ETV Bharat / city

ব্যক্তিগতকৰণৰ বিৰুদ্ধে 8 ছেপ্টেম্বৰত দেশব্যাপী প্ৰতিবাদ ৰে'ল কৰ্মচাৰীৰ

author img

By

Published : Sep 2, 2020, 3:12 AM IST

ভাৰত চৰকাৰৰ ৰে'ল ব্যক্তিগতকৰণৰ বিৰুদ্ধে সমগ্ৰ দেশব্যাপী প্ৰতিবাদ সাব্যস্ত কৰিব ৰে'লৱে কৰ্মচাৰী পৰিষদে ৷ ইতিমধ্যে মালিগাঁৱস্থিত উত্তৰ-পূব সীমান্ত ৰে'লৱে কৰ্তৃপক্ষই সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছে ৷

ব্যক্তিগতকৰণৰ বিৰুদ্ধে 8 ছেপ্টেম্বৰত দেশব্যাপী প্ৰতিবাদ ৰে'ল কৰ্মচাৰীৰ
ব্যক্তিগতকৰণৰ বিৰুদ্ধে 8 ছেপ্টেম্বৰত দেশব্যাপী প্ৰতিবাদ ৰে'ল কৰ্মচাৰীৰ

গুৱাহাটী, 1 ছেপ্টেম্বৰ : মালিগাঁৱত পূৰ্বোত্তৰ সীমান্ত ৰে'লৱে কৰ্মচাৰী সংঘৰ জন সচেতনতা অভিযান কাৰ্যসূচী আৰম্ভ । ৰে'ল ব্যক্তিগতকৰণৰ বিৰুদ্ধে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্য আজিৰে পৰা আৰম্ভ কৰিছে এই কাৰ্যসূচীৰ । ৰে'ল ব্যক্তিগতকৰণ হ'লে সৰ্বসাধাৰণ কিদৰে অসুবিধাত পৰিব সেই সৰ্ম্পকে অসমৰ প্ৰতিটো প্ৰান্তৰ জনতাক অৱগত কৰিব সংস্থাটোৱে ।

ইফালে 150 খন ৰে'ল ব্যক্তিগতকৰণৰ প্ৰচেষ্টা ইতিমধ্যেই আৰম্ভ কৰিছে কেন্দ্ৰীয় চৰকাৰে । অহা 8 ছেপ্টেম্বৰত ইয়াৰ নিবিদা প্ৰক্ৰিয়াৰ অন্ত পৰিব । সেই দিনটোতে এক ৰাষ্ট্ৰজোৰা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ সিদ্ধান্ত লৈছে কেইবাটাও ৰে'ল কৰ্মচাৰী সংগঠনে । উক্ত দিনটো সংঘৰ্ষ দিৱসৰূপে পালন কৰিব পূৰ্বোত্তৰ সীমান্ত ৰে'লৱে কৰ্মচাৰী সংঘই । যাৰ বাবে এই সজাগতামূলক অভিযানৰে সাধাৰণ ৰাইজৰ সহযোগত চৰকাৰৰ বিৰুদ্ধে 8 ছেপ্টেম্বৰত ব্যাপক আন্দোলন গঢ়ি তুলিব ।

লগতে পঢ়ক : কোভিড-19ৰ ভয়াৱহতালৈ ভ্ৰূক্ষেপ নাই জনতাৰ,বজাৰত দেখা গ'ল ভয়ংকৰ দৃশ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.