ETV Bharat / city

ৰাইজৰ দলে উন্মোচন কৰিলে বিজেপিৰ ভুৱা প্ৰতিশ্ৰুতি

গুৱাহাটীত ৰাইজৰ দলৰ সংবাদমেল ৷ সংবাদমেলত উন্মোচন কৰা হ'ল বিজেপিৰ ভুৱা প্ৰতিশ্ৰুতি শীৰ্ষক পত্ৰিকা ৷ শাসকীয় দলক কটাক্ষ ৰাইজৰ দলৰ সভাপতি গৰাকীয়ে ৷

author img

By

Published : Jan 22, 2021, 3:56 PM IST

Updated : Jan 22, 2021, 7:46 PM IST

raijor-dol-press-meet-at-guwahati
ৰাইজৰ দলে উন্মোচন কৰিলে বিজেপিৰ ভুৱা প্ৰতিশ্ৰুতি

নিউজ ডেস্ক, 22 জানুৱাৰী : ৰাইজৰ দলৰ সভাপতি তথা সদ্য কাৰাবন্দী কৃষক নেতা অখিল গগৈয়ে কাৰাগাৰতে সম্পাদনা কৰি উলিয়াইছে বিজেপিৰ ভুৱা প্ৰতিশ্ৰুতি শীৰ্ষক এখন পত্ৰিকা ৷ শুকুৰবাৰে উন্মোচন কৰা হয় এই সমীক্ষামূলক পত্ৰিকাখন ৷ বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি দিয়া অনুসৰি কি কি কৰিলে আৰু নকৰিলে তাৰেই এক বৰ্ণনা দাঙি ধৰা হৈছে এই পত্ৰিকাত ৷ এক সংবাদমেল যোগে পত্ৰিকাখন উন্মোচন কৰে ৰাইজৰ দলৰ সভাপতি ভাস্কো ডি শইকীয়াই ৷

সংবাদ মেলত ভাস্কো ডি শইকীয়াই কয় যে, 476 টা প্ৰতিশ্ৰুতিৰ ভিতৰত মাত্ৰ 5 টা প্ৰতিশ্ৰুতিহে পূৰণ কৰিলে চৰকাৰে ৷ ইয়াৰে 46 টা প্ৰতিশ্ৰুতি আংশিক পূৰণ হৈছে ৷ লগতে, 425 টা প্ৰতিশ্ৰুতি চৰকাৰে স্পৰ্শই নকৰিলে বুলিও অভিযোগ তোলে ৷ তাৎপৰ্যপূৰ্ণভাৱে 17 টা প্ৰতিশ্ৰুতিৰ বিপৰীত স্থিতিহে বিজেপিয়ে গ্ৰহণ কৰিলে বুলি আন এক অভিযোগ কৰে ৷

সভাপতি ভাস্কো ডি শইকীয়াৰ মন্তব্য

লগতে পঢ়ক : পীযুষ হাজৰিকাৰ মন্তব্যই চিন্তাত পেলাইছে বিজেপিৰ সংখ্যালঘু নেতাক

তেওঁলোকে আৰু কয় যে, ভিজন ডকুমেণ্টত উল্লেখ কৰা প্ৰতিশ্ৰুতি পূৰণৰ বাবে বিজেপিক 471 বছৰ লাগিব বুলিও কটাক্ষ কৰে ৷ প্ৰতিশ্ৰুতি পূৰণৰ হাৰ মাত্ৰ 1.06 শতাংশ বুলিও সদৰি কৰে ৷ ইয়াৰে আংশিক প্ৰতিশ্ৰুতি পূৰণৰ হাৰ 9.66 শতাংশ ৷ প্ৰতিশ্ৰুতি স্পৰ্শ নকৰাৰ হাৰ 89.29 শতাংশ ৷ প্ৰতিশ্ৰুতিৰ বিপৰীত স্থিতি গ্ৰহণৰ হাৰ 3.57 শতাংশ বুলি মন্তব্য কৰে ৰাইজৰ দলৰ নেতৃত্বই ৷

ভিজন ডকুমেণ্টৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰাৰ বাবে হিন্দু-মুছলমানৰ ৰাজনীতি কৰিবলগীয়া হৈছে বিজেপি ৷ মোগলৰ আক্ৰমণ, সভ্যতাৰ যুঁজ, শৰাইঘাটৰ শেষ ৰণ, আদি পৰিভাষা ব্যৱহাৰ কৰি ভোটাৰৰ কাষলৈ যাবলৈ বাধ্য হৈছে দলটোৱে ৷ ইয়াৰ লগতে, বিজেপিৰ লগতে এআইইউডিএফ চৰকাৰকো সমালোচনা ৰাইজৰ দলৰ নেতৃত্বৰ ৷ এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলে ৰাইজৰ দললৈ মিত্ৰতাৰ ক্ষেত্ৰত আগবঢ়োৱা আহ্বানৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভাস্কো ডি শইকীয়াই কয়, বিজেপি আৰু এআইএউডিএফে সাম্প্ৰদায়িক ৰাজনীতি কৰি আহিছে । তেনে কোনো সাম্প্ৰদায়িক ৰাজনীতি দলৰে মিত্ৰতা ৰাইজৰ দলে নকৰে । ইফালে, নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈক সমালোচনা কৰি নগাঁৱৰ সাংসদ হ’বলৈ অহাৰ দিনাই এআইউডিএফৰ বোকোচাত উঠিছিল বুলি মন্তব্য কৰে নেতাগৰাকীয়ে ।

লগতে পঢ়ক : কৰ্ণাটকৰ শিলৰ কুৱেৰীত বিস্ফোৰণ : নিহত 8 জন শ্ৰমিক

Last Updated : Jan 22, 2021, 7:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.