ETV Bharat / city

"গৰ্গ চেটাৰ্জীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাত ব্যৰ্থ সৰ্বা চৰকাৰ"-দেৱব্ৰত শইকীয়া

author img

By

Published : Jun 23, 2020, 9:52 AM IST

আহোম সম্পৰ্কত আপত্তিজনক মন্তব্য কৰা পশ্চিম বংগৰ গৰ্গ চেটাৰ্জীক শাস্তি প্ৰদানত ব্যৰ্থ সৰ্বানন্দ চৰকাৰ ৷ এই মন্তব্য বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ৷

বিৰোধী দলপতি দেৱব্ৰত শইকীয়া
"গৰ্গ চেটাৰ্জীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাত ব্যৰ্থ সৰ্বা চৰকাৰ"-দেৱব্ৰত শইকীয়া

গুৱাহাটী, 23 জুন : আহোম স্বৰ্গদেউ চাওলুং চুকাফা তথা আহোম সকলৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা পশ্চিমবংগৰ গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰিবৰ বাবে পশ্চিমবংগলৈ অসম আৰক্ষী প্ৰেৰণ কৰিও ব্যৰ্থ হ'ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ বৰ্তমান পৰ্যন্ত পশ্চিমবংগৰ পৰা গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে সোণোৱাল চৰকাৰ ৷

ইয়াৰ পাচতে ৰাজ্যত বিভিন্ন মহলে সৰ্বানন্দ সোণোৱাল চৰকাৰক সমালোচনা কৰি আহিছে ৷ এই সম্পৰ্কত বৰ্তমান বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই নিজৰ প্ৰতিক্ৰিয়া আগবঢ়াইছে ৷ তেওঁ কয়,"কিছুদিন পূৰ্বে গৰ্গ চেটাৰ্জী নামৰ পশ্চিমবংগৰ ব্যক্তি এজনে আহোম সকলৰ স্বৰ্গদেউ চাওলুং চুকাফা তথা আহোম সকলৰ বিৰুদ্ধে যি কটু মন্তব্য আগবঢ়াইছিল সেয়া দুৰ্ভাগ্যজনক আৰু ৰাজ্যৰ শান্তি সম্প্ৰীতি বিনষ্ট কৰিব পৰা মন্তব্য ।"

"অসম চৰকাৰে আজিলৈকে গৰ্গ চেটাৰ্জীক আইনৰ আওতালৈ আনি কঠোৰভাৱে শাস্তি প্ৰদান কৰাত ব্যৰ্থ হ'ল । জাতি-মাটি-ভেটিৰ ধ্বনিৰে চৰকাৰ গঠন কৰা সোণোৱাল চৰকাৰে আহোমসকলৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য আগবঢ়োৱা গৰ্গ চেটাৰ্জীৰ বিৰুদ্ধে কিয় কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই ?" এজন আহোম হিচাপে চৰকাৰৰ এই বিফলতাই মোকো বাৰুকৈ আঘাত দিছে বুলি চৰকাৰৰ ভূমিকাত ক্ষোভ প্ৰকাশ কৰে দেৱব্ৰত শইকীয়াই ।

মুখ্যমন্ত্ৰী মহোদয়ে ৰাইজৰ আবেগ জয় কৰিবলৈ প্ৰথমে ছ'চিয়েল মিডিয়া তথা ৰাজহুৱাভাৱে গৰ্গ চেটাৰ্জীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা প্ৰকাশ কৰিলেও কৰ্মত তেওঁ নিজেই প্ৰশাসনক বাধা দিয়া যেনহে এতিয়া মোৰ অনুভৱ হৈছে বুলি সন্দেহ প্ৰকাশ কৰে শইকীয়াই ৷ লগতে তেওঁ কয় যে,মুখ্যমন্ত্ৰীয়ে যদি গোপনে গৰ্গ চেটাৰ্জীৰ ঠিকনা প্ৰশাসনক দিলেহেতেন তেন্তে আজি তেওঁ আৰক্ষী প্ৰশাসনৰ হাতত পৰিলেহেতেন । কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে কাৰ্য সম্পূৰ্ণ নকৰাকৈয়ে আগতীয়াকৈ সকলোৰে প্ৰশংসা বুটলিবৰ বাবে জাতীয় সংবেদন জড়িত হৈ থকা বিষয় এটাত আপোচ কৰিলে ৷ ইয়াৰ বাবে তেওঁ সমগ্ৰ আহোম জনজাতিৰ ওচৰত ক্ষমা প্ৰাৰ্থনা জনাওক বুলিও দাবী কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই । উল্লেখ্য যে,গৰ্গ চেটাৰ্জীয়ে আহোমৰ বিৰুদ্ধে এনে বিৰূপ মন্তব্য কৰাৰ পাচতে সদৌ অসম আইন ছাত্ৰ সন্থাই পানবজাৰ থানাত এখন এজাহাৰ দাখিল কৰিছিল ।

লগতে পঢ়ক : COVID-19ৰ ফলত সংকটাপন্ন 55 মিলিয়ন ঘৰুৱা কৰ্মীৰ জীৱিকা : ILO

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.