ETV Bharat / city

ভোটগণনাৰ বাবে সাজু ৰঙিয়া প্ৰশাসন - assam election vote counting

৫৭ নং ৰঙিয়া আৰু ৫৬ নং কমলপুৰ সমষ্টিৰ ভোটগণনাৰ বাবে সাজু হৈছে ৰঙিয়া মহকুমা প্ৰশাসন ৷ ৰঙিয়া সমষ্টিত ৮ গৰাকী আৰু কমলপুৰ সমষ্টিত ৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী হৈছে ইভিএম মেচিনত ৷

ভোটগণনাৰ বাবে সাজু ৰঙিয়াৰ প্ৰশাসন
ভোটগণনাৰ বাবে সাজু ৰঙিয়াৰ প্ৰশাসন
author img

By

Published : Apr 30, 2021, 4:05 PM IST

ৰঙিয়া, 30 এপ্ৰিল : ক’ভিড-19 মহামাৰীৰ মাজতে অসমত ২ মে'ত হ’ব বহু প্ৰত্যাশিত বিধানসভা নিৰ্বাচনৰ ভোটগণনা । ৰাজ্যৰ আন আন বিধানসভা সমষ্টিৰ দৰে ৫৭ নং ৰঙিয়া আৰু ৫৬ নং কমলপুৰ সমষ্টিৰ ভোটগণনাৰ বাবে প্ৰস্তুত হৈছে ৰঙিয়া মহকুমা প্ৰশাসন । ক’ভিডৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন আয়োগে জাৰি কৰা এছ‌ অ পিৰ মতে ভোটগণনা অনুষ্ঠিত কৰা হ’ব ।

ভোটগণনাৰ বাবে সাজু ৰঙিয়াৰ প্ৰশাসন

জিলা নিৰ্বাচন বিষয়া তথা মহকুমাধিপতি স্বপ্নীল পালে জানিবলৈ দিয়া মতে, ভোটগণনাৰ লগত জড়িত সকলো ব্যক্তিয়ে ক’ভিড পৰীক্ষা কৰিব লাগিব । ক’ভিড পৰীক্ষা নকৰাকৈ ভোটগণনা কেন্দ্ৰত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব । লগতে মাস্ক, ফেচ চিল্ড আৰু ছেনিটাইজাৰ লগোৱাটো বাধ্যতামূলক বুলি মহকুমাধিপতি গৰাকীয়ে জানিবলৈ দিয়ে ৷ প্ৰশাসনৰ ফালৰ পৰা প্ৰয়োজন সাপেক্ষে পি পি ই কিট পৰ্যন্ত যোগান ধৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে ৷

২ মে'ত পুৱা ৭ বজাৰ পৰা ভোটগণনা আৰম্ভ হ’ব আৰু কেৱল কৰ্তৃত্বপ্ৰাপ্ত লোক সকলহে ভোটগণনা হলত থাকিব পাৰিব । ৰঙিয়া আৰু কমলপুৰ সমষ্টিৰ বাবে মুঠ ৬ টা হলত ভোটগণনা হ’ব । এটা হলত ৭ খনকৈ মুঠ ৪২ খন টেবুল থাকিব । আনহাতে ফলাফল ওলোৱাৰ পাচত বিজয়ী প্ৰাৰ্থীয়ে কোনোধৰণৰ ৰেলী বা সভা পাতিব নোৱাৰিব । উল্লেখ্য যে, ৰঙিয়া সমষ্টিৰ ৮ গৰাকী আৰু কমলপুৰ সমষ্টিৰ ৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য ইভিএম মেচিনত বন্দী হৈ আছে ৷

লগতে পঢ়ক : আজমলৰ বাসগৃহত মহাজোঁটৰ ইফতাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.