ETV Bharat / city

'জনতা কাৰ্ফিউ': দেওবাৰে বন্ধ থাকিব ৰে'ল সেৱা - প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি ৰে’ল বিভাগৰ

প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি ৰে’ল বিভাগৰ ৷ জনতা কাৰ্ফিউৰ বাবে শনিবাৰৰ মাজ নিশাৰ পৰা বাতিল কৰাৰ সিদ্ধান্ত সকলো ৰে'ল সেৱা ৷

'জনতা কাৰ্ফিউ': দেওবাৰে বন্ধ থাকিব ৰে'ল সেৱা

author img

By

Published : Mar 21, 2020, 5:11 PM IST

নিউজ ডেস্ক, 21 মাৰ্চ: কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে দেওবাৰে 'জনতা কাৰ্ফিউ' পালন কৰিবলৈ দেশবাসীক আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ । প্ৰধানমন্ত্ৰীৰ এই আহ্বানক সঁহাৰি ৰে’ল বিভাগৰ । জনতা কাৰ্ফিউৰ বাবে শনিবাৰৰ মাজ নিশাৰ পৰাই ৰে’ল সেৱা বাতিল কৰাৰ সিদ্ধান্ত ৷ ইতিমধ্যেই সকলো স্থানীয় যাত্ৰীবাহী ৰে'ল বাতিল কৰাৰ সিদ্ধান্ত লৈছে উত্তৰ-পূৱ সীমান্ত ৰে'লৱে । পূৰ্বে প্ৰায় 50 খন ৰে'ল বাতিল কৰিছিল ৰে'ল বিভাগে ।

দেশৰ প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই দেওবাৰে সকলো স্থানীয় যাত্ৰীবাহী ৰে'লকে ধৰি প্ৰায় সংখ্যক দূৰণীবটীয়া ৰে'ল বাতিল কৰাৰ সিদ্ধান্ত লোৱাৰ কথা জানিবলৈ দিয়ে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই ।

দেওবাৰে বন্ধ থাকিব ৰে'ল সেৱা

ইফালে ৰে'ল পৰিসৰ সমূহত লোকৰ সমাগম নিষিদ্ধ কৰিছে ৰে'লৱে । ইয়াৰোপৰি মানুহৰ সমাগম ৰোধৰ বাবে প্লেটফৰ্মৰ টিকটৰ মূল্য যথেষ্ট হাৰত বৃদ্ধি কৰি দিছে ৰে'ল বিভাগে । পূৰ্বৰ 10 টকীয়া টিকট 50 টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে উত্তৰ-পূৱ সীমান্ত ৰে'লৱে ।

আনহাতে বৃদ্ধ লোকৰ যাত্ৰাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰিছে ৰে'ল বিভাগে । মুঠৰ ওপৰত কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে ব্যাপক সতৰ্কতা অৱলম্বন কৰিছে ৰে'ল বিভাগে ।

ৰাজ্যজুৰি কৰ'ণাৰ আতংকঃপ্ৰান্তে প্ৰান্তে সজাগতা চৰকাৰ, প্ৰশাসন তথা ব্যক্তিবিশেষৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.