ETV Bharat / city

অটল বিহাৰী বাজপেয়ীৰ পুণ্য তিথিত নেতাগৰাকীক স্মৰণ কৰিলে ৰাজ্যিক বিজেপিয়ে

author img

By

Published : Aug 16, 2022, 10:08 PM IST

পুণ্য তিথিত অটল বিহাৰী বাজপেয়ীক স্মৰণ ৰাজ্যিক বিজেপিৰ (Atal Bihari Vajpayee death anniversary) । ৰাজ্যিক বিজেপিৰ ৪০ খন সাংগঠনিক জিলাৰ লগতে বুথ আৰু মণ্ডল পর্যায়ত অটল বিহাৰী বাজপেয়ীক সোঁৱৰণ (State BJP remembers Atal Bihari Vajpayee on his death anniversary) ।

State BJP remembers Atal Bihari Vajpayee on his death anniversary
বাজপেয়ীৰ সমগ্ৰ জীৱন ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত আছিল মন্তব্য ভৱেশ কলিতাৰ

গুৱাহাটী, ১৬ আগষ্ট : প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ পুণ্য তিথি উপলক্ষে আজি অৰ্থাৎ মঙলবাৰে ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়ত স্মৃতিচাৰণ সভাৰ আয়োজন কৰা হয় (State BJP remembers Atal Bihari Vajpayee on his death anniversary)। বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত হোৱা স্মৃতিচাৰণ সভাত অটল বিহাৰী বাজপেয়ীৰ প্ৰতিছব্বিত মাল্যপণ কৰাৰ লগতে তেখেতৰ মহান কৰ্মৰাজিক সোঁৱৰণ কৰা হয় ।

ভাষণ প্ৰসংগত ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয় যে, মহাসাগৰ সম ব্যক্তিত্বৰ অধিকাৰী অটল বিহাৰী বাজপেয়ীদেৱৰ জীৱন সম্পৰ্কে ক’ব বিচৰাটো ধৃষ্টতা মাথোঁ । বাজপেয়ীৰ সমগ্ৰ জীৱন ৰাষ্ট্ৰৰ প্ৰতি সমপ্ৰিত আছিল । এনে এজন বৰেণ্য ব্যক্তিৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ সমাজৰ বাবে কাম কৰিবলৈ পোৱাটো পৰম সৌভাগ্যৰ কথা ।

তেওঁ কয় যে, আকর্ষণীয় ব্যক্তিত্ব আৰু মহান গুণৰ অধিকাৰী বাজপেয়ীৰ সন্মোহিত বক্তব্যই সংসদৰ ভিতৰে বাহিৰে সকলো বিৰোধীকে সন্মোহিত কৰি ৰাখিছিল । অটল বিহাৰী বাজপেয়ীক দেশৰ ইতিহাসৰ অন্যতম সফল প্ৰধানমন্ত্ৰী হিচাপে অভিহিত কৰি তেওঁ কয় যে, প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যকাল গ্ৰহণ কৰি থকা অৱস্থাত তেখেতে ‘সৰ্বশিক্ষা’, ‘প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক’ যোজনা আদিৰ দৰে জনহিতৈষী আঁচনিৰ সৃষ্টি কৰি সমাজৰ নিম্ন শ্ৰেণীৰ জনসাধাৰণৰ প্ৰকৃত উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছিল ।

লগতে পঢ়ক : বুধবাৰে অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশন

তদুপৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি বাজপেয়ীয়ে বহু পূৰ্বৰ পৰাই দায়ৱদ্ধতাৰে কাম কৰি গৈছিল । বাজপেয়ীৰ নেতৃতত্বত বিজেপিয়ে অসম আন্দোলনক সমৰ্থন জনাই ১৯৮৩ চনৰ অবৈধ নিৰ্বাচন বর্জন কৰিছিল । সেই সময়ত বাজপেয়ীই বহুবাৰ অসম ভ্ৰমণ কৰি অসমীয়াৰ দুখৰ সমভাগী হৈছিল ।

অনুষ্ঠানত অটল বিহাৰী বাজপেয়ীক সুঁৱৰি (Atal Bihari Vajpayee death anniversary) সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাই কয় যে, হিমালয় সদৃঢ় উচ্চ চিন্তা, সাগৰ সদৃঢ় বহল মনৰ অধিকাৰী স্বপ্নদ্ৰষ্টা অটল বিহাৰী বাজপেয়ীই অমূল্য কৰ্মৰ মাধ্যমেৰে দেশ মাতৃলৈ যি অৱদান আগবঢ়াই গৈছে, তাক প্ৰতিজন ভাৰতীয়ই চিৰদিন মনত ৰাখিব ।

মঙলবাৰে আয়োজিত এই সভাত সাংসদ কুইন ওজা, মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকা, জ্যেষ্ঠ নেতা প্ৰদীপ ঠাকুৰীয়াৰ লগতে দলৰ কাৰ্যকৰ্তাসকল উপস্থিত আছিল । উল্লেখ্য যে, অটল বিহাৰী বাজপেয়ীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আজি ৰাজ্যিক বিজেপিৰ ৪০ খন সাংগঠনিক জিলাৰ লগতে বুথ আৰু মণ্ডল পৰ্যায়ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হয় ।

লগতে পঢ়ক : গুৱাহাটীত ৰাজ্যৰ আইটিআইসমূহৰ উদ্ভাৱনী প্ৰকল্প পৰিদৰ্শন মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.