ETV Bharat / city

নপতা মেট্ৰিকৰ ফলাফল ঘোষণা : উৰ্ত্তীৰ্ণৰ হাৰ ৯৩.১০ শতাংশ - মেট্ৰিকৰ ফলাফল ঘোষণা

শুকুৰবাৰে ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল সমূহ ৷ ক’ভিড পৰিস্থিতিৰ বাবে পৰীক্ষা অনুষ্ঠিত নোহোৱাকৈ বিকল্প মূল্যাংকনৰ পদ্ধতিৰে এইবাৰৰ ফলাফল সমূহ ঘোষণা কৰা হৈছে ৷

seba-declared-hslc-result-with-a-record-of-total-93-dot-10-persent-candidates-passed
অভিলেখ সংখ্যক 93.10 শতাংশ উত্তীৰ্ণৰ হাৰ: ঘোষণা কৰা হ’ল মেট্ৰিকৰ ফলাফল
author img

By

Published : Jul 30, 2021, 11:01 AM IST

Updated : Jul 30, 2021, 11:57 AM IST

গুৱাহাটী, 30 জুলাই : অৱশেষত, 30 জুলাই শুকুৰবাৰে ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল সমূহ ৷ মুঠ 14 টা ৱেবচাইটত উপলব্ধ হৈছে এইবাৰৰ ফলাফল ৷ ৱেবচাইটৰ পৰাই মাৰ্কশ্বীট সংগ্ৰহ কৰিব পাৰিব পৰীক্ষাৰ্থীয়ে ৷

এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষা(HSLC)ত অৱতীৰ্ণ হ’বলৈ মুঠ 4,26,553 গৰাকী পৰীক্ষাৰ্থীয়ে আৱেদন(candidate applied for) জনাইছিল ৷ ইয়াৰে 3,97,132 গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে ৷ উত্তীৰ্ণৰ হাৰ 93.10 শতাংশ ৷ উত্তীৰ্ণ হোৱা সকলৰ ভিতৰত 92.90 শতাংশ ছাত্ৰী হোৱাৰ বিপৰীতে 93.34 শতাংশ ছাত্ৰ ৷

ইয়াৰে মুঠ 88,521 গৰাকী ছাত্ৰ-ছাত্ৰী এইবেলি প্ৰথম বিভাগ(first division)ত উত্তীৰ্ণ হৈছে ৷ দ্বিতীয় বিভাগ(second division)ত উত্তীৰ্ণ হৈছে 1,60,298 গৰাকী পৰীক্ষাৰ্থী ৷ আনহাতে, তৃতীয় বিভাগ(third division)ত উত্তীৰ্ণ হৈছে মুঠ 148313 গৰাকী ছাত্ৰ-ছাত্ৰী ৷

পৰীক্ষাৰ্থীসকলে পৰীক্ষাৰ ফলাফল কেইবাটাও ৱেবচাইট (Website)ত লাভ কৰাৰ লগতে উক্ত ৱেবচাইট কেইটাৰ পৰা মাৰ্কশ্বিট (Marksheet) ডাউনলোড (Download) কৰি ল’ব পাৰিব । ইয়াৰে ভিতৰত কেইটামান ৱেবচাইট হ’ল- sebaonline.org, resutassam.nic.in, exametc.com, results.net, vidyavission.com, indiaresult.com, assamresults.in, jagaranjosh.com, schools9.com, assamjobalert.com, ahsec.assam.govt.in আৰু necarrier.com ৷

নপতা মেট্ৰিকৰ ফলাফল ঘোষণা

এইবাৰ 20,092 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ষ্টাৰ নম্বৰ লাভ কৰাৰ বিপৰীতে 10,348 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ডিষ্টংছন লাভ কৰিছে ৷ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ছাত্ৰ-ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰে অভিলেখ গঢ়িছে ৷ সমগ্ৰ ৰাজ্যৰ ভিতৰত বিশ্বনাথ জিলাত সৰ্বাধিক 99.40 শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে ৷ ইয়াৰ বিপৰীতে 83.49 শতাংশ ছাত্ৰ-ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰৰ সৈতে হোজাই জিলাই সৰ্বনিম্ন স্থান দখল কৰিছে ৷

উল্লেখ্য যে, যদি প্ৰাপ্ত নম্বৰৰ ক্ষেত্ৰত কোনো শিক্ষাৰ্থীৰ সন্দেহ থাকে তেন্তে পৰৱৰ্তী সময়ত "ছেবা"ই অনুষ্ঠিত কৰিব লগীয়া বিশেষ পৰীক্ষাত সুকীয়াকৈ অৱতীৰ্ণ হ’ব পাৰিব । তেতিয়া শুকুৰবাৰে ঘোষিত ফলাফল আৰু মাৰ্কশ্বীট সেই শিক্ষাৰ্থীৰ বাবে বৈধ নহ’ব । এই কথা মাধ্যমিক শিক্ষা পৰিষদ(Board of Secondary Education Assam) চমুকৈ ছেবা(SEBA) কৰ্তৃপক্ষই ৰাজহুৱা কৰিছে ৷

ক’ভিড পৰিস্থিতিৰ বাবে পৰীক্ষাৰ মূল্যাংকনৰ পদ্ধতি(marking system) সলনি হোৱাত এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষা সংক্ৰান্তীয় বিষয়টোৱে যথেষ্ট চৰ্চা লাভ কৰিছিল ৷ বিভিন্ন দল সংগঠন আৰু শিক্ষাবিদৰ সৈতে চৰকাৰ তথা ছেবা(SEBA) কৰ্তৃপক্ষই আলোচনা কৰি নিৰ্ণয় কৰা পদ্ধতি মতে অৱশেষত পৰীক্ষা অনুষ্ঠিত নোহোৱাকৈ বিকল্প মূল্যাংকনৰ পদ্ধতিৰে এইবাৰৰ ফলাফল সমূহ ঘোষণা কৰা হৈছে ৷

লগতে পঢ়ক : মুখ্য়মন্ত্ৰীক মিজোৰামৰ বিৰুদ্ধে সবল স্থিতি গ্ৰহণৰ আহ্বান এ আই ইউ ডি এফৰ

Last Updated : Jul 30, 2021, 11:57 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.