ETV Bharat / city

ৰাজহুৱা খণ্ড ধ্বংসকাৰী ঠিকাদাৰৰ ভূমিকাত মুখ্য়মন্ত্ৰী: ৰাইজৰ দল - Pawan Hans limited

ৰাজহুৱা খণ্ডৰ সম্পত্তি পুঁজিপতিক বিক্ৰী কৰি দেশৰ অৰ্থনীতি গতাই দিয়াৰ চক্ৰান্ত ৰচনা কৰিছে বিজেপি চৰকাৰে । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰি ৰাইজৰ দলৰ নেতা দুজনে কয় যে মুখ্যমন্ত্ৰীয়ে ভাৰতীয় সংবিধানৰ প্ৰস্থাৱনাত উল্লেখিত সমাজবাদ শব্দক উলাই কৰি সংবিধানক অপমান কৰিবলৈও কুণ্ঠাবোধ কৰা নাই ৷

ৰাজহুৱা খণ্ড ধ্বংসকাৰী ঠিকাদাৰৰ ভূমিকাত মুখ্য়মন্ত্ৰী: ৰাইজৰ দল

author img

By

Published : Sep 15, 2022, 4:40 PM IST

গুৱাহাটী, 15 ছেপ্টেম্বৰ: নামৰূপ সাৰ কাৰখানাক (BVFCL Namrup) ব্যক্তিগত খণ্ডক গতাই দিবলৈ কেন্দ্ৰীয় চৰকাৰে লোৱা সিদ্ধান্ত তৎকালে প্ৰত্যাহাৰ কৰিবলৈ সকীয়াই দিছে "ৰাইজৰ দল"এ ৷

বৃহস্পতিবাৰে ৰাইজৰ দলৰ (Raijor Dal) মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত ভাগ লৈ দলটোৰ তথ্য আৰু প্ৰচাৰ সম্পাদক দেবাংগ সৌৰভ গগৈ অৰু প্ৰণব ডেকাই কয় যে ২০১৬ চনৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজহুৱা খণ্ডৰ উদ্যোগ সমূহৰ ধ্বংস লীলা চলাই গৈছে । অসমত ইয়াৰ "ঠিকাদাৰ" হিচাপে ভাগ লৈছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।

ৰাজহুৱা খণ্ড ধ্বংসকাৰী ঠিকাদাৰৰ ভূমিকাত মুখ্য়মন্ত্ৰী: ৰাইজৰ দল

নেতাদ্বয়ে আৰু কয় যে ৰাজহুৱা খণ্ডৰ সম্পত্তি পুঁজিপতিক বিক্ৰী কৰি দেশৰ অৰ্থনীতি গতাই দিয়াৰ চক্ৰান্ত ৰচনা কৰিছে বিজেপি চৰকাৰে । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক (CM Himanta Biswa তীব্ৰ সমালোচনা কৰি ৰাইজৰ দলৰ নেতা দুজনে কয় যে মুখ্যমন্ত্ৰীয়ে ভাৰতীয় সংবিধানৰ প্ৰস্থাৱনাত উল্লেখিত সমাজবাদ শব্দক উলাই কৰি সংবিধানক অপমান কৰিবলৈও কুণ্ঠাবোধ কৰা নাই ৷

IDBI বেংক , Pawan Hans limited, BPCL, NEEPCO আৰু Air India বিক্ৰী কৰাৰ গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বিজেপি চৰকাৰ । নামৰূপ সাৰ কাৰখানাও ব্যক্তিগত খণ্ডক গতাই দিয়াৰ চক্ৰান্ত কৰি আছে চৰকাৰে । ২০২২-২৩ বৰ্ষত ৬৫ হাজাৰ কোটি টকা আহৰণৰ চেষ্টা চলাইছে চৰকাৰে । নামৰূপ 2 আৰু নামৰূপ 3 ৰ বাবে অহা ১০০ কোটি টকাৰ সৎ ব্যৱহাৰ নোহোৱাৰ অভিযোগ তোলে ৰাইজৰ দলে ৷

লগতে পঢ়ক: নামৰূপ সাৰ কাৰখানা বিক্ৰীৰ সিদ্ধান্ত: জয়পুৰ ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.