ETV Bharat / city

Amit Shah in Assam: গুৱাহাটীত 144 ধাৰা জাৰি - কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

গুৱাহাটী মহানগৰীত বলৱৎ 144 ধাৰা ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনে গ্ৰহণ কৰিছে এই পদক্ষেপ (Section 144 imposed in Guwahati) ৷ 144 জাৰী হৈ থকাৰ সময়চোৱাত গুৱাহাটীৰ সমগ্ৰ পূৱ আৰক্ষী জিলাত 5 জনতকৈ অধিক লোকৰ সমাবেশ, আন্দোলন, প্ৰদৰ্শন, শোভাযাত্ৰা আৰু শ্ল'গান আদি নিষিদ্ধ কৰা হৈছে ৷

Amit Shah in Assam
Amit Shah in Assam
author img

By

Published : May 9, 2022, 4:44 PM IST

গুৱাহাটী, 9 মে’: দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ (Amit Shah in Assam) ৷ মূলতঃ হিমন্ত চৰকাৰৰ বৰ্ষপূৰ্তি অনুষ্ঠানত অংশ লোৱাৰ বাবেই অসমলৈ আহিছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী (Anniversary of Himanta government)৷ দেওবাৰে নিশা অসমত উপস্থিত হোৱা গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে দিনৰ ভাগত কেইবাটাও অনুষ্ঠানত অংশ গ্ৰহণ কৰে ৷ অমিত শ্বাহৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে ইতিমধ্য়ে কামৰূপ মহানগৰ জিলা প্ৰশাসনে গুৱাহাটীত বলৱৎ কৰিছে 144 ধাৰা(Section 144 imposed in Guwahati) ৷

Amit Shah in Assam
গুৱাহাটীত 144 ধাৰা জাৰি

গুৱাহাটীৰ পূৱ আৰক্ষী জিলাৰ উপ-আৰক্ষী আয়ুক্ত সুধাকৰ সিঙে শেহতীয়াভাৱে ফৌজদাৰী বিধিৰ ১৪৪ ধাৰা জাৰি কৰিছে গুৱাহাটীত । ১৪৪ ধাৰাৰ জৰিয়তে গুৱাহাটীৰ কিছু অংশত ৫ জনতকৈ অধিক লোক একগোট হোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । উপ আৰক্ষী আয়ুক্ত সুধাকৰ সিঙে ফৌজদাৰী প্ৰক্ৰিয়া বিধিৰ ধাৰা 144 ৰ অধীনত গুৱাহাটীৰ সমগ্ৰ পূৱ আৰক্ষী জিলাত 5 জনতকৈ অধিক লোকৰ সমাবেশ, আন্দোলন, প্ৰদৰ্শন, শোভাযাত্ৰা আৰু শ্ল'গান নিষিদ্ধ কৰে ।

লগতে কৰ্তৃপক্ষৰ আগতীয়া অনুমতি অবিহনে গুৱাহাটীৰ পূৱ আৰক্ষী জিলাৰ অন্তৰ্গত দিছপুৰ, ভঙাগড়, বশিষ্ঠ, হাতীগাঁও, সোণাপুৰ আৰু ক্ষেত্ৰী থানা এলেকাত সামৰি লৈ এই ধাৰা বলৱৎ কৰা হৈছে । সংশ্লিষ্ট থানা এলেকাত অনিৰ্দিষ্ট সময়লৈ এই ধাৰা বলবৎ কৰা হৈছে ।

লগতে পঢ়ক : মঙলবাৰে ডেৰ লাখ লোকৰ উপস্থিতিত হিমন্ত চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.