গুৱাহাটী,17 নৱেম্বৰ: মহানগৰীস্থিত পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপ উমানন্দত এতিয়া পৰ্যটনৰ বতৰ ৷ চাৰিওফালৰ পৰা মহাবাহুৰ বিশাল জলৰাশিয়ে আৱৰি ৰখা উমানন্দৰ নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰিবলৈ দ্বীপটোলৈ এতিয়া সোঁত বৈছে দেশী-বিদেশী পৰ্যটকৰ ৷ কিন্তু বিগত বছৰৰবোৰৰ দৰে নহয় এইবাৰ উমানন্দ, সকলো থাকিও এক উকা উকা পৰিৱেশ৷ কিয়নো নদীদ্বীপটোৰ পৰা হঠাৎ নোহোৱা হ'ল বিগত কেইবাবছৰৰ পৰা পৰ্যটকৰ দৃষ্টি আৰ্কষণ কৰা 7টাকৈ সোণালী বান্দৰ ৷ 7টা সোণালী বান্দৰৰ 2টাৰ ইতিমধ্যে স্বাস্থ্যজনিত কাৰণত মৃত্যু হৈছে ৷ কি হল বাকী থকা বিলুপ্তিপ্ৰায় সোণালী বান্দৰকেইটাৰ ৷ হঠাৎ কিয় এইদৰে ৰহস্যজনক ভাৱে উমানন্দৰ পৰা নোহোৱা হৈ পৰিল সোণালী বান্দৰ কেইটা? এইয়া বৰ্ধিত পৰিৱেশ ধংসৰ ফলাফল নেকি? এই সকলোখিনি সামৰি চাও আহক আমাৰ এক বিশেষ প্ৰতিবেদন ৷
আৰু পঢ়ক: বনকৰ্মীৰ গুলীত আহত তিনিজন নিৰীহ লোক