৰ ৰথী-মহাৰথী

বৰং আৰু অধিক তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে । আহৰি নোহোৱা হৈছে মন্ত্ৰী-বিধায়ক তথা নেতাসকলৰ । লক্ষণীয় বিষয় যে, মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু দলে আঠগৰাকী মন্ত্ৰীক বিশেষ দায়িত্ব দিছে । পৌৰ নিগমৰ নিৰ্বাচনকলৈ (GMC election 2022) দায়িত্ব ভগাই দিয়া হৈছে । ইতিমধ্যে, তিনিটা ৱাৰ্ডত বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হৈছে বিজেপি প্ৰাৰ্থী ।

বাকী থকা ৫৭ টা ৱাৰ্ডৰ ভিতৰত সাতটা ৱাৰ্ডত মিত্রদল অগপৰ প্ৰাৰ্থী অৱতীৰ্ণ হৈছে। এই ৫৭টা ৱাৰ্ডত হ'বলগীয়া নিৰ্বাচনত জয়ৰ বাবে নামি পৰিছে মিত্ৰজোঁটৰ ৰথী-মহাৰথী ৷ ইতিমধ্যে দল আৰু চৰকাৰে নিৰ্বাচনী পথাৰত প্ৰচাৰৰ বাবে নমাইছে ৭ গৰাকী বিজেপি মন্ত্ৰীৰ লগতে এগৰাকী অগপ মন্ত্ৰীক ৷ অসম চৰকাৰৰ বিত্ত মন্ত্ৰী অজন্তা নেওগক পশ্চিম গুৱাহাটী আৰু জালুকবাৰী মণ্ডলৰ ১,২,৯,১০,৩,৪,৭ আৰু ৮ নম্বৰ ৱাৰ্ডৰ দায়িত্ব দিয়া হৈছে ।

সেই অনুসৰি তেওঁ প্ৰচাৰত ব্ৰতী হৈ আছে। আনহাতে এই ৮ টা ৱাৰ্ড তদাৰক কৰাত সাংসদ পল্লৱ লোচন দাস মন্ত্ৰীগৰাকীৰ লগত আছে। মন্ত্ৰী অশোক সিংঘলক বিজেপিৰ সাধাৰণ সম্পাদক দীপ্লু ৰঞ্জন শৰ্মাৰ সৈতে দায়িত্ব অৰ্পন কৰা হৈছে চাৰিটা মণ্ডলৰ ৯ টাকৈ গুৰুত্বপূৰ্ণ ৱাৰ্ড ক্ৰমে, ১৪,১৫,১৯,২০,২১,১৬,১৭,১৮আৰু ৪৮।

মন্ত্ৰী বিমল বৰাক পুলক গোঁহাইৰ সৈতে পশ্চিম গুৱাহাটী, ৰাজধানী, পূব গুৱাহাটী আৰু ৰাজধানী মণ্ডলৰ দায়িত্ব দিছে দলে ৷ য'ত আছে গুৰুত্বপূৰ্ণ ১১,১২,১৩,৪১,৪৯ আৰু ৫০নম্বৰ ৱাৰ্ড ৷ দক্ষিণ গুৱাহাটী, ৰাজধানী আৰু গুৱাহাটী কেন্দ্ৰীয় মণ্ডলৰ ২৩,২৪,২৫,২৬,২৭,২৯ আৰু ৬০নম্বৰ ৱাৰ্ডৰ দায়িত্বত আছে মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছা ।

অগপৰ মন্ত্ৰী কেশৱ মহন্ত আৰু বিজেপিৰ উপ সভানেত্ৰী বিজুলী কলিতা মেধিৰ দায়িত্বত আছে চাৰিটা মণ্ডলৰ গুৰুত্বপূৰ্ণ ২৮,৩৬,৩৭,৩৮,৫৬আৰু ৫৯ নম্বৰ ৱাৰ্ড। আনহাতে মন্ত্ৰী পিযুষ হাজৰিকা আৰু দলৰ ৰাজ্যিক উপ সভাপতি জয়ন্ত কুমাৰ দাসক দিয়া হৈছে পূব গুৱাহাটী আৰু দিছপুৰ মণ্ডলৰ ৩২, ৩৩, ৩৪, ৩৫, ৫১, ৫৩, ৫৪, ৫৫, ৫৭ আৰু ৫৮নম্বৰ ৱাৰ্ডৰ গুৰুত্বপূৰ্ণ দায়িত্ব ।

পূব গুৱাহাটী আৰু ৰাজধানী মণ্ডলৰ ৩৯, ৪০, ৪২, ৪৩, ৪৪, ৪৫আৰু ৪৬নম্বৰ ৱাৰ্ডৰ দায়িত্বত আছে মন্ত্ৰী যোগেন মহন আৰু প্ৰাক্তন মন্ত্ৰী নৱ কুমাৰ দলে। মন্ত্ৰী সঞ্জয় কিষাণ আৰু সাংসদ তপন কুমাৰ গগৈক তিনিটা মণ্ডলৰ ৩০, ৩১, ৪৭ আৰু ৫২ নম্বৰ ৱাৰ্ডৰ দায়িত্ব দিয়া হৈছে। মন্ত্ৰী ৰণজিৎ কুমাৰ দাস দিল্লীত আজাদী কা অমৃত মহোৎসৱত ব্যস্ত থকাৰ বাবে মন্ত্ৰীগৰাকীক এতিয়ালৈকে কোনো দায়িত্ব দিয়া হোৱা নাই।

সেইদৰে অগপ সভাপতি তথা মন্ত্ৰী অতুল বৰা আৰু ইউ পি পি এলৰ মন্ত্ৰী ইউ জি ব্ৰহ্মকো কোনো দায়িত্ব দিয়া হোৱা নাই। বিজেপি মূলতঃ ব্যাপক অংকৰে নিৰ্বাচনী প্ৰচাৰত অৱতীৰ্ণ হৈছে। বিজেপিয়ে পৌৰ নিগমৰ গোটেই কেইটা ৱাৰ্ড মিত্রজোঁটৰ দখলত ৰখাৰ লক্ষ্যৰে প্ৰচাৰত অৱতীৰ্ণ হৈছে।

লগতে পঢ়ক: এইবাৰ বজাৰৰ মাজত বিহুগীত জুৰিলে বিধায়ক ৰূপজ্যোতিয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.