গুৱাহাটী, 17 মাৰ্চ : সমস্যাই লগ এৰা নাই বিতৰ্কিত আৰটিআই কর্মী দুলাল বৰাক ৷ আদালতৰ নিৰ্দেশ অৱমাননা কৰি নতুন সমস্যাৰ সন্মুখীন হ'ল দুলাল বৰা ৷ প্ৰশাসনে দুবাৰকৈ জাননী প্ৰেৰণ কৰাৰ পাচতো গুৰুত্ব নিদিয়াত কইনাধৰাস্থিত ভাড়া দোকানসমূহ ইখনৰ পাচত সিখন ভাঙি পেলায় মহানগৰ জিলা প্ৰশাসনে ৷
![আৰ টি আই কর্মী দুলাল বৰা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-02-dulal-bora-house-visbite-7201051_17032020145642_1703f_01257_1008.jpg)
চৰকাৰী মাটি অবৈধভাৱে দখল কৰি দুলাল বৰাই নিৰ্মান কৰা এই দোকানসমূহত উঠাই ল'বলৈ আদালতে দুবাৰকৈ জাননী প্ৰেৰণ কৰিছিল ৷ কিন্তু আদালতৰ নিৰ্দেশক কোনো গুৰুত্ব প্ৰদান নকৰা বাবে অবৈধ দোকানসমূহ উচ্ছেদ কৰা হয় ৷ কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ লোক আৰু আৰক্ষীৰ দল উপস্থিত হৈ মঙলবাৰে জেচিবিৰে দোকানসমূহ ভাঙি পেলায় ৷
উল্লেখ্য যে, কিছুদিন পূৰ্বে আৰটিআইৰ জৰিয়তে মানুহক ব্লেকমেইলিং কৰি সম্পত্তিৰ পাহাৰ গঢ়া দুলাল বৰাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৷ বৰ্তমানে এইগৰাকী বিতৰ্কিত আৰটিআই কর্মী দুলাল বৰা কাৰাগাৰৰ আলহী ৷
আৰু পঢ়ক : গুৱাহাটীত আটক তিনিগৰাকীকৈ ইৰাণী দলৰ সদস্য