ETV Bharat / city

বিজেপিৰ সভাপতিৰ আসনক লৈ কি মন্তব্য কৰিলে বিধায়ক ভৱেশ কলিতাই ? - ভৱেশ কলিতা

সভাপতি নহয়, দলে যি দায়িত্ব দিয়ে সেয়া নিষ্ঠাৰে পালন কৰিবলৈ সাজু প্ৰাক্তন মন্ত্ৰী তথা ৰঙিয়াৰ সমষ্টিৰ বিধায়ক ভৱেশ কলিতা ৷

rangia mla bhabesh kalita comment on bjp state president selection
বিজেপিৰ সভাপতিৰ আসনক লৈ কি মন্তব্য কৰিলে বিধায়ক ভৱেশ কলিতাই ?
author img

By

Published : Jun 5, 2021, 4:49 PM IST

ৰঙিয়া, 5 জুন : বিজেপিৰ সভাপতিৰ আসনক লৈ ৰঙিয়াত বিধায়ক ভৱেশ কলিতাই আগবঢ়ালে মন্তব্য । সভাপতি নহয়, দলে যি দায়িত্ব দিয়ে সেয়া নিষ্ঠা সহকাৰে পালন কৰিবলৈ সাজু প্ৰাক্তন মন্ত্ৰী তথা ৰঙিয়াৰ সমষ্টিৰ বিধায়ক ভৱেশ কলিতা । সাংবাদিকৰে সৈতে হোৱা এক কথোপকথনত বিজেপিৰ জ্যেষ্ঠ নেতা ভৱেশ কলিতাই এইদৰে মন্তব্য কৰে ।

বিজেপিৰ সভাপতিৰ আসনক লৈ কি মন্তব্য কৰিলে বিধায়ক ভৱেশ কলিতাই ?

উল্লেখ্য যে, বৰ্তমানৰ বিজেপি সভাপতি ৰনজিৎ কুমাৰ দাসে মন্ত্ৰীত্ব লাভ কৰাৰ পাছত নতুন সভাপতিক লৈ ব্যপক চৰ্চা আৰম্ভ হৈছে বিজেপিৰ ভিতৰচ’ৰাৰ লগতে ৰাজ্যৰ ৰাজনীতিত ৷ তাৰ মাজতে চৰ্চালৈ আহিছে ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাৰ নাম ।

ইফালে, লংকাৰ উদালীত চিকিৎসকৰ ওপৰত হোৱা বৰ্বৰ আক্ৰমণৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে দোষীক দৃষ্টান্তমূলক শাস্তিৰ দাবী কৰিলে ভৱেশ কলিতাই । দোষীসকলে যাতে কোনো সুৰুঙা লৈ হাত হাৰিব নোৱাৰে তাৰ বাবে অভিযুক্তসকলৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক আদালতত হব লাগে বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷

লগতে পঢ়ক : জীৱনৰ দুটা দশক পৰিৱেশ সজাগতাৰ বাবে উচৰ্গিত কৰা ব্যক্তিজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.